সমললৈ যাওক

গংগাসতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গংগাসতী আছিল পশ্চিম ভাৰতৰ ভক্তি পৰম্পৰাৰ মধ্যযুগীয় সাধু কবি যিয়ে গুজৰাটী ভাষাত কেইবাটাও ভক্তিমূলক গীত ৰচনা কৰিছিল।[1][2][3]

তেওঁৰ জীৱন সম্পৰ্কীয় কোনো প্ৰামাণিক তথ্য উপলব্ধ নহয় কাৰণ তেওঁৰ গীত আৰু জীৱন কাহিনী মূলতঃ মৌখিক পৰম্পৰাৰ দ্বাৰা প্ৰচলিত হৈছিল। পৰম্পৰাগত বিৱৰণী অনুসৰি ভাৰতৰ তালুকা জেছাৰ গাঁও ৰাজপাৰা গুজৰাট ৰাজ্যৰ সৌৰাষ্ট্ৰ জিলা ভৱনগৰৰ সৰ্বৈয়া(দক্ষিণ সৌৰাষ্ট্ৰৰ ক্ষত্ৰিয় যাদৱ বংশ) ৰাজপুত পৰিয়ালত প্ৰায় দ্বাদশ শতিকাৰ পৰা চতুৰ্দশ শতিকাত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমানৰ ভৱনগৰৰ সমীপৰ সমধিয়ালা গাঁৱৰ কহলসংগ গোহিল বা কালুভা গোহিলৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ ভক্তি আন্দোলনৰ নিজিয়া পৰম্পৰাৰ অনুগামী আছিল। দম্পতীহাল ধাৰ্মিক আছিল আৰু তেওঁলোকৰ ঘৰখন ভক্তিমূলক কামৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, যিটো সাধু (তপস্বী) আৰু পৰিব্ৰাজক লোকৰ ক্ষেত্ৰত সংখ্যাত কম আছিল। তেওঁলোকে খেতি কৰিবলৈ আহি এটা জুপুৰি সাজিলে য’ত তেওঁলোকে ধৰ্মীয় কাম-কাজো অব্যাহত ৰাখিলে। পৰম্পৰাগত বিৱৰণী অনুসৰি কালুভাই নিজৰ আধ্যাত্মিক শক্তি প্ৰমাণ কৰিবলৈ এবাৰ এটা গৰুক বধ কৰিছিল যদিও পিছলৈ ইয়াৰ বাবেই তেওঁ অনুশোচনা কৰি সমাধি লৈ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয়। গংগাসতীয়ে তেওঁকো সতী যাবলৈ অনুমতি বিচাৰিছিল যদিও তেওঁ অস্বীকাৰ কৰি ভক্তি পথত পানবাইক সিদ্ধ নকৰালৈকে অপেক্ষা কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ মান্তি হৈ পানবাইক ভক্তিৰ পথ শিকাবলৈ বাৱন্নদিন দিনে এটাকৈ ভক্তিমূলক গীত, ভজন, ৰচনা কৰিছিল। তাৰ পিছত তেওঁ সমাধিত লীন যায়।[1][2][4]

গুৰুৰ গুৰুত্ব আৰু কৃপা, ভক্তৰ জীৱন, প্ৰকৃতি আৰু ভক্তিৰ বাক্যৰ দৰে বিষয়বস্তু আৰু আধ্যাত্মিক শিক্ষাৰে প্ৰত্যেকটো ভজন ৰচনা কৰিছিল। পানবাইক নিৰ্দেশ দিয়াৰ দৰে ৰচনা কৰা হয়। উল্লেখযোগ্য যে এই ভজনসমূহত কোনো পৰম্পৰাগত হিন্দু দেৱতাৰ উল্লেখ নাই কিন্তু সাধাৰণতে কোনো ৰূপ বা বৈশিষ্ট্য নোহোৱাকৈ দেৱতাৰ কথা উল্লেখ কৰা হৈছে। ভজনসমূহে আধ্যাত্মিক লাভৰ পদ্ধতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে। তেওঁৰ ভজনসমূহ এতিয়াও সৌৰাষ্ট্ৰত জনপ্ৰিয় আৰু পৰম্পৰাগতভাৱে ভক্তিমূলক গায়কসকলে গায়।[1][2][5][6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Susie J. Tharu; Ke Lalita (1991). Women Writing in India: 600 B.C. to the early twentieth century. Feminist Press at CUNY. পৃষ্ঠা. 87–88. ISBN 978-1-55861-027-9. https://books.google.com/books?id=u297RJP9gvwC&pg=PA87। আহৰণ কৰা হৈছে: 5 August 2014. 
  2. 2.0 2.1 2.2 Suthar, Babu (2004). "Gangasati (Gangabai)". In Jestice, Phyllis G. Holy People of the World: A Cross-cultural Encyclopedia. 1. ABC-CLIO. pp. 292–293. ISBN 978-1-57607-355-1. 
  3. Shrivastava, Meenal (2017-01-02). "Invisible Women in History and Global Studies: Reflections from an Archival Research Project". Globalizations খণ্ড 14 (1): 1–16. doi:10.1080/14747731.2016.1158905. ISSN 1474-7731. https://auspace.athabascau.ca/handle/2149/3570. 
  4. Pande, Rekha (December 2012). "Women's voice in Bhakti literature" (en ভাষাত). Research in World Literature, ( A Refereed Journal in Literature Studies): 70–71. ISSN 2319-5266. https://www.researchgate.net/publication/236680232. 
  5. Manushi. Samta. 1988. পৃষ্ঠা. 67–72. https://books.google.com/books?id=gDYpAAAAYAAJ। আহৰণ কৰা হৈছে: 5 August 2014. 
  6. Kalani, K.L. (September–October 1976). "Saint Literature in Gujarati". Indian Literature (Sahitya Akademi) খণ্ড 19 (5): 36–48.