খোদিয়াৰ
খোদিয়াৰ | |
---|---|
সম্পৰ্ক | দেৱী, শক্তি |
অস্ত্ৰ | ত্ৰিশূল |
পিতৃ-মাতৃ | মামদিয়া গধৱী |
আসন/বাহন | ঘঁৰিয়াল |
খোদিয়াৰ (ইংৰাজী: Khodiyar) ভাৰতৰ গুজৰাট আৰু ৰাজস্থান ৰাজ্যত পূজা কৰা এগৰাকী হিন্দু লোকদেৱী৷[1]
কিংবদন্তি
[সম্পাদনা কৰক]শ্ৰী খোদিয়াৰমাতা আখ্যান
[সম্পাদনা কৰক]অষ্টম শতিকাৰ শেষৰ ফালে মৈত্ৰক সাম্ৰাজ্যৰ বল্লভীৰ ৰাজধানীৰ ওচৰত মামদিয়া গধৱী নামৰ এজন চাৰণ বাস কৰিছিল। ৰজাৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল যদিও তেওঁৰ কোনো সন্তান নাছিল। ৰাজ্যৰ বণিকসকলে মামাদিয়াক ঈৰ্ষা কৰিছিল, সেয়েহে তেওঁলোকে ৰাজ পুৰোহিতক “বন্ধ্যা মানুহক দেখিলে নিজেও বন্ধ্যা হোৱাৰ আশংকা থাকে” বুলি ৰাণীক ক’বলৈ প্ৰৰোচিত কৰিলে। এইদৰে বুদ্ধি কৰি ৰাণী সহযোগত ৰজাৰ দ্বাৰা সেই লোকজনক ৰাজদৰবাৰৰ পৰা বহিষ্কাৰ কৰা হৈছিল।[2]
তাৰ পিছত মামাদিয়াই দেশৰ প্ৰান্তৰত থকা এটা শিৱ মন্দিৰলৈ গৈ সন্তান লাভ কৰিবৰ বাবে উপবাস আৰু প্ৰাৰ্থনা কৰে। অষ্টম দিনৰ দিনা শিৱ আৱিৰ্ভাব হৈ মামাদিয়াক সাত কন্যা আৰু এজন পুত্ৰ প্ৰদান কৰে। কেইবাবছৰৰ পাছত ছোৱালীকেইজনীয়ে এটা পাহাৰত খেলি থাকোঁতে হঠাতে তেজৰ পিয়াহ আৰু ম’হৰ মাংসৰ খাবলৈ তীব্ৰ হেঁপাহ জাগে। ছোৱালীকেইজনীয়ে দৌৰি তললৈ নামি আহি আটাইতকৈ ডাঙৰ ম’হটোক মাৰি তাৰ মাংস আৰু তেজ খাবলৈ ধৰিলে। এইদৰে সেই ছোৱালীকেইজনীয় অধিক ম'হ খাবলৈ ধৰে আৰু লাহে লাহে কুখ্যাত হৈ পৰে।[2]
বল্লভীৰ ৰজাই ম’হ বলিদান কৰা নাছিল বৰঞ্চ ম’হ ব্যৱহাৰ কৰি আন ৰজাৰ সৈতে যুঁজ খেলিছিল আৰু বাজিত ধৰিছিল। এবাৰ ৰজাৰ আটাইতকৈ ভাল ম’হটো নোহোৱা হৈ গ’ল আৰু অৱশেষত ৰজা আৰু তেওঁৰ সৈন্যসকলে সাতগৰাকী ভগ্নীক ম’হটো খাই থকা দেখিলে। ৰজাই ছোৱালীকেইজনীক জীৱিত অৱস্থাত জ্বলাই দিবলৈ আদেশ দিলে, কিন্তু স্বৰ্গৰ পৰা আকাশীবাণীয়ে ৰজাক সকীয়নি দিয়ে। ৰজাই তেতিয়া ক্ষমা বিচাৰে আৰু ছোৱালীকেইজনীক যাবলৈ দিয়ে।[2]
ছোৱালীকেইজনী ডাঙৰ হোৱাৰ পিছত ঘৰৰ পৰা ওলাই যায়, কিন্তু খোদিয়াৰ নামৰ সৰু ছোৱালীজনীয়ে ভালদৰে খোজ কাঢ়িব পৰা নাছিল। মাটিত পৰি তাই জগদম্বা দেৱীক নিজৰ ৰাজ্যলৈ লৈ যাবলৈ প্ৰাৰ্থনা কৰিলে। কিন্তু দেৱীয়ে স্বৰ্গৰ পৰা তাইক ক’লে যে তাইক এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে ভগা ভৰি দিয়া হৈছে, আৰু তেওঁৰ ওচৰত দেৱীৰ সকলো ঐশ্বৰিক শক্তি আছে৷ লগতে তেওঁ ভগ্নীসকলৰ ভিতৰত আটাইতকৈ মহায়সী হ’ব বুলিও দেৱীয়ে কয়।[2]
মন্দিৰ
[সম্পাদনা কৰক]১৮৭৫ চনত মনিয়েৰ উইলিয়ামছে গুজৰাটৰ গ্ৰাম্য অঞ্চলৰ এখন গাঁৱৰ খোদিয়াৰৰ মন্দিৰ পৰিদৰ্শন কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে যেতিয়া গাঁৱত ৰোগ আৰম্ভ হৈছিল, তেতিয়া গাঁৱৰ লোকসকলে খোদিয়াৰ দেৱীক পশুৰ মাংস আৰু তেজকে ধৰি বহুতো প্ৰসাদ নৈবদ্য আগবঢ়াই পূজা কৰিছিল।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Khodiyar Mata: The goddess rules a stepwell". https://timesofindia.indiatimes.com/city/ahmedabad/khodiyar-mata-the-goddess-rules-a-stepwell/articleshow/66209330.cms.
- ↑ 2.0 2.1 2.2 2.3 Tambs-Lyche, Harald (2020). "Goddesses of Western India". In Knut, A. Jacobsen. Brill's Encyclopedia of Hinduism Online. Brill.
- ↑ Monier-Williams (1883). Religious Thought and Life in India: An Account of the Religions of the Indian Peoples, Based on a Life's Study of their Literature and on Personal Investigations in their Own Country, Part 1: Vedism, Brāhmanism, and Hindūism. John Murray. পৃষ্ঠা. 225–227.