সমললৈ যাওক

খ্ৰিলি-ইউ কিৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খ্ৰিলি-ইউ কিৰে
জন্ম ১২ জানুৱাৰী, ১৯১৮
কোহিমা, নগা পাহাৰ জিলা, অসম প্ৰদেশ, ব্ৰিটিছ ইণ্ডিয়া
(এতিয়া কোহিমা জিলা, নাগালেণ্ড, ভাৰত)
মৃত্যু ১১ ছেপ্টেম্বৰ, ২০১৩ (৯৫ বছৰ)
কোহিমা, নাগালেণ্ড, ভাৰত
ৰাষ্ট্ৰীয়তা  ভাৰত
অন্য নাম ডাঃ কে কে আংগামী
শিক্ষা বেপ্টিষ্ট মিছন স্কুল
শিক্ষানুষ্ঠান
পেচা চিকিৎসক আৰু আমোলা

খ্ৰিলি-ইউ কিৰে (ইংৰাজী: Khrielie-ü Kire; ১২ জানুৱাৰী ১৯১৮ - ১১ ছেপ্টেম্বৰ ২০১৩) হ'ল এগৰাকী নগা চিকিৎসক আৰু আমোলা, তেওঁ নগাসকলৰ মাজত পশ্চিমীয়া চিকিৎসা অনুশীলন কৰা প্ৰথমগৰাকী মহিলা চিকিৎসক আছিল।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

খ্ৰিলি-ইউ কিৰেৰ জন্ম হৈছিল ১৯১৮ চনৰ ১২ জানুৱাৰীত কোহিমা গাঁৱৰ এটি‍ আঙ্গামি নগা পৰিয়ালত। তেখেতৰ মাতৃ আৰু পিতৃ আছিল নেইকুওনুও আৰু জেটছভি কিৰে।

কিৰে কোহিমাৰ বেপ্টিষ্ট মিছন স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু লুধিয়ানা খ্ৰীষ্টিয়ান মেডিকেল কলেজৰ পৰা লাইচেণ্টিয়েট মেডিচিন চাৰ্জাৰী (এল.এম.এছ.) অধ্যয়ন কৰিছিল। তেওঁ ১৯৫২ চনত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ এমবিবিএচ কৰিবলৈ গৈছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

খ্ৰিলি-ইউ কিৰে ১৯৪৭ চনত কোহিমাৰ নগা চিকিৎসালয় কৰ্তৃপক্ষত সন্মানীয় সেৱাৰ মনোভাৱেৰে‍ তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

চৰকাৰী সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত কিৰে প্ৰথম নগা মাতৃ সংস্থাৰ আহ্বায়ক, নাগালেণ্ড ৰাজ্যিক ৰেডক্ৰছ সমিতিৰ প্ৰতিষ্ঠাপক সদস্য আৰু প্ৰথম সন্মানীয় সম্পাদক আৰু নগালেণ্ড স্বাস্থ্য আৰু সমাজ কল্যাণ ব'ৰ্ড প্ৰতিষ্ঠানৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৩ চনৰ ১১ ছেপ্টেম্বৰত ভাৰতীয় মানক সময় অনুসৰি (UTC+05:30) ১৭:৪০ বজাত, কোহিমাৰ মিডলেণ্ড ৱাৰ্ডত থকা তেওঁৰ ব্যক্তিগত বাসগৃহত কিৰেৰ মৃত্যু হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "A brief write-up of Dr KK Angami". 10 September 2022. https://morungexpress.com/a-brief-write-up-of-dr-kk-angami। আহৰণ কৰা হৈছে: 23 May 2023. 
  2. "LIST OF THE FIRSTS – NAGALAND". Nagaland GK. 23 April 2019. https://nagalandgk.com/list-of-the-firsts-of-in-nagaland/। আহৰণ কৰা হৈছে: 23 May 2023. 
  3. "A tribute to Dr. K.K. Angami on her 9th death anniversary". 11 September 2022. https://nagalandpost.com/index.php/a-tribute-to-dr-k-k-angami-on-her-9th-death-anniversary/। আহৰণ কৰা হৈছে: 23 May 2023. [সংযোগবিহীন উৎস]
  4. "First Naga lady doctor, Dr. Kire passes away". 12 September 2013. https://nagalandpost.com/index.php/first-naga-lady-doctor-dr-kire-passes-away/। আহৰণ কৰা হৈছে: 23 May 2023. [সংযোগবিহীন উৎস]