সমললৈ যাওক

খোৰাছান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খোৰাছান
خراسان بزرگ
অঞ্চল
খোৰাছান আৰু চুবুৰীয়া অঞ্চল
খোৰাছান আৰু চুবুৰীয়া অঞ্চল
৭ম আৰু অষ্টম শতিকাত খোৰাছান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল
৭ম আৰু অষ্টম শতিকাত খোৰাছান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল
খোৰাছানত থকা দেশসমূহ আফগানিস্তান, ইৰান আৰু তুৰ্কমেনিস্তান .[1] বিভিন্ন উৎসৰ ভিতৰত তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান, কাজাখাস্তানৰ বিভিন্ন অঞ্চলো অন্তৰ্ভুক্ত।

খোৰাছান (ইংৰাজী: Khorasan)[2]হৈছে পশ্চিম আৰু মধ্য এছিয়াৰ ইৰাণী মালভূমিৰ এক ঐতিহাসিক পূব অঞ্চল, য'ত পশ্চিম আৰু উত্তৰ আফগানিস্তান, উত্তৰ-পূব ইৰাণ, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ পূব অৰ্ধেক অংশ, পশ্চিম তাজিকিস্তান আৰু কিৰ্গিস্তান আৰু কাজাখাস্তানৰ কিছু অংশ অন্তৰ্ভুক্ত।

প্ৰাচীন গ্ৰীক ভূগোলবিদ ইৰাট’ষ্টেনিছে (খ্ৰীষ্টপূৰ্ব ২৭৬ – খ্ৰীষ্টপূৰ্ব ১৯৫/১৯৪) তেওঁৰ ভূগোল গ্ৰন্থত পিছলৈ খোৰাছান নামেৰে জনাজাত সমগ্ৰ অঞ্চলটোক ‘আৰিয়ানা’ বুলি উল্লেখ কৰিছে। মধ্যযুগত খোৰাছানত ইৰাণৰ উত্তৰ-পূব অঞ্চল, প্ৰায় সকলো আফগানিস্তান, দক্ষিণ তুৰ্কমেনিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ এক বিশাল অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছিল। এই অঞ্চলৰ উত্তৰে আমু দৰিয়া নদী, পশ্চিমে কাস্পিপিয়ান সাগৰ, দক্ষিণে মধ্য ইৰাণৰ মৰুভূমি অঞ্চল আৰু পূবে মধ্য আফগানিস্তানৰ পাহাৰীয়া উচ্চভূমি। কিছুমান মধ্যযুগীয় আৰব ইতিহাসবিদৰ মতে এই অঞ্চলটো পূব দিশলৈ ভাৰতৰ পশ্চিম সীমান্তলৈকে বিস্তৃত আছিল॥[3]

অঞ্চলটোৰ ইতিহাস অতি প্ৰাচীন। খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু ৫ম শতিকাত এই অঞ্চল আচেমেনীড সাম্ৰাজ্যৰ অংশ আছিল। পিছলৈ মহান আলেকজেণ্ডাৰৰ অভিযানৰ সময়ত খ্ৰীষ্টপূৰ্ব ৩৩০ চনৰ আশে-পাশে ই গ্ৰীক সাম্ৰাজ্যৰ নিয়ন্ত্ৰণলৈ আহে। এই সময়ৰপৰাই এই অঞ্চল পাৰ্থিয়া নামেৰে পৰিচিত হ’ল। খ্ৰীষ্টপূৰ্ব ১ম শতিকালৈকে ইয়াত পাৰ্থিয়ান সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল।[3] দশম শতিকাত এই অঞ্চলটো চেলজুক সাম্ৰাজ্যৰ অংশ আছিল। পিছলৈ অঞ্চলটোত ইছলামিক সভ্যতাৰ বিকাশৰ লগে লগে খোৰাছান নামটো জনপ্ৰিয় হৈ উঠে। যদিও এতিয়া খোৰাছান কেৱল উত্তৰ-পূব ইৰাণৰ এখন প্ৰদেশ, সপ্তম শতিকাৰপৰা আৰু মধ্যযুগৰ বেছিভাগ সময়লৈকে ইয়াৰ পৰিসৰ বহুত বেছি আছিল। ইৰাণৰ আজিৰ খোৰাছান প্ৰদেশ এই ঐতিহাসিক অঞ্চলৰ পশ্চিম অংশৰ এটা অঞ্চল মাত্ৰ।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

খোৰাছান নামটো পুৰণি পাৰ্চী শব্দ খোৰ (সূৰ্য্য) আৰু আছানৰপৰা উদ্ভৱ হৈছে [4] [5] (মধ্য পাৰ্চী ভাষাত 'উদয় হোৱা' ক্ৰিয়া হিচাপে, আৰু বিশেষ্য আৰু বিশেষণ হিচাপে 'পোহৰ' বা 'আলোকিত' কৰা। অৰ্থাৎ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে উদীয়মান সূৰ্য্য বা সূৰ্য্যৰ পোহৰৰ দেশ। এই অৰ্থত এই শব্দটো পূবৰ দেশখনক বুজাবলৈ ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে আৰু এই অঞ্চলত ইছলাম প্ৰসাৰ হোৱাৰ সময়ছোৱাত পাৰস্য বা বৰ্তমানৰ পশ্চিম ইৰাণৰ পূবত অৱস্থিত সমগ্ৰ অঞ্চলটোক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ হয়। মন কৰিবলগীয়া যে মহান আলেকজেণ্ডাৰৰ অভিযানৰ পিছত এই অঞ্চলত প্ৰতিষ্ঠা হোৱা বেক্টৰিয়ান সাম্ৰাজ্যৰ নামটো পাৰ্চী শব্দ বাখতাৰ (Bāchtar باختر )ৰপৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়, যাৰ অৰ্থও একে, পূবৰ দেশ।

তৃতীয় শতিকাত ছাছানিডসকলৰ অধীনত খোৰাছান প্ৰথমে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছিল। [6] [7] সেই সময়ৰপৰাই পৰৱৰ্তী ১৬০০ বছৰত অঞ্চলটোৰ ৰাজনৈতিক সীমা বাৰে বাৰে সলনি হৈছিল। ছাছানিদ সাম্ৰাজ্যৰ প্ৰদেশ হিচাপে ইয়াত নিশাপুৰ, হেৰাট, মেৰভ, বালখ, বুখাৰা, তালোকান, চুচিয়া, ফাৰিয়াব, সৰখ, গুৰগান আদি চহৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

খলিফাসকলৰ শাসনকালত খোৰাছানৰ সম্প্ৰসাৰণে সৰ্বোচ্চ স্তৰত উপনীত হয়, এই অঞ্চলত ইছলামৰ প্ৰসাৰ হোৱাৰ পিছত। খিলাফতৰ সাম্ৰাজ্যৰ তিনিটা প্ৰধান বিভাগৰ ভিতৰত খোৰাছান অন্যতম আছিল। বাকী দুটা অংশ আছিল ইৰাক-ই-আৰব বা আৰবী ইৰাক আৰু ইৰাক-ই-আজম বা পাৰ্চী ইৰাক। [8] উমাইয়াদ খিলাফত (৬৬১–৭৫০ খ্ৰীষ্টাব্দ) আৰু আব্বাছিদ খিলাফত (৭৫০–১২৫৮ খ্ৰীষ্টাব্দ)ৰ সময়ত খোৰাছানক অঞ্চলটোৰ চাৰিখন প্ৰধান চহৰ নিশাপুৰ, মেৰভ, হেৰাট আৰু বালখক কেন্দ্ৰ কৰি চাৰিটা প্ৰধান প্ৰশাসনিক অঞ্চলত বিভক্ত কৰা হৈছিল।

মধ্যযুগীয় পাৰস্যত খোৰাছানে দষ্ট-ই-কবিৰৰ পূব দিশৰ দেশৰ সকলো অঞ্চল বা মধ্য ইৰাণৰ মৰুভূমিক বুজায়। স্বাভাৱিকতে দেশৰ সম্প্ৰসাৰণৰ লগে লগে এই অঞ্চলৰ পৰিসৰও বাৰে বাৰে সলনি হৈছিল। কিন্তু বৰ্তমানৰ আফগানিস্তানৰ এক বৃহৎ অংশ খোৰাছানত অন্তৰ্ভুক্ত হোৱাৰ কথাটো বুজিব পাৰি যেতিয়া আমি দেখিবলৈ পাওঁ যে খোৰাছানৰ চাৰিটা ঐতিহাসিক প্ৰশাসনিক অঞ্চল, প্ৰধান চহৰ হেৰাট, মেৰভ, বালখ, আৰু নিশাপুৰ এতিয়া আফগানিস্তানত অৱস্থিত। বাবাৰ্নামাত এই অঞ্চলৰ উল্লেখো আমি পাওঁ:

"ভাৰতৰ জনসাধাৰণে সাধাৰণতে নিজৰ দেশৰ বাহিৰৰ সকলো দেশকে খোৰাছান বুলি কয়, ঠিক যেনেকৈ আৰবসকলে নিজৰ দেশৰ বাহিৰৰ সকলো দেশকে আজম বুলি কয়। খোৰাছানৰপৰা ভাৰতলৈ যোৱা দুটা মূল পথ আছে - এটা কাবুলৰ মাজেৰে আৰু আনটো কান্দাহাৰৰ মাজেৰে। সাধাৰণতে ফেৰ্গানা, তুৰ্কেস্তান, সমৰকাণ্ড, বালখ, বুখাৰা, হিছাৰ, বদাখশান ইত্যাদি অঞ্চলৰপৰা ভাৰতলৈ যাবলৈ কাবুল পথটো বেছিকৈ ব্যৱহাৰ কৰা হয়, কিন্তু ব্যৱসায়ীসকলে বিভিন্ন প্ৰান্তৰপৰা ভাৰতলৈ যাত্ৰা কৰে।" খোৰাছানে ভাৰত ভ্ৰমণৰ বাবে কান্দাহাৰ পথ অধিক ব্যৱহাৰ কৰে।"

৭৫০ খ্ৰীষ্ট্ৰাব্দত আব্বাছিদ শাসনৰ সসয়ত ভূখণ্ডৰ নাম
১৮৮৬ চনৰ দশম শতিকাৰ নিকট পূবৰ এখন মানচিত্ৰত জিবাল প্ৰদেশৰ পূব দিশত খোৰাছান দেখুওৱা হৈছে।

খোৰাছানৰ ইতিহাস অতি প্ৰাচীন। প্ৰত্নতাত্ত্বিক আৰু অন্যান্যপ্ৰকাৰৰ ঐতিহাসিক সামগ্ৰীৰপৰা জনা যায় যে এই অঞ্চলৰ সভ্যতাৰ ইতিহাস ২৫০০ বছৰতকৈও অধিক পুৰণি। এই ইতিহাসৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে।

প্ৰাচীন প্ৰাক-ইছলামী ইতিহাস

[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব ৩৩০ চনত আলেকজেণ্ডাৰৰ অভিযানৰ পূৰ্বে এই অঞ্চলটো আচেমেনিড সাম্ৰাজ্যৰ অংশ আছিল। পাৰস্যৰ আচেমেনিড সম্ৰাট দ্বিতীয় চাইৰাছ, যাক ইতিহাসত মহান চাইৰাছ বুলিও জনা যায়, খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত এই অঞ্চলটো মিডীৰপৰা দখল কৰি নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰে। যিহেতু মিডীসকলে কোনো লিখিত প্ৰমাণ এৰি যোৱা নাছিল, বা সমসাময়িক যুগৰ কিছুমান প্ৰত্নতাত্ত্বিক প্ৰমাণৰ বাহিৰেও এই অঞ্চলত কোনো নিৰ্দিষ্ট প্ৰমাণ পোৱা হোৱা নাই, গতিকে এই সময়ছোৱাত খোৰাছানৰ ইতিহাসৰ বিষয়ে কোনো নিৰ্দিষ্ট কথা কোৱাটো কঠিন। জনা যায় যে খ্ৰীষ্টপূৰ্ব ৫৫০ চনত দ্বিতীয় চাইৰাছে তেওঁলোকক ওফৰাই পেলায়,[9] যাৰ ফলত আচেমেনিড সাম্ৰাজ্যৰ জন্ম হয়। প্ৰায় ২৫০ বছৰ ধৰি এই অঞ্চল প্ৰাচীন বিশ্বৰ অন্যতম বৃহৎ সাম্ৰাজ্যৰ অংশ আছিল। খ্ৰীষ্টপূৰ্ব ৩৩০ চনত যেতিয়া মহান আলেকজেণ্ডাৰৰ আক্ৰমণত সমগ্ৰ আচেমেনিড সাম্ৰাজ্যৰ পতন ঘটিছিল, তেতিয়া এই অঞ্চলটোও মেচিডোনিয়ান উপনিৱেশত পৰিণত হৈছিল, তেওঁলোকৰ কেন্দ্ৰীয় শাসনৰপৰা নিজকে মুক্ত কৰিছিল।

“বিংশ শতিকাৰ আৰম্ভণিৰ সময়ত খোৰাসানৰ মাদান গাঁৱৰ এটা প্ৰাচীন ফিৰোজা খনি।”

মধ্যযুগ

[সম্পাদনা কৰক]

"আৰব বিজয়ৰ বিৰুদ্ধে প্ৰথম আন্দোলন ৭৪৭ৰপৰা ৭৫০ চনৰ ভিতৰত আবু মুছলিম খুৰাছানীৰ নেতৃত্বত আছিল। মূলতঃ ইছফাহানৰপৰা অহা পণ্ডিতসকলৰ মতে আবু মুছলিম সম্ভৱতঃ পাৰ্চী আছিল। জন্মতে তেওঁ দাস হিচাপে হোৱাটোও সম্ভৱ। প্ৰাচীন পাৰ্চী ইতিহাসবিদ আল-শ্বাহৰাস্তানীৰ মতে তেওঁ আছিল কাছানাইট। এই বিপ্লৱী ছিয়া আন্দোলনে আলীৰ পূৰ্বে থকা তিনিজন খলিফাক নাকচ কৰিছিল।[10]

আবু মুছলিমে আব্বাছিদসকলক ক্ষমতালৈ অহাত সহায় কৰিছিল যদিও পিছলৈ আন এজন আব্বাছি খলিফা আল-মানছুৰে তেওঁক হত্যা কৰিছিল। আৰব শাসনৰপৰা স্বাধীন প্ৰথমখন ৰাষ্ট্ৰ ৮২১ চনত তাহিৰ ফোছানজীয়ে খুৰাছানত স্থাপন কৰিছিল যদিও এইটো অধিক ৰাজনৈতিক আৰু ভূ-খণ্ডগত লাভৰ বিষয় হোৱা যেন লাগে। তাহিৰে খলিফাক পাৰস্যৰ অন্যান্য অঞ্চলৰ অন্যান্য জাতীয়তাবাদী আন্দোলন যেনে টাবাৰিষ্টানৰ মাজিয়াৰ আন্দোলন দমন কৰাত সহায় কৰিছিল।[11]

খোৰাছানত শাসন কৰা আন প্ৰধান স্বাধীন বংশসমূহ হ’ল জাৰাঞ্জৰ ছাফাৰী বংশ (৮৬১–১০০৩), বুখাৰাৰ সামানীদ (৮৭৫–৯৯৯), গাজনীৰ গাজনাভিদ (৯৬৩–১১৬৭), চেলজুক (১০৩৭–১১৯৪), খোৱাৰেজমিদ (১০৭৭–১২৩১), ঘূৰিদ (১১৪৯–১২১২), আৰু টাইমুৰিড বংশ (১৩৭০–১৫০৬)। ১২২১ চনত চেংগিছ খানৰ পুত্ৰ টলুয়ে মংগোলীয় লোকসকলে খোৰাছান বিজয়ৰ তদাৰক কৰিছিল, যিটো কাম "ইমানেই পুংখানুপুংখভাৱে যে অঞ্চলটোৰ পৰিস্থিতি কেতিয়াও পুনৰ ঘূৰি নাহিল।" [12]

ৰাছিদুন যুগ (৬৫১–৬৬১)

[সম্পাদনা কৰক]

খলিফা উমৰ (ৰাজ্য ৬৩৪–৬৪৪)ৰ অধীনত ৰাছিদুন খিলাফটে প্ৰায় সমগ্ৰ পাৰস্য ছাছানিয়ান সাম্ৰাজ্যৰপৰা দখল কৰে। কিন্তু ৬৫১ খ্ৰীষ্টাব্দলৈকে, উছমানৰ খিলাফতৰ সময়ত (ৰাজ্য ৬৪৪–৬৫৬) খোৰাছান ভূ-খণ্ড জয় কৰা হোৱা নাছিল। ৰাছিদুনৰ সেনাপতি আহনাফ ইবনে কায়ছ আৰু আব্দুল্লা ইবনে আমিৰক খোৰাছান আক্ৰমণৰ নেতৃত্ব দিবলৈ নিযুক্তি দিয়া হৈছিল। [13] ৬৫১ খ্ৰীষ্টাব্দৰ শেষৰফালে অক্সুছ নদীৰ যুদ্ধত ৰাছিডুন সেনাই ছাছানিয়ান আৰু প্ৰথম তুৰ্কী খগানাটেৰ সংযুক্ত বাহিনীক পৰাস্ত কৰে। পিছৰ বছৰ ইবনে আমিৰে ইৰাণৰ এজন আমিৰ কানাদবাক আৰু টুছৰ কানাৰাঙৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰে। কাৰেণ পৰিয়ালৰ ছাছানিয়ান বিদ্ৰোহী বুৰ্জিন শ্বাহে ইবনে আমিৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল যদিও পিছত ইবনে আমিৰে নিশাপুৰ যুদ্ধত বিদ্ৰোহীসকলক দমন কৰিছিল। [14]

উমাইয়াদ যুগ (৬৬১–৭৫০)

[সম্পাদনা কৰক]

ৰাছিডুনৰ নেতৃত্বত পাৰ্চী আক্ৰমণ পাঁচ বছৰত সম্পূৰ্ণ হৈ প্ৰায় সমগ্ৰ পাৰস্য আৰবৰ নিয়ন্ত্ৰণলৈ আনি খিলাফতৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। আফগান অঞ্চলত যুগ যুগ ধৰি জনজাতীয় প্ৰতিৰোধ অব্যাহত আছিল। সপ্তম শতিকাত খোৰাছানৰপৰা আৰব সেনাই আফগানিস্তানত প্ৰৱেশ কৰে। আন এটা সমস্যা আছিল যে মুছলমানসকলে পাৰস্য জয় কৰাৰ পাছত মুছলমানসকল ট্ৰেন্সঅ’ক্সিয়ানা চহৰ-ৰাজ্যৰ প্ৰতিবেশী হৈ পৰিছিল। যদিও ট্ৰেন্সঅক্সিয়ানাক বহুলাংশে "তুৰ্কেস্তান" অঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছিল, কেৱল ট্ৰেন্সঅক্সিয়ানাৰ শাসক শ্ৰেণীটোৱেই আছিল কিছু তুৰ্কী মূলৰ, আনহাতে স্থানীয় জনসংখ্যা আছিল বহুলাংশে স্থানীয় ইৰাণীসকলৰ বৈচিত্ৰ্যময় মিশ্ৰণ। ছাছানিদ পাৰ্চী সাম্ৰাজ্য জয় কৰাৰ পাছত যেতিয়া আৰবসকলে ট্ৰেন্সঅক্সিয়ানাত উপস্থিত হয়, তেতিয়া স্থানীয় ইৰাণী-তুৰ্কী আৰু আৰব বাহিনীয়ে ট্ৰেন্সঅ’ক্সিয়ানা নামৰ ৰেচম পথৰ চহৰসমূহ নিয়ন্ত্ৰণৰ বাবে সংঘৰ্ষত লিপ্ত হয়। বিশেষকৈ চুলুকৰ অধীনত তুৰ্গেছ আৰু বাৰ্জিকৰ অধীনত খাজাৰসকলে এই অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলটো নিয়ন্ত্ৰণৰ বাবে আৰব প্ৰতিবেশী দেশৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই বিজয়ত দুজন বিশিষ্ট উমাইয়াদ সেনাপতি কুটাইবাহ ইবনে মুছলিম আৰু নাছৰ ইবনে ছায়াৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৭৩৮ চনৰ জুলাই মাহত ৭৪ বছৰ বয়সত নাছৰক খোৰাছানৰ গৱৰ্ণৰ নিযুক্তি দিয়া হয়। বয়সৰ সত্ত্বেও তেওঁৰ সামৰিক কৃতিত্ব, খোৰাছান বিষয়ৰ জ্ঞান আৰু ৰাজনীতিবিদ হিচাপে দক্ষতাৰ বাবে তেওঁক অতিশয় সন্মান কৰা হৈছিল। জুলিয়াছ ৱেলহাউজেনে তেওঁৰ বিষয়ে লিখিছে যে "তেওঁৰ বয়সে তেওঁৰ মনৰ সতেজতাক প্ৰভাবিত কৰিব নোৱাৰিলে, যাৰ প্ৰমাণ কেৱল তেওঁৰ কামেই নহয়, জীৱনৰ শেষলৈকে তেওঁৰ অনুভৱ প্ৰকাশ কৰা কবিতাসমূহেও প্ৰমাণ কৰে।" কিন্তু সেই সময়ৰ প্ৰেক্ষাপটত তেওঁৰ মনোনয়ন তেওঁৰ ব্যক্তিগত গুণতকৈ প্ৰকৃত জনজাতীয় পৰিচয়ৰ বাবেহে বেছি আছিল। [15]

৭২৪ চনত হিছাম ইবনে আব্দ আল মালিক (ৰাজ্য ৭২৪–৭৪৩) ৰাজপাটত বহাৰ কিছুসময়ৰ পাছতে আছাদৰ ভাতৃ খালিদ আল কাছৰীক ইৰাকৰ গৱৰ্ণৰৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হয়। তেওঁক সমগ্ৰ ইছলামিক ইষ্টৰ দায়িত্ব দিয়া হৈছিল, যিটো পদত তেওঁ ৭৩৮ চনলৈকে আছিল। খালিদে পাছলৈ আছাদক খোৰাছানৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে। এইদৰে পেট্ৰিচিয়া ক্ৰ'নৰ মতে দুয়োজন ভাতৃ "মাৰৱানীড যুগৰ অন্যতম বিশিষ্ট ব্যক্তি" হৈ পৰিছিল। [16][17] আছাদ খোৰাছানত উপস্থিত হোৱাৰ সময়লৈকে প্ৰদেশখন সংকটত পৰিছিল: তেওঁৰ পূৰ্বৰ মুছলমান ইবনে ছাইদ আল-কিলাবীয়ে ফেৰঘানাৰ বিৰুদ্ধে অভিযানৰ নেতৃত্ব দিছিল আৰু তুৰ্গেছ তুৰ্কী আৰু ট্ৰেন্সঅক্সিয়ানাৰ ছগডিয়ান ৰাজ্যসমূহৰ হাতত ডাঙৰ পৰাজয়ৰ সন্মুখীন হৈছিল। যিবোৰে মুছলমান শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। [18][19]

আব্বাছিদ যুগ (৭৫০–৮৬১)

[সম্পাদনা কৰক]

খোৰাছান উমাইয়াদৰ বিৰুদ্ধে আব্বাছি বিপ্লৱৰ মুখ্য কাৰ্যালয় হৈ পৰে। ইয়াৰ নেতৃত্ব দিছিল আবু মুছলিমে, যি নিজেই খোৰাছানৰ বাসিন্দা। এই প্ৰদেশ ইৰাণৰ সেই অঞ্চলৰ অংশ আছিল য’ত মুছলমান বিজয়ৰ পিছত আৰব জনজাতিসকলে ব্যাপকভাৱে বসতি স্থাপন কৰিছিল; ইয়াৰ লক্ষ্য আছিল উমাইয়াদ বংশক ওফৰাই পেলোৱা আৰু এই প্ৰচেষ্টা 'ক'লা পতাকা'ৰ প্ৰতীকৰ অধীনত সফল হৈছিল। [20]

আধুনিক যুগ

[সম্পাদনা কৰক]
১৯০৯ চনত মদন গাওঁ

ষোড়শ শতিকাৰ আৰম্ভণিৰপৰা ১৮ শতিকাৰ আৰম্ভণিৰ মাজত খোৰাছানৰ কিছু অংশত ছাফাৱী আৰু উজবেকসকলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। [21]১৭২২ চনত কান্দাহাৰৰপৰা ঘিলজী পষ্টুনসকলে খোৰাছান অঞ্চলৰ এটা অংশ দখল কৰি ১৭২২ চনৰপৰা ১৭২৯ চনলৈ হোটাকি বংশৰ অংশ হৈ পৰে। [22][23]১৭২৯ চনত নাদেৰ শ্বাহে খোৰাছান পুনৰ দখল কৰি মাছহাদক পাৰস্যৰ ৰাজধানী হিচাপে বাছি লয়। ১৭৪৭ চনত তেওঁৰ হত্যাৰ পিছত হেৰাটকে ধৰি খোৰাছানৰ পূব অংশ দুৰানী সাম্ৰাজ্যই নিজৰ অধীনলৈ আনে। ১৭৯৬ চনত কাজাৰ বংশই মছহাদ অঞ্চল দখল নকৰালৈকে নাদেৰ শ্বাহৰ নাতি শ্বাহৰুখ আফশ্বাৰৰ নিয়ন্ত্ৰণত আছিল। ১৮৫৭ চনত ইৰাণ আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ মাজত পেৰিছ চুক্তি স্বাক্ষৰিত হৈ এংলো-পাৰ্চী যুদ্ধৰ অন্ত পেলায় আৰু ইয়াৰদ্বাৰা ইৰাণৰ সেনাই হেৰাটৰপৰা আঁতৰি যায়।[24] পিছলৈ ১৮৮১ চনত ইৰাণে আখাল সন্ধি (আখাল-খোৰাছান সন্ধি বুলিও জনা যায়)ৰদ্বাৰা খোৰাছানৰ উত্তৰ অঞ্চলৰ এটা অংশ মূলতঃ মেৰভৰ ওপৰত নিজৰ দাবী ৰাছিয়া সাম্ৰাজ্যৰ হাতত অৰ্পণ কৰে। [25]

সাংস্কৃতিক গুৰুত্ব

[সম্পাদনা কৰক]
টাইমুৰ বিজয়ী বাবৰে তেওঁৰ বিশ্বাসঘাতক আত্মীয় মুহম্মদ হাউছাম মিৰ্জাক খোৰাছানলৈ নিৰ্বাসিত কৰে।

বৃহত্তৰ ইৰাণৰ অন্যান্য অঞ্চলৰ ভিতৰত খোৰাছানৰ সাংস্কৃতিক গুৰুত্ব অতিশয় বেছি। খোৰাছান আৰু ট্ৰেন্সঅক্সিয়ানাত সাহিত্যিক নতুন পাৰ্চী ভাষাৰ বিকাশ ঘটি ক্ৰমান্বয়ে পাৰ্থিয়ান ভাষাৰ ঠাই লয়। [26] খোৰাছান আৰু ট্ৰেন্সঅক্সিয়ানাত নতুন পাৰ্চী সাহিত্যৰ উত্থান আৰু সমৃদ্ধিশালী হৈ উঠে।[27] ত্ৰয়োদশ শতিকাৰ বিধ্বংসী মংগোলীয় আক্ৰমণৰ আগলৈকে খোৰাছান পাৰস্যৰ সাংস্কৃতিক ৰাজধানী হৈয়েই আছিল।[28]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Sistan and Khorasan Travelogue Page 48
  2. Dabeersiaghi, Commentary on Safarnâma-e Nâsir Khusraw, 6th Ed. Tehran, Zavvâr: 1375 (Solar Hijri Calendar) 235–236
  3. 1 2 Khorasan. Encyclopædia Britannica Online.আহৰণ কৰা হৈছে: ১৫ আগষ্ট, ২০১৪।
  4. Sykes, M. (1914). "Khorasan: The Eastern Province of Persia". Journal of the Royal Society of Arts, 62(3196), 279–286.
  5. A. Ghilain: Essai sur la langue parthe: son système verbal d'après les textes manichéens du Turkestan oriental. Bureaux du Muséon, Louvain 1939. 49.]
  6. Rezakhani, K. (2017). Reorienting the Sassanians: East Iran in Late Antiquity. প্ৰকাশক Edinburgh: Edinburgh University Press. ISBN 978-1-4744-0029-9.
  7. [The Encyclopedia of Islam, Brill 1979, Vol.5, page 56: "In Sasanid times, Khurasan was one of the four great provincial satrapies, and was governed from Marw by Ispahbadh.]
  8. "Khurasan". The Encyclopaedia of Islam. Ed. Brill, E.J. V. 1979. 55. সংগৃহীত ১৫ আগষ্ট, ২০১৪।
  9. Media: Encyclopaedia Britannica. ৫ ডিচেম্বৰ, ২০১৪ তাৰিখে আহৰণ কৰা হৈছে।
  10. Glassé, Cyril (2008). The new encyclopedia of Islam. Rowman & Littlefield. পৃষ্ঠা. 21. ISBN 978-0-7425-6296-7. https://books.google.com/books?id=D7tu12gt4JYC&pg=PA22.
  11. Rante, Rocco, ed (22 January 2020) (en ভাষাত). Greater Khorasan History, Geography, Archaeology and Material Culture. প্ৰকাশক Berlin, Boston: De Gruyter. doi:10.1515/9783110331707. ISBN 978-3-11-033155-4. https://www.degruyter.com/view/product/210634.
  12. Cambridge History of Iran, Vol. V, Ch. 4, "Dynastic and Political History of the Il-Khans" (John Andrew Boyle), p.312 (1968).
  13. The Muslim Conquest of Persia By A.I. Akram. Ch:17 আই.এচ.বি.এন. 0-19-597713-0,
  14. Pourshariati 2008, পৃষ্ঠা. 274.
  15. Sharon 1990, পৃষ্ঠা. 35.
  16. Crone 1980, পৃষ্ঠা. 102.
  17. Gibb 1960, পৃষ্ঠা. 684.
  18. Blankinship 1994, পৃষ্ঠা. 125–127.
  19. Gibb 1923, পৃষ্ঠা. 65–66.
  20. The Cambridge History of Islam, vol. 1A, p. 102. Eds. Peter M. Holt, Ann K.S. Lambton and Bernard Lewis. Cambridge: Cambridge University Press, 1995. আই.এচ.বি.এন. 9780521291354
  21. Rippin, Andrew (2013). The Islamic World. Routledge. পৃষ্ঠা. 95. ISBN 978-1-136-80343-7.
  22. "Last Afghan empire". Louis Dupree, Nancy Hatch Dupree and others. Encyclopædia Britannica. Retrieved 2010-09-24.
  23. Axworthy, Michael (2006). The Sword of Persia: Nader Shah, from Tribal Warrior to Conquering Tyrant. প্ৰকাশক London: I.B. Tauris. পৃষ্ঠা. 50. ISBN 1-85043-706-8. https://books.google.com/books?id=O4FFQjh-gr8C&pg=PA50 আহৰণ কৰা হৈছে: 2010-09-27.
  24. Avery, Peter; Hambly, Gavin; Melville, Charles, eds (10 October 1991). The Cambridge History of Iran (Vol. 7): From Nadir Shah to the Islamic Republic. Cambridge University Press. পৃষ্ঠা. 183, 394–395. ISBN 978-0-521-20095-0.
  25. Sicker, Martin (1988). The Bear and the Lion: Soviet Imperialism and Iran. Praeger. পৃষ্ঠা. 14. ISBN 978-0-275-93131-5.
  26. electricpulp.com. "DARĪ – Encyclopaedia Iranica". www.iranicaonline.org. http://www.iranicaonline.org/articles/dari আহৰণ কৰা হৈছে: 13 June 2018.
  27. Frye, R.N., "Dari", The Encyclopaedia of Islam, CD edition
  28. Lorentz, J. Historical Dictionary of Iran. 1995 আই.এচ.বি.এন. 0-8108-2994-0; Shukurov, Sharif. Хорасан. Территория искусства, Moscow: Progress-Traditsiya, 2016.

অধিক পঢ়ক

[সম্পাদনা কৰক]