গড়গঞা লিপি
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মধ্যযুগৰ অসমীয়া লিপিত গঢ় লৈ উঠা তিনিটা বিশেষ শৈলী হল ক্ৰমে গড়গঞা, কাইথেলী বা লহকৰী আৰু বামুণীয়া। এই তিনিটা শৈলীৰ প্ৰকাৰভেদৰ কথা মুখ বাগৰি আহি পণ্ডিত হেমচন্দ্ৰ গোস্বামী সম্পাদিত Descriptive Catalogue of Assamese Manuscripts গ্ৰন্থৰ যোগেদি সাহিত্যিক মৰ্যদা পায়হি। [1] এই গ্ৰন্থখনিৰ পাতনিত সূৰ্য্যকুমাৰ ভূঞাই অসমীয়া লিপিৰ শৈলীৰ বিষয়ে এইদৰে উল্লেখ কৰিছে:
"There are several schools of Assamese scriptz, viz, Gargaiyan, Bamuniya, Lahkari and Kaithali but their distictions have not been closely studied, and they have a tendency now to merge into one another.[2]"
গড়গঞা শৈলীৰ উৎপত্তি, নামাকৰণ আৰু বিকাশ
[সম্পাদনা কৰক]
অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে মধ্যযুগীয়া অসমীয়া লিপিৰ তিনিটা শৈলীৰ ভিতৰৰে এটা উল্লেখযোগ্য শৈলী হ'ল গড়গঞা শৈলী, যাক বহুতে গড়গঞা লিপি বুলিও উল্লেখ কৰিছে। প্ৰকৃততে ই কোনো সুকীয়া লিপি নহয়। মধ্যয়ুগীয়া অসমীয়া লিপিত গঢ় লৈ উঠা লিখন শৈলীৰ এক ভিন্নতাহে। মধ্যযুগীয় অসমত আহোম ৰজাৰ ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি গঢ় লৈ উঠা লিপি শৈলীকে গড়গঞা শৈলী বোলা হয়। আহোম ৰাজত্বত লিখা-মেলাৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিভিন্ন বিষয়-ববীয়া নিয়োগ কৰাৰ বিষয়ে বুৰঞ্জীৰ পাতত পোৱা যায়। সেই অনুসৰি স্বৰ্গদেৱসকলে পুথি-পাঁজি লিখাবলৈ আৰু নকল কৰাবলৈ 'লেখক বৰুৱা' নামৰ এশ্ৰেণী বিষয়া নিয়োগ কৰিছিল। তেওঁলোকে 'লেখক'ৰ হতুৱাই পুথি নকল কৰি ৰাজ ভঁৰাললৈ পঠাই দিছিল। [3]
আহোম ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি পুৰণি পুথি-পাঁজি লিখা বা নকল কৰা কামত যিটো লিপি শৈলীয়ে গা কৰি উঠিছিল সেয়ে গড়গঞা শৈলী। সেয়ে এই লিপিৰ নামাকৰণ ভৌগোলিক বুলি আমি কব পাৰোঁ। সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মত ইতিবৃত্ততো এই নামাকৰণৰ বিষয়ে এইদৰে উল্লেখ কৰিছে - আহোম ৰাজধানীক কেন্দ্ৰ কৰি উজনিত এই লিপিভংগীৰ প্ৰচলন হয় কাৰণেই ইয়াৰ নামাকৰণ হয় গড়গঞা। [4]
সৰ্বেশ্বৰ কটকীৰ অসমীয়া প্ৰাচীন লিপি গ্ৰন্থৰ ভূমিকাত মহেশ্বৰ নেওগএ গড়গঞা শৈলীৰ বৈশিষ্ট্যৰ বিষয়ে কৈছে যে ই "বৰ সৰল আৰু নিৰলংকাৰ।" আনহাতে ৰাজকীয় পৃষ্ঠপোষকতাত লিখা বাবেই হয়তো এই শৈলীৰ আখৰবোৰ ধুনীয়া আৰু একে গঢ়ৰ হোৱা দৃষ্টিগোচৰ হয়। এই ক্ষেত্ৰত লীলা গগৈয়ে গড়গঞা শৈলীৰ বৈশিষ্ট্যৰ বিষয়ে দিয়া মন্তব্য উল্লেখযোগ্য। তেখেতে কৈছে যে - ৰজাই 'লেখাৰু' নামে এটা খেলক লিপিকাৰক হিচাপে নিযুক্তি দিয়াত আৰু এনে লেখাৰুয়ে পুথিবোৰ লিখা বাবে আখৰবোৰ ধুনীয়া আৰু একে গঢ়ৰ। কেইটামান যুক্তাক্ষৰ, ঠ, ন, ল আদি কেইটামান বৰ্ণ বাহিৰে বাকীবোৰ অসমীয়া বৰ্ণ গঢ় আধুনিক লিপিৰ আৰ্হিৰ লগত মিলে। [5] লীলা গগৈৰ এই মন্তব্যৰ সৈতে প্ৰায়ভাগ অসমীয়া লিপি বিষয়ক বিশেষজ্ঞই একমত প্ৰকাশ কৰা দেখা যায়।
গড়গঞা শৈলীত পোনপ্ৰথমে বুৰঞ্জী পুথবোৰ লিখা আৰু নকল কৰা হৈছিল। কিন্তু পাছলৈ বিভিন্ন পদপুথি আৰু অভিলেখো গড়গঞা শৈলীত ৰচিত হৈছিল। সেয়েহে হেমচন্দ্ৰ গোস্বামীয়ে Descriptive Catalogue of Assamese Manuscriptsগ্ৰন্থত অসমীয়া হাতেলিখা পুথিৰ তালিকা কৰোতে ৩৭খন গড়গঞা শৈলীৰ পুথিৰ ভিতৰত মাত্ৰ এখনহে বুৰঞ্জীৰ পুথি পাইছিল, বাকী আটাইকেইখন পুথিয়েই আছিল পদপুথি।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ দাস, নাৰায়ণ (২০১৭). বিশ্বলিপিৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ১৭৩.
- ↑ Goswami, Hemchandra (1930). Descriptive Catalogue of Assamese Manuscripts. প্ৰকাশক Calcutta: University of Calcutta on behalf of the Government of Assam. পৃষ্ঠা. Preface P.XVIII.
- ↑ বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). আহোমৰ দিন. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৫৬৩.
- ↑ সত্যেন্দ্ৰনাখ শৰ্মা. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৫০২-৫০৩.
- ↑ গগৈ, লীলা (১৯৭২). সাহিত্য-সংস্কৃতি-বুৰঞ্জী. প্ৰকাশক ডিব্ৰুগড়. পৃষ্ঠা. ৫৭.