গ'শ্বিন



গ'শ্বিন ( জাপানিঃ 護神, "আত্মাৰ ৰক্ষক")[1] হ'ল জন নাকাৰ দ্বাৰা সৃষ্ট এখন বনছাইৰ অৰণ্য। এয়া হ'ল হাতেৰে ৰোপণ কৰা ফোমিনা জুনিপাৰ্চৰ অৰণ্য, যিখন নাকাই ১৯৪৮ চনত বনছাইৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ সময়ত ৰোপণ কৰিছিল। ১৯৮৪ চনত নাকাই ইয়াক নেচনেল বনছাই ফাউণ্ডেচনলৈ দান কৰে আৰু ইয়াক আমেৰিকাৰ নেচনেল আৰ্বৰেটামত প্ৰদৰ্শিত কৰা হয়। গছবোৰে পৃথকে পৃথকে নাকাৰ প্ৰতিজন নাতি-নাতিনীক প্ৰতিনিধিত্ব কৰে।
ইতিহাস
[সম্পাদনা কৰক]নাকাই প্ৰথমবাৰৰ বাবে এঘাৰজোপা গছ লৈ ১৯৪৮ চনত কাম আৰম্ভ কৰিছিল আৰু তাৰ ভিতৰৰ দুজোপা গছৰ পৰা তেওঁ অৱশেষত গ'শ্বিন বনাবলৈ সক্ষম হৈছিল। তেওঁ একে উচ্চতাৰ দুটা ফোমিনিয়া জুনিপাৰ্চ ব্যৱহাৰ কৰি “টু ট্ৰি ষ্টাইল’’ সৃষ্টি কৰিছিল। ১৯৫৩ চনত এখন প্ৰদৰ্শনীৰ সময়ত নাকাই তেওঁৰ বনছাই শ্ৰেণীৰ বাবে পৰম্পৰাগত উলম্ব শৈলীত এটা ফোমিনিয়া সৃষ্টি কৰিছিল। তেওঁ এজোপা ওখ গছ (যিটো শেষত গোশিনৰ মূল ওখ গছ হৈ পৰিল) অধিগ্ৰহণ কৰে আৰু যিটোক ক্ৰমান্বয়ে পাতল কৰি মাটিত পুনৰ ৰোপণ কৰি গঢ় দিয়া হ’ল; ১৯৬০ চনত ইয়াক প্ৰদৰ্শনৰ বাবে সাজু কৰা হৈছিল৷[2]
১৯৬৪ চনত গ'শ্বিনে প্ৰথম হাতেৰে ৰোপণ কৰা অৰণ্যৰ ৰূপ লয়। জাপানৰ এটি কৱৰস্থানৰ সমীপৱৰ্তী কেমেলিয়া অৰণ্যৰ পৰা অনুপ্ৰাণিত হৈ নাকাই প্ৰথমে চাৰিজোপা গছ একত্ৰিত কৰিছিল আৰু তেওঁ ইতিমধ্যে সেইবোৰক পৃথকে পৃথকে ডাঙৰ কৰি ৪ ফুট (১.২ মিটাৰ) ওখকৈ গঢ় দিছিল।[2][3] অতি শীঘ্ৰে তেওঁ আৰু তিনিজোপা গছ যোগ কৰি সাতজোপা গছৰ বনছাই সৃষ্টি কৰিলে। নাকাই পৰ্যাপ্ত পানী নিষ্কাশন নিশ্চিত কৰিবলৈ পাত্ৰটোও সলনি কৰিছিল - যাৰ অভাৱৰ ফলত গছবোৰৰ মাজৰ এজোপা মৰিল আৰু বাৰে বাৰে পুনৰ ট্ৰেত ভৰাইবলগীয়া হ’ল। এই সময়ত নাকাৰ সাতটি নাতি-নাতিনী আছিল আৰু তেওেঁলাকৰ প্ৰত্যেককে গছ-গছনিৰে প্ৰতিনিধিত্ব কৰা হৈছিল। সহযোগী বনছাই শিল্পীসকলৰ অনুৰোধত তেওঁ নিজৰ সংগ্ৰহৰ নাম ৰাখিছিল গ'শ্বিন, যাৰ অৰ্থ আত্মাৰ ৰক্ষক। শ্মশানখনৰ অৰণ্যৰ পৰা অনুপ্ৰাণিত হোৱাৰ বাবেই তেওঁ এই নাম ৰাখিছিল বুলি ধাৰণা কৰা হয়। ১৯৭৩ চনত নাকাৰ ১১টি নাতি-নাতিনী আছিল আৰু তেওঁ গ'শ্বিনত সাদৃশ্য ৰক্ষাৰ বাবে গছৰ সংখ্যা বৃদ্ধি কৰিছিল। এঘাৰটা গছে মূলতঃ তেওঁৰ এঘাৰটি নাতি-নাতিনীক প্ৰতিনিধিত্ব কৰে।[2]
১৯৮৪ চনৰ মাৰ্চ মাহৰ মাজভাগত গ'শ্বিনক প্ৰথমবাৰৰ বাবে ফিলাডেলফিয়া ফুলৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল আৰু তাত প্ৰায় ২,৫০,০০০ লোকে তাক চাইছিল।[4] প্ৰদৰ্শনীৰ শেষত নাকাই গ'শ্বিনক নেচনেল বনছাই ফাউণ্ডেশ্যনলৈ দান কৰে (যিটো ১৯৭৬ চনত তেওঁৰ সহযোগিতাত প্ৰতিষ্ঠা হৈছিল), যিটো নেচনেল বনছাই-ৰ নতুন উত্তৰ আমেৰিকান পেভিলিয়ন (তেওঁৰ সন্মানত নামকৰণ কৰা হৈছে) আৰু ৱাশ্বিংটন ডি চিৰ ইউনাইটেড ষ্টেটছ নেচনেল আৰ্বৰেটামৰ পিনজগাউ সংগ্ৰহালয়ত প্ৰদৰ্শিত হ'ব৷[5] ১৯৮৪ চনৰ পৰা গ'শ্বিনে বাৰে বাৰে বিশিষ্ট বনছাই আলোচনীৰ কভাৰ পেজত শোভা বঢ়াই আহিছে। গ'শ্বিন হৈছে অন্যতম বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত বনছাই।[4]
১৯৯৯ চনত বিস্তৃৰ্ণ কামকে ধৰি গ'শ্বিনৰ তত্ত্বাৱধান আৰু ৰক্ষণাবেক্ষণ পৰিদৰ্শন কৰিবলৈ নাকাই প্ৰায়ে ৱাশ্বিংটন ডি চিলৈ উভতি আহিছিল। পিছৰ বছৰত তেওঁ আন এটা বন বনছাই সৃষ্টি কৰে, যাক গ'শ্বিন টু বুলি জনা যায়। ২০০৪ চনত যেতিয়া নাকাৰ মৃত্যু হয়, তেতিয়া ফৰাচী চাইটত এক বিশদ কাৰ্টুন প্ৰকাশ পাইছিল: "জন নাকা নাই। গ'শ্বিনৰ ডালবোৰৰ মাজত বিস্ময় বিহ্বলতাৰ প্ৰলাপৰ ফুচফুচনি৷"[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Akey C.F. Hung (April–June 2013). "How did John Naka write Goshin in Japanese?". BCI Magazine: 59.
- ↑ 2.0 2.1 2.2 William N. Valavanis, "The History of Goshin (Protector of the spirit) Archived 2007-08-12 at the Wayback Machine", North American Bonsai Federation Newsletter #1, Feature #5 (December 2002). Accessed August 9, 2007.
- ↑ Gallery Museum – Designing Bonsai. Accessed March 28, 2008.
- ↑ 4.0 4.1 4.2 John Y. Naka Biography, Part II Archived 2012-05-04 at the Wayback Machine, accessed August 9, 2007.
- ↑ "John Naka Archived 2007-08-09 at the Wayback Machine", The National Heritage Fellowship Program, 1992. Accessed August 9, 2007.