সমললৈ যাওক

খ্যাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱী লক্ষ্মীৰ ধন ৰখীয়া দুটা খ্যাহ
কাঠমাণ্ডুৰ মন্দিৰত খ্যাহৰ চিত্ৰ

খ্যাঃ (নেপাল ভাষা: 𑐏𑑂𑐫𑐵𑑅‎) নেৱাৰী লোককথাৰত বৰ্ণনা কৰা এবিধ পৌৰাণিক মানৱৰূপী প্ৰাণী। এই জীৱবোৰ শকত, নোমাল আৰু চাপৰ বান্দৰৰ দৰে জীৱ হিচাপে চিত্ৰিত কৰা হৈছে। ইহঁতক খ্যাক (ख्याक) বুলিও কোৱা হয়৷

নেৱাৰ সমাজত জনপ্ৰিয় শিশু কাহিনীত খ্যাহৰ বিষয়ে বৰ্ণনা কৰা হয়। বন্ধুত্বসুলভ খ্যাহে ঘৰখন ভাল কামেৰে ভৰাই তোলে আনহাতে বেয়া খ্যাহবোৰে অসুবিধাৰ সৃষ্টি কৰে। বগা খ্যাহে শুভকামনা আনে বুলি বিশ্বাস কৰা হয় আনহাতে ক’লা খ্যাহে সমস্যাৰ সৃষ্টি কৰিব পাৰে। খ্যাহৰ সন্মুখীন হ'লে মানুহ অসুস্থ হ'ব পাৰে।[1] খ্যাহসকলে নিজৰ ভুক্তভোগীক কিলকিলাই কিলকিলাই হত্যা কৰে বুলি কোৱা হয়।

নেৱাৰ সংস্কৃতিত খ্যাহসকলে ধনৰ দেৱী লক্ষ্মীৰ যত্ন লয় আৰু দেৱীৰ ছবিত তেওঁলোকে মুদ্ৰাৰে উফন্দি উঠা মোনাবোৰ পহৰা দি থকা দেখা যায়।[2][3] ঘৰুৱা খ্যাহসকলে সাধাৰণতে বস্তু থোৱা চাং আৰু অন্ধকাৰ কোষ্ঠাগাৰত বাস কৰে। তেওঁলোকে বৈদ্যুতিক পোহৰলৈ ভয় কৰে বুলি কোৱা হয়।[4]

খ্যাহৰ বিপৰীত ধৰ্মী জীৱটো হৈছে কাৱাঞ্চা (Kawanchā), এটা কংকাল।[5][6] নেৱাৰসকলৰ পবিত্ৰ নৃত্য নাটকত খ্যাহ আৰু কাৱাঞ্চাসকল সহযোগী চৰিত্ৰ হিচাপে দেখা দিয়ে।[7][8] খ্যাহ আৰু কাৱাঞ্চৰ প্ৰতিমূৰ্তিও মন্দিৰবোৰত মন্দিৰৰ ৰক্ষক হিচাপে ৰখা হয়।

খ্যাহ নৃত্য

[সম্পাদনা কৰক]

কাঠমাণ্ডুৰ য়েনিয়া উৎসৱৰ সময়ত বজাৰ চৌহদ আৰু দৰবাৰ চৌহদত নৃত্য প্ৰদৰ্শন কৰা হয়৷ এই নৃত্যত খ্যাহ সাজ-পোছাক পৰিধান কৰা অভিনেতাই নৃত্য প্ৰদৰ্শন কৰে। খ্যাহ প্যাংখ (ख्याः प्याखं) নামেৰে জনাজাত এই নৃত্যত অদ্ভুত ভংগিমা তথা বাগৰি বাগৰি পৰিবেশন কৰে।

খ্যাহৰ প্ৰকাৰ

[সম্পাদনা কৰক]
  • বাৰায় খ্যাঃ (बाराय् ख्याः): ছোৱালীক পুষ্পিতা হোৱাৰ সময়ত আছুতীয়াকৈ ৰখা কোঠাত বাস কৰে।[9]
  • ভংকু গ্বাৰা খ্যাঃ (भकुं ग्वारा ख्याः): আক্ষৰিক অৰ্থত ফুটবল, মাটিত বাগৰি ইফালে সিফালে ঘূৰি ফুৰে।[10]
  • ধাপলাং খ্যাঃ (धापलां ख्याः): এটা অতি নোমাল খ্যাহ।
  • লঁপং খ্যাঃ (लँपं ख्याः): আন্ধাৰ ৰাস্তাত মানুহৰ বাট বন্ধ কৰি দিয়ে।
  • বুন খ্যাঃ : শস্যৰ পথাৰত বাস কৰে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dietrich, Angela (1998). Tantric healing in the Kathmandu Valley: A comparative study of Hindu and Buddhist spiritual healing traditions in urban Nepalese society. Book Faith India. আই.এচ.বি.এন. 8173031770, 9788173031779. Page 47.
  2. Shrestha, Bal Gopal (July 2006). "The Svanti Festival: Victory over Death and the Renewal of the Ritual Cycle in Nepal". Contributions to Nepalese Studies. Center for Nepal and Asian Studies, Tribbuvan University. https://docs.google.com/viewer?a=v&q=cache:X6rijOVirQIJ:himalaya.socanth.cam.ac.uk/collections/journals/contributions/pdf/CNAS_33_02_03.pdf+The+Svanti+festival:+victory+over+death+and+the+renewal&hl=en&pid=bl&srcid=ADGEEShjfRJwxHW_eyZ3Ua7fYECc6TKYLVnlb5EBLyw9anMKq9OijxSoGjDEl7l_Yy4gzpHkQLGMFBtpLb_ZpIgaC5ISGsxBehGRAqRzGMNOpeaixegoE3J2yZ_WIg7e_1xWnqkDeKlm&sig=AHIEtbQdJxIyQurXBELr7V5mbMdGuG2xww। আহৰণ কৰা হৈছে: 22 July 2012.  Page 209.
  3. Beer, Robert (2012). "Tibetan Buddhist & Newar Tantri Art". http://www.tibetanart.com/Product.asp?PID=16। আহৰণ কৰা হৈছে: 20 July 2012. 
  4. Nanzan Daigaku. Jinruigaku Kenkyūjo, Nanzan Shūkyō Bunka Kenkyūjo (1996). Asian folklore studies, Volume 55. Nanzan University Institute of Anthropology. আই.এচ.বি.এন. 9057890984, 9789057890987. Page 266.
  5. Koizumi, Fumio (1983). Dance and music in South Asian drama: Chhau, Mahākālī pyākhan and Yakshagāna. Academia Music.
  6. Tambs-Lyche, Harald and Centre national de la recherche scientifique (France) (1999). The feminine sacred in South Asia. Manohar Publishers & Distributors. আই.এচ.বি.এন. 8173042462, 9788173042461. Page 104.
  7. "Khyak dance". Nepalese Dances. http://asiarecipe.com/nepdances.html। আহৰণ কৰা হৈছে: 20 July 2012. 
  8. van den Hoek, A. W. (2004). Caturmāsa: celebrations of death in Kathmandu, Nepal. CNWS Publications. আই.এচ.বি.এন. 9057890984, 9789057890987. Page 57.
  9. Gutschow, Niels and Michaels, Axel (2008). Growing Up: Hindu and Buddhist Initiation Rituals Among Newar Children in Bhaktapur, Nepal. Otto Harrassowitz Verlag. আই.এচ.বি.এন. 3447057521, 9783447057523. Page 174.
  10. Dietrich, Angela (1998). Tantric healing in the Kathmandu Valley: A comparative study of Hindu and Buddhist spiritual healing traditions in urban Nepalese society. Book Faith India. আই.এচ.বি.এন. 8173031770, 9788173031779. Page 47.