গ'লিৰ নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ’লিৰ নাম না(ইংৰাজী: Golir Naam)মনি অসমৰ ঠাইবিশেষে পতা এক লোক-অনুষ্ঠান৷ ই ৰাখাল পূজা, গৰখীয়া সবাহ, গোপাল ভোগ কৰাৰ দৰেই গৰুৰ মংগল কামনা কৰি গৰখীয়াসকলক আপ্যায়ন কৰা হয়৷ নামনি অসমত গৰু ৰখা ঠাইৰ কথিত ৰূপ গ’লি বা গোলি৷ সেয়ে এই অনুষ্ঠানৰ নাম “গ’লিৰ নাম’’৷ সাধাৰণতে জুন-জুলাই মাহত গ’লিৰ নাম পতা হয়৷ এই সময়ত অসমত ভৰ বাৰিষাৰ কাল৷ বাৰিষাকলাত সাধাৰণতে গৰুৰ নানা ধৰণৰ বেমাৰ বিশেষকৈ চবকা বেমাৰ হয় আৰু গৰু মৃত্যু হয়৷ অসমীয়া কৃষকৰ বাবে গৰু বৰ দৰ্কাৰী জীৱ৷ সেয়ে, সকলো বিপদ-আপদৰ পৰা পোহনীয়া গৰুৰ মংগলৰ বাবে ঠায়ে ঠায়ে গ’লিৰ নাম পাতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়৷ অনুষ্ঠানৰ দিনা গোহালি ঘৰ সাৰি-মচি আবেলি পৰত গৰখীয়াসকলক নিমন্ত্ৰণ কৰি আনি বহুৱাই আয়তীসকলে নাম গায়৷ এই নামত এৱাঁ গাখীৰ, ঘিউ, মৌ, চেনি আৰু গোটা চাউলৰ ঘোল তৈয়াৰ কৰি নৈবেদ্য হিচাপে আগ কৰা হয়৷ কেঁচা পিঠাগুড়িৰ লাড়ুও বান্ধে৷ আয়তীসকলে গোৱা নামৰ এটি অংশ;

আনৰ বাছা ডাঙৰ দীঘল আমাৰ বাছা সৰু৷
যৈতে থাকে সিংহ ব্যাঘ্ৰ তৈতে চাৰে গৰু৷....[1]

গ’লিৰ নাম বা গোহালিৰ নামেৰে খেতিৰ প্ৰধান সম্বল গো-সম্পদৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়৷ এই নামত গৰু আৰু গৰখীয়া উভয়কে মান ধৰা হয়[2] আৰু নাম-গুণ গাই পিছত প্ৰসাদ খুওৱা হয়৷ মহাৰাষ্ট্ৰতো “অখতীক’’ নামে এনে ধৰণৰ উৎসৱ পতা হয়৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. মৰল, ড° ৰজিতা কলিতা (২০১৫). "অবিভক্ত কামৰূপ জিলাৰ লোকউৎসৱ". মনপুৰ মৌচন্দা: ৬০৩. 
  2. দাস, ড° সূৰ্য্য (এপ্ৰিল ২০০৭). "গৰু বিহু গো-পূজা". ৰঙালী খণ্ড সোণালী জয়ন্তী সংখ্যা.