সমললৈ যাওক

গগন চন্দ্ৰ সোণোৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গগন চন্দ্ৰ সোণোৱাল আছিল সোণোৱাল কছাৰী জাতিৰ লোক-সংস্কৃতিৰ গৱেষক, সু-সাহিত্যিক, আজীৱন শিক্ষাবিদ, নিষ্ঠাবান সাংস্কৃতিক কৰ্মী, সু-সংগঠক, একাধাৰে খেতিয়ক, সাংবাদিক আৰু এজন সোণোৱাল কছাৰী জাতিৰ অভিভাৱকস্বৰূপ।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯২৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ শুকানগুৰি চাহ বাগিচাত গগন চন্দ্ৰ সোণোৱালৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল তিলক সোণোৱাল আৰু মাতৃৰ নাম আছিল অদিতি সোণোৱাল। তেওঁৰ পত্নীৰ নাম আছিল বিমলা সোণোৱাল। তেওঁৰ পাঁচটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ আছিল যদিও পত্নী বিয়োগত মৰ্মাহত হৈ উদং ভৰিৰে গাঁৱে-ভূঞে, চহৰে-নগৰে, সভাই-সমিতিৰে ঘূৰি ফুৰিছিল।

গগন চন্দ্ৰ সোণোৱাল মাকুম প্ৰাইমেৰী স্কুলৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি যথাক্ৰমে ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ কলেজৰ পৰা কলা শাখাত আই. এ পৰীক্ষা উত্তীৰ্ণ হৈছিল।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

সোণোৱালে পৈত্ৰিক ঘৰ এৰি নৱবিবাহিত পত্নীক লৈ ১৯৪৮ চনত কাকপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত এগৰাকী প্ৰতিষ্ঠাপক শিক্ষকৰূপে কৰ্ম জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয় শিক্ষক আৰু কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে সুদীৰ্ঘকাল শিক্ষকতা কৰি ১৯৮৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

গগন চন্দ্ৰ সোণোৱালে ১৯৪২ চনত 'মানৱ সভ্যতা আৰু ক্ৰমবিকাশ' নামৰ প্ৰবন্ধ লিখি সাহিত্য চৰ্চাৰ পাতনি মেলে। সোণোৱাল কছাৰী জনজাতিৰ সাহিত্য-সংস্কৃতিৰ এগৰাকী বাটকটীয়া হিচাপে গগন চন্দ্ৰ সোণোৱালে সোণোৱাল কছাৰী জাতিৰ কলা-সাহিত্য-সংস্কৃতিৰ বহল পথাৰখনৰ মৌখিকভাৱে প্ৰচলিত হৈ থকা বিভিন্ন গীত-মাত আৰু সাংস্কৃতিক উপাদানসমূহ উদ্ধাৰ কৰি অসমৰ বিভিন্ন কাকত-পত্ৰত লিখিত আকাৰে প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। ৰামধেনু, প্ৰতিধ্বনি, অসম সাহিত্য সভাৰ পত্ৰিকা আৰু অসমৰ বিভিন্ন আলোচনী, প্ৰবন্ধ সংকলন আদিত প্ৰবন্ধ লিখি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিছিল। ড° বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত শিশু আলোচনী 'ৰংঘৰ', অতুলচন্দ্ৰ হাজৰিকাৰ বিদ্যালয়ৰ পাঠ্যপুথি 'সোণালী পাঠ', ড° প্ৰফুল্ল দত্ত গোস্বামীৰ 'মোৰ দেশৰ সাধু'ত  তেওঁৰ সাধুকথা প্ৰকাশ পাইছিল।

বৰ্তমানলৈকে প্ৰকাশ পোৱা গ্ৰন্থসমূহ হৈছে-[1]

  1. ‘সোণোৱাল কছাৰীসকলৰ ঐতিহ্য’
  2. ‘অসমৰ সংস্কৃতিত সোণোৱালসকলৰ অৱদান’ আদি চৌবিশটা মৌলিক প্ৰবন্ধ
  3. লোকসাহিত্য-সংগ্ৰহ (গীত-মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি)
  4. অন্যান্য ৰচনাৱলীৰ ভিতৰত আছে তেৰটা অমূল্য নিবন্ধ
  5. ভাষাণাৱলী (ঊনৈশটা ভাষণ)
  6. ছয়টা কবিতা প্ৰভৃতি বিচিত্ৰ সাহিত্যকৰ্মই গগন চন্দ্ৰ সোণোৱালৰ জীৱনৰ কীৰ্তি।

বঁটা আৰু সামাজিক স্বীকৃতি

[সম্পাদনা কৰক]

সোণোৱালে জীৱনকালত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতিৰ অধ্যাপক গৱেষক পণ্ডিত ড° প্ৰফুল্ল দত্ত গোস্বামী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, বেণুধৰ শৰ্মা, বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, ড° নগেন শইকীয়া আদি গুণী-জ্ঞানী ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল। লোক-সংস্কৃতিৰ গৱেষক ড° প্ৰফুল দত্ত গোস্বামীক গগন চন্দ্ৰ সোণোৱালে গুৰু হিচাপে গ্ৰহণ কৰিছিল।

গগন চন্দ্ৰ সোণোৱাল 'তৰুণ লেখক সংঘ'ৰ সম্পাদক, অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, তিনিচুকীয়া জিলা সমন্বিত জনজাতি প্ৰকল্পৰ সভাপতি, সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ কাৰ্যকৰী সভাপতি আৰু পাছলৈ সভাপতি হিচাপে নিৰ্বাচিত হয়।[2]

অসমীয়া সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে অসম চৰকাৰে গগন চন্দ্ৰ সোণোৱালক ১৯৮৯ চনত সাহিত্যিক পেঞ্চন আগবঢ়াইছিল। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদেও মানপত্ৰেৰে সম্মান জনাই বঁটা প্ৰদান কৰিছে। উল্লেখযোগ্য যে সোণোৱালদেৱৰ ত্যাগ আৰু অৱদানক সঠিক মূল্যায়ণৰ বাবে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে ২০১৪ চনৰ পৰা 'গগন চন্দ্ৰ সোণোৱাল সোঁৱৰণী বঁটা' প্ৰদানৰ দিহা কৰিছে।

সোণোৱাল কছাৰী জনজাতিৰ এনে এজন একনিষ্ঠ সংস্কৃতিৰ সাধক, সাংস্কৃতিক কৰ্মী, আদৰ্শৰ প্ৰতিত্ব গগন চন্দ্ৰ সোণোৱালৰ বাৰ্ধক্যজনিত কাৰণত ২০০৯ চনৰ ২৭ অক্টোৱৰ তাৰিখে জীৱন নাটৰ পৰিসমাপ্তি ঘটে।

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • জীৱন সুৰভি, সোণোৱাল কছাৰী স্বয়ত্বশাসিত পৰিষদ, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ - ২০২০

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সোণোৱাল কছাৰীসকল Class 10 (বৈচিত্ৰ্যময় অসম) Chapter 10 Solutions ২০২৫". amaraxom.com. ১৯ ফেব্ৰুৱাৰী ২০২৫. https://amaraxom.com/class-10-বৈচিত্ৰ্য়ময়-অসম-chapter-10/। আহৰণ কৰা হৈছে: ১১ মে' ২০২৫. 
  2. "গগন চন্দ্ৰ সোনোৱাল". masrur360.com. ৫ জুন ২০২৪. https://masrur360.com/গগন-চন্দ্ৰ-সোনোৱাল-gagan-chandra-sonowal/। আহৰণ কৰা হৈছে: ১১ মে ২০২৫.