খ্ৰুই

খ্ৰুই (থাই: ครุย) হৈছে থাইলেণ্ডৰ নিৰ্দিষ্ট কিছুমান আনুষ্ঠানিক পৰিৱেশত গাউন বা আলখাল্লা হিচাপে পৰিধান কৰা এবিধ পাতল বহিঃআৱৰণ। ই দীঘল হাতৰ আৰু সন্মুখৰ ফালে খোলা থাকে। এই সাজযোৰ পাতল বা জালিযুক্ত কাপোৰেৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ কাষবোৰত চেটিন, ফেল্ট বা অন্য সামগ্ৰীৰ পটি লগোৱা থাকে। ইয়াত কেতিয়াবা অতি সূক্ষ্ম এম্ব্ৰয়ডৰীৰ কামো কৰা হয়। অন্ততঃ ১৭ শতিকাৰ পৰাই প্ৰচলিত এই সাজযোৰ মূলতঃ কেৱল ৰাজদৰবাৰতহে ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে বৰ্তমান সময়ত বহুতো বিশ্ববিদ্যালয়ত, বিশেষকৈ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ত ইয়াক বিদ্যায়তনিক পোছাক হিচাপে ব্যৱহাৰ কৰা দেখা যায়।
ইতিহাস
[সম্পাদনা কৰক]খ্ৰুইৰ সঠিক উৎপত্তিৰ বিষয়ে জনা নাযায়, যদিও ধাৰণা কৰা হয় যে ই সম্ভৱতঃ পাৰস্য বা ভাৰতীয় আমদানি আছিল।[1] ইয়াৰ ব্যৱহাৰৰ প্ৰাচীনতম নথিভুক্ত তথ্যসমূহ ১৬৮৫ চনত ৰজা নাৰাইৰ ওচৰলৈ যোৱা ফৰাচী দূতাবাস আৰু ১৬৮৬ চনত ফ্ৰান্সলৈ যোৱা শ্যাম দেশৰ দূতাবাসৰ চিত্ৰসমূহৰ পৰা পোৱা যায়। এই চিত্ৰসমূহত শ্যাম দেশৰ ৰজা আৰু ৰাষ্ট্ৰদূতসকলক এনে সাজ-পাৰ পৰিহিত অৱস্থাত দেখা গৈছে। ৰত্তনকোচিন কালতো খ্ৰুইৰ ব্যৱহাৰ অব্যাহত আছিল, যাৰ প্ৰমাণ ১৮০৪ চনৰ তিনিটা মোহৰৰ আইনত পোৱা যায়; য’ত কনিষ্ঠ চৰকাৰী বিষয়াৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল।[2]
ৰজা ৱাজিৰাভুধ (ৰাম ষষ্ঠ)-এ ১৯১২ চনত ৰাজকীয় অধ্যাদেশৰ দ্বাৰা খ্ৰুইৰ ব্যৱহাৰক অধিক সুসংগঠিত কৰে। এই অধ্যাদেশত যোগ্য ৰাজকীয় ব্যক্তি আৰু চৰকাৰী বিষয়াসকলে পৰিধান কৰিবলগীয়া বিভিন্ন প্ৰকাৰ আৰু পদ মৰ্যাদা নিৰ্দিষ্ট কৰি দিয়া হৈছিল।[3] পৰৱৰ্তী সময়ত তেওঁ ১৯১৩ চনত ৰয়েল পেজেছ স্কুল (ৱাজিৰাভুধ কলেজ) আৰু ১৯১৫ চনত শ্যাম দেশৰ বাৰ এছ'চিয়েশ্যনৰ বিদ্যায়তনিক পোছাক হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে।[4][5] ১৯৩০ চনত ই চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ স্নাতকসকলৰ বিদ্যায়তনিক পোছাক হিচাপে গ্ৰহণ কৰা হয়।[6] ১৯৬৭ চনৰ পৰা আন কিছুমান বিশ্ববিদ্যালয়েও খ্ৰুইক তেওঁলোকৰ বিদ্যায়তনিক অলংকাৰ (regalia) হিচাপে গ্ৰহণ কৰিছে আৰু বৰ্তমান খ্ৰুই শব্দটোৱে যিকোনো শৈলীৰ বিদ্যায়তনিক বা ৰাজদৰবাৰৰ পোছাকক বুজাবলৈ এক সাধাৰণ অৰ্থ লাভ কৰিছে।
চেহেৰা
[সম্পাদনা কৰক]
খ্ৰুই হৈছে এবিধ চিলাই কৰা আলখাল্লা, যি সাধাৰণতে আঁঠুৰ পৰা সৰু গাঁথিলৈকে দীঘল হয়। ইয়াৰ হাতবোৰ দীঘল আৰু সন্মুখৰ ফালটো খোলা থাকে। এই সাজযোৰ পাতল বা জালিযুক্ত কাপোৰেৰে তৈয়াৰ কৰা হয়, যাৰ ৰং সাধাৰণতে বগা আৰু ই দেখাত স্বচ্ছ হয়। সম্পূৰ্ণ কাষবোৰত আৰু হাতৰ মূৰত শকত কাপোৰৰ (যেনে: চেটিন, ফেল্ট বা তেনে কোনো সামগ্ৰী) পটি লগোৱা থাকে। ইয়াৰ উপৰিও কিলাকুটিৰ অলপ ওপৰত হাত দুখনৰ চাৰিওফালে অন্য এযোৰ পটি থাকে। যেতিয়া ইয়াক বিদ্যায়তনিক পোছাক হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়া এই পটিবোৰত পৰিধান কৰা ব্যক্তিজনৰ শিক্ষা প্ৰতিষ্ঠান আৰু শৈক্ষিক ডিগ্ৰীক সূচোৱা নিৰ্দিষ্ট আৰ্হি বা ডিজাইন থাকে। যেতিয়া জ্যেষ্ঠ চৰকাৰী বিষয়া বা ৰাজকীয় ব্যক্তিসকলে ইয়াক আনুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ কৰে, তেতিয়া পৰিধান কৰা ব্যক্তিজনৰ পদ মৰ্যাদা অনুযায়ী গাউনটোত সোণালী সূতাৰ এম্ব্ৰয়ডৰীৰ নিৰ্দিষ্ট আৰ্হি থাকিব পাৰে।[3] ৰাজকীয় পোছাক হিচাপে ব্যৱহাৰ কৰা খ্ৰুইৰ কিছুমান সবিশেষ পৃথক হ’ব পাৰে আৰু সেইবোৰ ৰঙীন বা সোণালী কাপোৰেৰে তৈয়াৰ কৰা হ’ব পাৰে।
ব্যৱহাৰ
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে খ্ৰুইয়ে ৰাজকীয় বা অভিজাত মৰ্যাদাক সূচাইছিল আৰু ইয়াক কেৱল পুৰুষেহে পৰিধান কৰিছিল। ৰাজপৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ সোকান (ৰাজকীয় চুলি কটা অনুষ্ঠান) অনুষ্ঠানৰ সময়ত পোনপ্ৰথমে ইয়াক ব্যৱহাৰ কৰিছিল।[টোকা 1] ৰজাই বিশেষ অনুষ্ঠান যেনে— ৰাজ অভিষেক, ৰাজকীয় শোভাযাত্ৰা বা বিশেষ দৰ্শনাৰ্থীক আদৰণি জনোৱাৰ সময়ত ইয়াক পৰিধান কৰিছিল।[7] নাক[টোকা 2] অৰ্থাৎ বৌদ্ধ ধৰ্মীয় দীক্ষা গ্ৰহণ কৰিবলৈ সাজু হোৱা ন-শিষ্যসকলে পিন্ধা খ্ৰুই হৈছে একমাত্ৰ এনে এক উপলক্ষ য’ত এজন ব্যক্তিৰ সামাজিক মৰ্যাদা নিৰ্বিশেষে ইয়াক পৰিধান কৰা হয়।
১৯১২ চনৰ অধ্যাদেশ অনুসৰি, পদ মৰ্যাদা, কাৰ্যালয় বা ৰাজকীয় অনুমতিৰ জৰিয়তেহে এজন ব্যক্তি খ্ৰুই পৰিধান কৰাৰ যোগ্য হ'ব পাৰে। ইয়াৰ যোগ্যতাসমূহৰ ভিতৰত 'অৰ্ডাৰ অফ চুলা চম ক্লাও'ৰ গ্ৰেণ্ড কম্পেনিয়ান আৰু তাৰ ওপৰৰ পদসমূহ, অথবা 'অৰ্ডাৰ অফ দ্য হোৱাইট এলিফেণ্ট' বা 'অৰ্ডাৰ অফ দ্য ক্ৰাউন অফ থাইলেণ্ড'ৰ নাইট কমাণ্ডাৰ আৰু তাৰ ওপৰৰ পদসমূহ অন্তৰ্ভুক্ত। বিচাৰকসকলে পূৰ্ণ সাজ-সজ্জাৰ ৰাজকীয় অনুষ্ঠানৰ সময়ত ইয়াক পিন্ধিব পাৰে; আন চৰকাৰী বিষয়াসকলেও তেনে অনুষ্ঠানত ইয়াক পিন্ধিব পাৰে যদিহে তেওঁলোকে কোনো নিৰ্দিষ্ট ভাষণ প্ৰদান কৰে বা বিশেষভাৱে নিৰ্দেশনা দিয়া হয়।[3][8] বৰ্তমান সময়ত এনে অনুষ্ঠান বিৰল যদিও বাৰ্ষিক ৰাজকীয় হাল বোৱা অনুষ্ঠান (Royal Ploughing Ceremony) আৰু মাজে মাজে হোৱা ৰাজকীয় শোভাযাত্ৰাত এতিয়াও খ্ৰুই পৰিধান কৰা দেখা যায়।
বৰ্তমান সময়ত খ্ৰুইক থাইলেণ্ডৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পোছাক হিচাপে অতি সহজে চিনাক্ত কৰিব পাৰি। চুলালংকৰ্ণ বিশ্ববিদ্যালয় ইয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰধান ব্যৱহাৰকাৰী। ইয়াক কোনো টুপি বা কেপ নোহোৱাকৈ পিন্ধা হয়। স্নাতক ডিগ্ৰীৰ বাবে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট সাজ-পাৰৰ (সাধাৰণতে পুৰুষৰ বাবে ৰাজ পেটাৰ্ণ জেকেট আৰু বগা পটলুং, মহিলাৰ বাবে বগা ব্লাউজ আৰু নেভি ব্লু স্কাৰ্ট) ওপৰত বা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে চুট আৰু টাইৰ ওপৰত ইয়াক পৰিধান কৰা হয়। অন্যান্য বিদ্যায়তনিক পোছাকৰ দৰেই ইয়াৰ ব্যৱহাৰ কেৱল সমাৱৰ্তন বা গ্ৰেজুৱেশ্যন অনুষ্ঠানৰ সময়তহে দেখা যায়।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]ৰাজকীয় গাউন
[সম্পাদনা কৰক]-
ৰজা প্ৰজাধিপকে ১৯৩২ চনৰ ১০ ডিচেম্বৰত চক্ৰী বংশৰ গাউন (Khrui Maha Chakkri Boromma Ratchawong) আৰু পঞ্চ-শীৰ্ষ মুকুট (Chada Ha Yot) পৰিধান কৰি শ্যাম দেশৰ সংবিধানত স্বাক্ষৰ কৰিছে।
-
ৰজা মংকুটে চক্ৰী বংশৰ গাউন, বিজয়ৰ মহান মুকুট আৰু ৰাজকীয় পাদুকা পৰিধান কৰিছে; ১৮৫১ চনৰ ফটো।
-
ৰজা নাংক্লাওক চক্ৰী বংশৰ গাউন পৰিহিত অৱস্থাত এখন চিত্ৰত দেখুওৱা হৈছে।
-
১৯৫০ চনৰ ৫ মে'ত ৰাজকীয় অভিষেকৰ অংশ হিচাপে ৰজা ভূমিবল অতুল্যদেজে সোণালী বোৱা গাউন (Khrui Krong Thong) পৰিধান কৰি গ্ৰেণ্ড পেলেচৰ পৰা পান্না বুদ্ধৰ মন্দিৰলৈ শোভাযাত্ৰা কৰিছে।
চৰকাৰী গাউন
[সম্পাদনা কৰক]"অভিজাত গাউন"
[সম্পাদনা কৰক]-
মহা বিজয়ৰ ৰথৰ বিষয়াসকলে অভিজাত গাউন (Khrui Khun Nang) আৰু 'লোমফোক' (Lomphok) নামৰ প্ৰাচীন চৰকাৰী শিৰস্ত্ৰাণ পৰিধান কৰিছে। ২০১২ চনৰ ৯ এপ্ৰিলৰ শোভাযাত্ৰা।
-
ৰাজকীয় পাল্কীত এগৰাকী বিষয়াই অভিজাত গাউন আৰু 'লোমফোক' পৰিধান কৰিছে, ১০ এপ্ৰিল ২০১২।
-
ৰথৰ বিষয়াসকলে অভিজাত গাউন আৰু 'লোমফোক' পৰিধান কৰিছে, ২০০৮ চনৰ ১৫ নৱেম্বৰ।
-
১৬৮৭ চনত চতুৰ্দশ লুইৰ সৈতে হোৱা সাক্ষাৎকাৰত 'কোচা পান'ৰ সৈতে শ্যাম দেশৰ কূটনীতিবিদসকলে অভিজাত গাউন আৰু 'লোমফোক' পৰিধান কৰা এখন ফৰাচী চিত্ৰ।
-
১৬৮৭ চনত ৰজা নাৰাইৰ পত্ৰ চতুৰ্দশ লুইক প্ৰদান কৰাৰ সময়ত শ্যাম দেশৰ কূটনীতিবিদসকলে অভিজাত গাউন আৰু 'লোমফোক' পৰিধান কৰা আন এখন চিত্ৰ।
"মন্ত্ৰী গাউন"
[সম্পাদনা কৰক]-
প্ৰধানমন্ত্ৰী অভিচিত ভেজ্জাজিভাই প্ৰথম শ্ৰেণীৰ মন্ত্ৰী গাউন (Khrui Senamat Chan Ek) পৰিধান কৰিছে।
-
চাই চিদচোবে দ্বিতীয় শ্ৰেণীৰ মন্ত্ৰী গাউন (Khrui Senamat Chan Tho) পৰিধান কৰিছে।
বিদ্যায়তনিক গাউন
[সম্পাদনা কৰক]-
ৰজা প্ৰজাধিপকে পৰিধান কৰা চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ এখন বিদ্যায়তনিক গাউন।
-
সুখোথাই থাম্মাথিৰাট মুক্ত বিশ্ববিদ্যালয়ৰ এজন স্নাতকে বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক গাউন পৰিধান কৰিছে।
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ มะสะลุม (5 December 2004). "มะงุมมะงาหรา" (Thai ভাষাত). Osotho খণ্ড 45 (5). Archived from the original on 6 August 2012. https://web.archive.org/web/20120806195935/http://www.osotho.com/th/content/index.php?myGroupID=6&action=cms1&myLeftMenu=6। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ Memorial Hall of Chulalongkorn University (17 March 2011). "ครุย: ความหมายและความเป็นมา (Khrui: meaning and history)" (Thai ভাষাত). Memorial Hall of Chulalongkorn University. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304235215/http://www.memohall.chula.ac.th/article/%E0%B8%84%E0%B8%A3%E0%B8%B8%E0%B8%A2/। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ 3.0 3.1 3.2 "พระราชกำหนดเสื้อครุย" (Thai ভাষাত). Royal Gazette খণ্ড 28: 141–6. 2 July 1912. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304061419/http://www.ratchakitcha.soc.go.th/DATA/PDF/2454/A/141.PDF। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ Chongkol, Sawat. "ฉลองพระองค์ครุยพระบรมราชูปถัมภก" (Thai ভাষাত). ของดีหอประวัติ. Memorial Hall of Chulalongkorn University. Archived from the original on 3 March 2012. https://web.archive.org/web/20120303000843/http://www.memohall.chula.ac.th/knowus/%E0%B8%82%E0%B8%AD%E0%B8%87%E0%B8%94%E0%B8%B5%E0%B8%AB%E0%B8%AD%E0%B8%9B%E0%B8%A3%E0%B8%B0%E0%B8%A7%E0%B8%B1%E0%B8%95%E0%B8%B4/। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ "พระราชกำหนดเสื้อครุยเนติบัณฑิต" (Thai ভাষাত). Royal Gazette খণ্ড 31: 537–8. 28 February 1915. Archived from the original on 20 March 2009. https://web.archive.org/web/20090320024746/http://www.ratchakitcha.soc.go.th/DATA/PDF/2457/A/537.PDF। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ "พระราชกำหนดเสื้อครุยบัณฑิต ของจุฬาลงกรณ์มหาวิทยาลัย พุทธศักราช 2473" (Thai ভাষাত). Royal Gazette খণ্ড 47: 92–5. 6 July 1930. Archived from the original on 30 September 2007. https://web.archive.org/web/20070930163829/http://www.ratchakitcha.soc.go.th/DATA/PDF/2473/A/92.PDF। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ Pakdeecharean, Penluck (7 July 2009). "กรุผ้าโบราณ เผ่าทอง ทองเจือ (Paothong Thongchua's historical clothing collection)" (Thai ভাষাত). Krungthep Turakij. Archived from the original on 21 August 2011. https://web.archive.org/web/20110821060159/http://www.bangkokbiznews.com/home/detail/life-style/society/20090707/57077/%E0%B8%81%E0%B8%A3%E0%B8%B8%E0%B8%9C%E0%B9%89%E0%B8%B2%E0%B9%82%E0%B8%9A%E0%B8%A3%E0%B8%B2%E0%B8%93-%E0%B9%80%E0%B8%9C%E0%B9%88%E0%B8%B2%E0%B8%97%E0%B8%AD%E0%B8%87-%E0%B8%97%E0%B8%AD%E0%B8%87%E0%B9%80%E0%B8%88%E0%B8%B7%E0%B8%AD.html। আহৰণ কৰা হৈছে: 25 August 2012.
- ↑ "พระราชกำหนดเสื้อครุยเพิ่มเติม" (Thai ভাষাত). Royal Gazette খণ্ড 31: 422–3. 11 November 1914. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304075438/http://www.ratchakitcha.soc.go.th/DATA/PDF/2457/A/422.PDF। আহৰণ কৰা হৈছে: 25 August 2012.