গছ আৰু অন্য কবিতা
| গছ আৰু অন্য কবিতা | |
|---|---|
প্ৰচ্ছদ | |
| লেখক | অনিৰ্বাণ দত্ত |
| প্ৰচ্ছদ শিল্পী | জলী বৰগোহাঁই |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাশক | পি.ডব্লিউ.এফ. |
| প্ৰকাশ | ২੦২৪ |
| পৃষ্ঠা সংখ্যা | ৫৬ |
| আই.এচ.বি.এন. | 978-81-975772-4-6 |
গছ আৰু অন্য কবিতা (ইংৰাজী: Gas Aru Anya Kabita) হ’ল কবি, নিবন্ধকাৰ অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]কবিতা-সংকলনটিত মুঠ ঊনচল্লিছটা পাৰিপাৰ্শ্বিক কবিতা সন্নিৱিষ্ট হৈছে৷[1] কবিতাসমূহত প্ৰধানকৈ বনানী ধ্বংস, জলবায়ু পৰিৱৰ্তন, উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন আদি বিভিন্ন বিষয়ে গুৰুত্ব পাইছে৷ সমালোচক ড੦ হীৰেন গোহাঁয়ে সংকলনটিৰ কবিতাখিনি সম্পৰ্কত কৈছে, “কবিয়ে ‘পাৰিপাৰ্শ্বিক কবিতা’ নাম দিয়া কবিতাবোৰ প্ৰকৃততে মানৱতাৰে সংকটৰ একোটা তিৰ্যক প্ৰকাশ৷”[2] কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কবিতাখিনি সম্পৰ্কত এইদৰে মন্তব্য কৰিছে, “সংকলনটিৰ কবিতাবোৰত পাৰিপাৰ্শ্বিক চেতনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷”[3]
কবি-পৰিচয়
[সম্পাদনা কৰক]অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ৷ তেওঁৰ কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ তেওঁৰ সমসাময়িক সমাজ-ৰাজনৈতিক বিষয়ক নিবন্ধও নিয়মীয়াকৈ কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ গছ আৰু অন্য কবিতা তেওঁৰ প্ৰথম কবিতা-সংকলন৷[1] ইয়াৰোপৰি, ঢেঁকীয়াজুলিৰ ইতিবৃত্ত আৰু অন্যান্য (২০২২) আৰু এই মৌনতাৰ অৱসান হওক (২০২৩) তেওঁৰ দুখন মৌলিক গ্ৰন্থ৷