সমললৈ যাওক

গংগাৱতৰণ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গংগাৱতৰণ
পৰিচালক দাদাচাহেব ফাল্কে
ৰচনা দাদাচাহেব ফাল্কে
অভিনয়ত
  • চিটনিচ
  • সুৰেশ পৰদেশী
চিত্ৰগ্ৰহণকাৰী বসুদেৱ কৰ্ণাটকী
সংগীত পৰিচালক বিশ্বনাথ যাদৱ
প্ৰযোজনা
কোম্পানী
কোহলাপুৰ মুভীট’ন
মুক্তি
১৯৩৭ (1937)
দেশ ভাৰত
ভাষাসমূহ

গংগাৱতৰণ' (ইংৰাজী: Gangavataran ) ১৯৩৭ চনৰ "ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ" হিচাপে পৰিচিত দাদাচাহেব ফাল্কেৰ এখন ভাৰতীয় ছবি। এইখন আছিল প্ৰথম চাউণ্ড ফিল্ম[1] আৰু ফাল্কেই পৰিচালনা কৰা শেষ ছবি। ফাল্কেই যেতিয়া এই ছবিখন পৰিচালনা কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ কোহলাপুৰ মুভীট’নৰ হৈ গংগাৱতৰণ পৰিচালনা কৰিছিল।[2]

নিৰ্মাণ

[সম্পাদনা কৰক]

গংগাৱতৰণৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ দুবছৰ সময় লাগিছিল। এই ছবিখনৰ নিৰ্মাণ ব্যয় আছিল সমসাময়িক মুদ্ৰাৰ মূল্যত ডেৰ লাখ টকা ১৯৩৭ চনৰ ৬ আগষ্টত মুম্বাইৰ ৰয়েল অপেৰা হাউচত এই ছবিখন প্ৰদৰ্শিত হয়। গংগাৱতৰণ আছিল ৰয়েল অপেৰা হাউচত প্ৰদৰ্শিত হোৱা প্ৰথমখন ভাৰতীয় চাউণ্ড ফিল্ম।[3]

বিশ্লেষণ

[সম্পাদনা কৰক]

গংগাৱতৰণ এখন পৌৰাণিক ছবি আছিল। যেতিয়া ফাল্কেই এই ছবিখন পৰিচালনা কৰিছিল তেতিয়া ভি শান্তৰামৰ দৰে আন চলচ্চিত্ৰ নিৰ্মাতাসকলে সমাজ সংস্কাৰক বিষয়ভিত্তিক উপাদান হিচাপে লৈ ছবি পৰিচালনা কৰিছিল।[4] বক্স অফিচত গংগাৱতৰণ ফ্লপ হৈছিল। হিন্দী চলচ্চিত্ৰৰ বিশ্বকোষত গংগাৱতৰণক ফাল্কে কৰা "শেষ হতাশজনক প্ৰচেষ্টা" বুলি বৰ্ণনা কৰা হৈছে। সেই সময়ত বিগ বাজেটৰ ছবিবোৰ ফলেফুলে জাতিষ্কাৰ হব ধৰিছিল, যাৰ বৈশিষ্ট্য আছিল "সহজ অনুসৰণ কৰিব পৰা সংলাপ, আকৰ্ষণীয় গীত, লোকনৃত্য, ভুল বুজাবুজিৰ নাটকৰ, গ্ৰাম্য ৰোমাঞ্চ" আৰু তাৰ লগেলগে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম পথ প্ৰদৰ্শকসকল ৰাজহুৱা স্মৃতিৰ পৰা দ্ৰুতভাৱে ম্লান হৈ যাব ধৰিছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Eric Mazur (8 March 2011). Encyclopedia of Religion and Film. ABC-CLIO. পৃষ্ঠা. 75. ISBN 978-0-313-33072-8. https://books.google.com/books?id=m3oLA1ThOBYC&pg=PA75। আহৰণ কৰা হৈছে: 23 February 2012. 
  2. The India magazine of her people and culture. A. H. Advani. 1997. পৃষ্ঠা. 13. https://books.google.com/books?id=6AduAAAAMAAJ&q=gangavataran+1937। আহৰণ কৰা হৈছে: 23 February 2012. 
  3. Bāpū Vāṭave (1 January 2004). Dadasaheb Phalke, the father of Indian cinema. National Book Trust. পৃষ্ঠা. 115. ISBN 978-81-237-4319-6. https://books.google.com/books?id=zTZnAAAAMAAJ। আহৰণ কৰা হৈছে: 23 February 2012. 
  4. Bimal Mukherjee; Sunil Kothari; Ananda Lal; Chidananda Das Gupta; Anamika Kala Sangam (1995). Rasa: Theatre and cinema. Anamika Kala Sangam. পৃষ্ঠা. 227. https://books.google.com/books?id=uwFlAAAAMAAJ&q=gangavataran+1937. 
  5. Encyclopædia Britannica (India) Pvt. Ltd; Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃষ্ঠা. 76. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT76। আহৰণ কৰা হৈছে: 23 February 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]