খৰোষ্ঠী লিপি
খৰোষ্ঠী | |
---|---|
![]() | |
প্ৰকাৰ | ধ্বনিগত বৰ্ণমালা লিপি |
ভাষা |
|
সময় | খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকা – তৃতীয় শতিকা |
মাতৃ লিপি |
মিচৰীয় হাইৰ'গ্লিফ
|
ভগ্নী লিপি |
|
ISO 15924 | Khar, 305 |
দিশ | সোঁৰ পৰা বাওঁ |
ইউনিক'ড নাম | Kharoshthi |
ইউনিক'ড ৰে'ঞ্জ | U+10A00–U+10A5F |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
খাৰোষ্ঠী লিপি (গান্ধাৰী: 𐨑𐨪𐨆𐨮𐨿𐨛𐨁𐨌𐨫𐨁𐨤𐨁, ৰোমানীকৃত: kharoṣṭhī lipi) বা গান্ধাৰী লিপি (𐨒𐨌𐨣𐨿𐨢𐨌𐨪𐨁𐨌𐨫𐨁𐨤𐨁, gāndhārī lipi)[1] ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা আফগানিস্তান হৈ মধ্য এছিয়ালৈকে বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এক প্ৰাচীন ভাৰতীয় লিপি আছিল।[2] খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ মাজভাগলৈকে সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ ভিতৰত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ আশে-পাশে ইয়াৰ গৃহভূমিত মৃত্যু হোৱালৈকে ইয়াক ব্যৱহাৰ কৰা হৈছিল। ই এবিধ ধ্বনিগত বৰ্ণমালা লিপি।[2]
ইয়াৰ উপৰিও বেক্ট্ৰিয়া, কুষাণ সাম্ৰাজ্য, ছগদিয়া আৰু ছিল্ক ৰোডৰ আশে-পাশে ইয়াৰ ব্যৱহাৰ আছিল। পূব তুৰ্কেস্তানৰ দুয়োখন চহৰ খোটান আৰু নিয়াতত হয়তো সপ্তম শতিকালৈকে এই লিপি বৰ্তি আছিল বুলি কিছু প্ৰমাণ পোৱা গৈছে।
ইতিহাস
[সম্পাদনা কৰক]
কিছুমানৰ মতে খাৰোষ্ঠী নামটো হিব্ৰু ভাষাৰ চেমিটিক শব্দ kharoshethৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে লিখা। আকৌ কিছুমানে এই নাম প্ৰাচীন ইৰানী শব্দ *xšaθra-pištra পৰা আহিছে বুলি দাবী কৰে। ইয়াৰ অৰ্থ হৈছে "ৰাজকীয় লিখনী।" [3] ইয়াৰ আগতে এই লিপিক ইণ্ডো-বেক্টৰিয়ান লিপি, কাবুল লিপি আৰু আৰ্য-পালি বুলিও কোৱা হৈছিল।[4][5]
খাৰোষ্ঠী লিপি ক্ৰমান্বয়ে বিকশিত হৈছিল নে কোনো এজন উদ্ভাৱকৰ ইচ্ছাকৃত সৃষ্টি আছিল সেই সম্পৰ্কে পণ্ডিতসকল একমত নহয়। এই লিপিৰ ৰূপসমূহৰ বিশ্লেষণে আৰামিক বৰ্ণমালাৰ ওপৰত স্পষ্ট নিৰ্ভৰশীলতা বিদ্যমান হৈছে যদিও ইয়াৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। ৰাজহুৱা শিলালিপিৰ বাবে ব্যৱহাৰ কৰা কীৰ্তিচিহ্নযুক্ত অংকনৰ পৰিৱৰ্তে মহান দাৰিয়াছৰ ৰাজত্বকালত প্ৰশাসনিক কামত ব্যৱহৃত আৰামিক ভাষাৰ এটা প্ৰকাৰৰ পৰা খৰোষ্ঠীৰ উদ্ভৱ হোৱা যেন লাগে। এক তত্ত্ব মতে খ্ৰীষ্টপূৰ্ব ৫০০ত আচামেনিডসকলে সিন্ধু উপত্যকা বিজয়ৰ লগে লগে আৰামীয় লিপি এই অঞ্চললৈ আহে আৰু পৰৱৰ্তী ২০০ বছৰতকৈ অধিক বিকশিত হৈ খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ ভিতৰত চূড়ান্ত ৰূপত উপনীত হৈ খৰোষ্ঠীৰ উদ্ভৱ হৈছিল। এই লিপি সম্ৰাট সম্ৰাট অশোকৰ কিছুমান ৰাজকীয় আদেশত প্ৰকাশ পাইছে। কিন্তু এই বিৱৰ্তনৰ আৰ্হিক নিশ্চিত কৰিবলৈ এতিয়াও কোনো মধ্যৱৰ্তী ৰূপ পোৱা হোৱা নাই আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা শিল আৰু মুদ্ৰাৰ শিলালিপিসমূত এক ঐক্যবদ্ধ আৰু মানক ৰূপত খৰোষ্ঠী লিপি পোৱা গৈছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ আৰামীয় ভাষাৰ এটা শিলালিপি বৰ্তমান পাকিস্তানৰ ছিৰকাপত উদ্ধাৰ হৈছে। এই শিলালিপিয়ে পাকিস্তানত আৰামীয় লিপিৰ উপস্থিতিৰ সাক্ষ্য দিছিল। ছাৰজন মাৰ্শ্বেলৰ মতে ইয়াৰ দ্বাৰা নিশ্চিত হোৱা যেন লাগে যে খৰোষ্ঠী লিপি পিছলৈ আৰামীয় ভাষাৰ পৰা বিকশিত হৈছিল।[6]
যুগ যুগ ধৰি ব্ৰাহ্মী লিপি প্ৰচলিত হৈ থাকিলেও খ্ৰীষ্টীয় দ্বিতীয়–তৃতীয় শতিকাৰ পাছত খৰোষ্ঠী পৰিত্যক্ত হোৱা যেন লাগে। চেমিটিকৰ পৰা উদ্ভৱ হোৱা খাৰোষ্ঠী লিপি আৰু ইয়াৰ উত্তৰাধিকাৰীসকলৰ মাজত যথেষ্ট পাৰ্থক্য থকাৰ বাবে খাৰোষ্ঠী জ্ঞান দ্ৰুতগতিত হ্ৰাস পাইছিল। সেয়ে হয়তো এই লিপিৰ ঠাই ব্ৰাহ্মীৰ পৰা উদ্ভৱ হোৱা লিপিয়ে হৈছিল। ১৯ শতিকাত পশ্চিমীয়া পণ্ডিতসকলে এই লিপি পুনৰ আৱিষ্কাৰ কৰে।
জেমছ প্ৰিন্সেপে (১৮৩৫ চনত জাৰ্নেল অৱ দ্য এছিয়াটিক ছ'চাইটি অৱ বেংগল, ইণ্ডিয়াত প্ৰকাশিত)[7] আৰু কাৰ্ল লুডৱিগ গ্ৰ'টেফেণ্ডে (১৮৩৬ চনত জাৰ্মানীৰ ব্লাটাৰ ফুৰ মুনজকুণ্ডেত প্ৰকাশিত) পৃথকে পৃথকে পৃথকে খৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কৰিছিল।[8] গ্ৰ'টেফেণ্ডে প্ৰিন্সেপৰ প্ৰবন্ধটোৰ বিষয়ে গম পোৱা নাছিল। তাৰ পিছত খ্ৰীষ্টিয়ান লাচেনে (১৮৩৮) পুনৰ এই কাৰ্যৰ সৈতে জড়িত হয়।[9] তেওঁলোকে এই কাৰ্যত ইণ্ডো-গ্ৰীক সম্ৰাজ্যৰ দ্বিভাষিক মুদ্ৰা ব্যৱহাৰ কৰিছিল। এই দ্বিভাষিক মুদ্ৰাৰ আগফালে গ্ৰীক ভাষা আৰু পিছফালে পালি ভাষাত খৰোষ্ঠী লিপি ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত অশোকৰ অনুশাসনসমূহৰ পাঠোদ্ধাৰ কৰা হয়। অশোকৰ অনুশাসনৰ কিছুমান যেনে মানছেহৰা আৰু শ্বাহবাজগড়ীৰ মুখ্য অনুশাসন খাৰোষ্ঠী লিপিত লিখা হৈছিল।[10]
শেহতীয়াকৈ পাকিস্তানৰ খাইবাৰ গিৰিপথৰ ঠিক পশ্চিমে আফগান চহৰ হাড্ডাৰ ওচৰত আৱিষ্কাৰ হোৱা খৰোষ্ঠী ভাষাত লিখা ভুজপত্ৰ পাণ্ডুলিপিৰ গান্ধাৰীয় বৌদ্ধ গ্ৰন্থ আৱিষ্কাৰ হোৱাৰ ফলত খৰোষ্ঠী লিপিৰ অধ্যয়নত সহজ হৈ উঠিছে। এই পাণ্ডুলিপিসমূহ ১৯৯৪ চনত ব্ৰিটিছ পুথিভঁৰাললৈ দান কৰা হয়। ব্ৰিটিছ পুথিভঁৰালৰ পাণ্ডুলিপিসমূহৰ সমগ্ৰ গোটটো খ্ৰীষ্টীয় ১ম শতিকাৰ বুলি উল্লেখ কৰা হৈছে যদিও বিভিন্ন প্ৰতিষ্ঠানৰ অন্যান্য সংগ্ৰহসমূহত খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় তৃতীয় শতিকালৈকে খৰোষ্ঠীৰ পাণ্ডুলিপি আছে।[11][12] ইয়াৰ ফলত ই এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি বৌদ্ধ পাণ্ডুলিপি হিচাপে পৰিগণিত হৈছে।
বৰ্ণমালা
[সম্পাদনা কৰক]
খৰোষ্ঠী লিপি বেছিভাগেই সোঁফালৰ পৰা বাওঁলৈ লিখা হৈছিল। বৰ্তমানৰ গ্ৰন্থসমূহত শব্দাংশৰ সংখ্যা আৰু ক্ৰম দুয়োটাৰে কিছু তাৰতম্য।
খাৰোষ্ঠী বৰ্ণমালাক অৰপচকন বৰ্ণমালা বুলিও কোৱা হয়।
- অ ৰ প চ ন
- দ ব ড ষ
- ৱ ত য় ষ্ট
- ক শ ম গ স্থ
- জ স্ব ধ স খ
- ক্ষ স্ত জ্ঞ ৰ্থ (বা হ)
- ভ ছ স্ম হ্ব ৎ
- ঘ থ ন ফ স্ক
- স্য ষ্ক ট ঢ
ইংৰাজী হৰফেৰে:
- a ra pa ca na
- la da ba ḍa ṣa
- va ta ya ṣṭa
- ka sa ma ga stha
- ja śva dha śa kha
- kṣa sta jñā rtha (or ha)
- bha cha sma hva tsa
- gha ṭha ṇa pha ska
- ysa śca ṭa ḍha
এই বৰ্ণমালা গান্ধাৰৰ বৌদ্ধ ধৰ্মত পৰিঘটনাৰ প্ৰকৃতিৰ ওপৰত লিখা পদ্যৰ শৃংখলা পঞ্চবিংশাতিষহশ্ৰীকা প্ৰজ্ঞাপাৰমিতা সূত্ৰৰ বাবে স্মৃতিশাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
বৰ্ণ
[সম্পাদনা কৰক]![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
|
![]() |
![]() |
![]() |
![]() | |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
|
![]() |
![]() |
![]() |
![]() |
বিৰাম চিহ্ন
[সম্পাদনা কৰক]নটা খৰোষ্ঠী বিৰাম চিহ্ন চিনাক্ত কৰা হৈছে:
- 𐩐 (বিন্দু)
- 𐩓 (অৰ্ধচন্দ্ৰদণ্ড)
- 𐩖 (দণ্ড)
- 𐩑 (সৰু বৃত্ত)
- 𐩔 (মঙ্গলম)
- 𐩗 (দ্বৈত দণ্ড)
- 𐩒 (বৃত্ত)
- 𐩕 (পদুম)
- 𐩘 (শাৰী)
সংখ্যা
[সম্পাদনা কৰক]খৰোষ্ঠীৰ সংখ্যা প্ৰণালী এটা সংহতিত অন্তৰ্ভুক্ত। ইয়াৰ সংখ্যাৰ সৈতে ৰোমান সংখ্যা আৰু পছল্টাৰ পাহলৱী সংখ্যাৰ সৈতে মিল আছে। এই প্ৰণালীটো যোগাত্মক আৰু এক গুণাত্মক নীতিৰ ওপৰত আধাৰিত। কিন্তু ৰোমান সংখ্যা প্ৰণালীত ব্যৱহৃত বিয়োগাত্মক বৈশিষ্ট্য নাই ইয়াত নাই।[14]
۱ | ۲ | ۳ | ㄨ | ۱ㄨ | ۲ㄨ | ۳ㄨ | ㄨㄨ | ۱ㄨㄨ |
---|---|---|---|---|---|---|---|---|
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
੭ | Ȝ | ੭Ȝ | ȜȜ | ੭ȜȜ | ȜȜȜ | ੭ȜȜȜ | ||
১০ | ২০ | ৩০ | ৪০ | ৫০ | ৬০ | ৭০ | ||
ʎ۱ | ʎ۲ | |||||||
১০০ | ২০০ |
সংখ্যাবোৰ আখৰৰ দৰে সোঁফালৰ পৰা বাওঁফাললৈ লিখা হয়। ৯ আৰু ৫ অংকৰ বাবে কোনো পৃথক চিহ্ন নাই। শূন্যৰ ধাৰণাও নাই। সংখ্যাবোৰ যোগাত্মক ৰূপত লিখা হয়, উদাহৰণ স্বৰূপে, ১৯৯৬ সংখ্যক 𐩇𐩃𐩃𐩀𐩆𐩅𐩅𐩅𐩅𐩄𐩃𐩁 হিচাপে লিখা হয়।
- 𐩅𐩅𐩅𐩅𐩄𐩃𐩁 𐩃𐩃𐩀𐩆 𐩇
- (২+৪+১০+২০+২০+২০+২০) +১০০x(১+৪+৪) +১০০০
অংকসমূহ
[সম্পাদনা কৰক]![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
ইউনিক'ড
[সম্পাদনা কৰক]২০০৫ চনৰ মাৰ্চ মাহত ৪.১ সংস্কৰণৰ মুক্তিৰ লগে লগে খৰোষ্ঠীক মানক ইউনিক'ডত যোগ কৰা হয়।
খৰোষ্ঠীৰ বাবে ইউনিক'ড ব্লক হৈছে U+10A00–U+10A5F:
খৰোষ্ঠী[1] ইউনিকোড তালিকা (পিডিএফ) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+10A0x | 𐨀 | 𐨁 | 𐨂 | 𐨃 | 𐨅 | 𐨆 | 𐨌 | 𐨍 | 𐨎 | 𐨏 | ||||||
U+10A1x | 𐨐 | 𐨑 | 𐨒 | 𐨓 | 𐨕 | 𐨖 | 𐨗 | 𐨙 | 𐨚 | 𐨛 | 𐨜 | 𐨝 | 𐨞 | 𐨟 | ||
U+10A2x | 𐨠 | 𐨡 | 𐨢 | 𐨣 | 𐨤 | 𐨥 | 𐨦 | 𐨧 | 𐨨 | 𐨩 | 𐨪 | 𐨫 | 𐨬 | 𐨭 | 𐨮 | 𐨯 |
U+10A3x | 𐨰 | 𐨱 | 𐨲 | 𐨳 | 𐨸 | 𐨹 | 𐨺 | 𐨿 | ||||||||
U+10A4x | 𐩀 | 𐩁 | 𐩂 | 𐩃 | 𐩄 | 𐩅 | 𐩆 | 𐩇 | ||||||||
U+10A5x | 𐩐 | 𐩑 | 𐩒 | 𐩓 | 𐩔 | 𐩕 | 𐩖 | 𐩗 | 𐩘 | |||||||
Notes
|
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Leitich, Keith A. (2017). "Kharoṣṭhī Script" (en ভাষাত). Buddhism and Jainism. Encyclopedia of Indian Religions. Springer Netherlands. পৃষ্ঠা. 660–662. doi:10.1007/978-94-024-0852-2_238. ISBN 978-94-024-0851-5. https://link.springer.com/referenceworkentry/10.1007/978-94-024-0852-2_238.
- ↑ 2.0 2.1 R. D. Banerji (April 1920). "The Kharosthi Alphabet". The Journal of the Royal Asiatic Society of Great Britain and Ireland খণ্ড 52 (2): 193–219. doi:10.1017/S0035869X0014794X.
- ↑ Bailey, H. W. (1972). "A Half-Century of Irano-Indian Studies". Journal of the Royal Asiatic Society of Great Britain and Ireland খণ্ড 104 (2): 99–110. doi:10.1017/S0035869X00157466.
- ↑ "When these alphabets were first deciphered, scholars gave them different names such as 'Indian-Pali' for Brahmi and 'Arian-Pali' for Kharosthi, but these terms are no longer in use." in Upāsaka, Sī Esa; Mahāvihāra, Nava Nālandā (2002) (en ভাষাত). History of palæography of Mauryan Brāhmī script. Nava Nālanda Mahāvihāra. পৃষ্ঠা. 6. ISBN 9788188242047. https://books.google.com/books?id=P19jAAAAMAAJ.
- ↑ Kharosthi[সংযোগবিহীন উৎস]. Great Russian Encyclopedia.
- ↑ A Guide to Taxila, John Marshall, 1918
- ↑ (English ভাষাত) Journal of the Asiatic Society of Bengal Vol IV 1835. পৃষ্ঠা. 327–348. https://archive.org/details/JournalOfTheAsiaticSocietyOfBengalVolIv1835/page/n391/mode/2up.
- ↑ Grote, Hermann (1836) (de ভাষাত). Blätter für Münzkunde. Hannoversche numismatische Zeitschrift. Hrsg. von H. Grote. Hahn. পৃষ্ঠা. 309–314. https://books.google.com/books?id=hVtfAAAAcAAJ.
- ↑ Salomon 1998, পৃষ্ঠা. 210–212.
- ↑ Dias, Malini; Miriyagalla, Das (2007). "Brahmi Script in Relation to Mesopotamian Cuneiform". Journal of the Royal Asiatic Society of Sri Lanka খণ্ড 53: 91–108.
- ↑ Richard, Salomon (2018). Buddhist Literature of Ancient Gandhara: An Introduction with Selected Translations. Simon and Schuster. পৃষ্ঠা. 1. ISBN 978-1-61429-185-5. "…Subsequent studies have confirmed that these and other similar materials that were discovered in the following years date from between the first century BCE and the third century CE…"
- ↑ University of Washington. "The Early Buddhist Manuscripts Project": "...These manuscripts date from the first century BCE to the third century CE, and as such are the oldest surviving Buddhist manuscripts as well as the oldest manuscripts from South Asia..." Retrieved 18 September 2021.
- ↑ Inscriptions of Asoka. New Edition by E. Hultzsch. 1925. পৃষ্ঠা. 56–57. https://archive.org/stream/InscriptionsOfAsoka.NewEditionByE.Hultzsch/HultzschCorpusAsokaSearchable#page/n197/mode/2up.
- ↑ Graham Flegg, Numbers: Their History and Meaning, Courier Dover Publications, 2002, আই.এচ.বি.এন. 978-0-486-42165-0, p. 67f.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত খৰোষ্ঠী লিপি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |