সমললৈ যাওক

গড়ভঙা সংৰক্ষিত বনাঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গড়ভঙা সংৰক্ষিত বনাঞ্চল
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
গড়ভঙা সংৰক্ষিত বনাঞ্চল
গড়ভঙা সংৰক্ষিত বনাঞ্চল
মানচিত্ৰত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ অৱস্থিতি
অৱস্থান গুৱাহাটী অসম ভাৰত
নিকটতম চহৰ গুৱাহাটী, ভাৰত
মাটিকালি ১৮,৮৬০.৫৮ হেক্টৰ
কৰ্তৃপক্ষ পৰিবেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰ

গড়ভঙা সংৰক্ষিত বনাঞ্চল (ইংৰাজী: Garbhanga forest reserve; পূৰ্বতে গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চল) গুৱাহাটী চহৰৰ দক্ষিণ-পশ্চিম দিশৰ এখন সংৰক্ষিত বনাঞ্চল, ভাৰতঅসম-মেঘালয় সীমান্তত অৱস্থিত।[1] এই বনাঞ্চলখনেই হৈছে গুৱাহাটী চহৰৰ সমীপৱৰ্তী নগৰীয়া বন্যপ্ৰাণীৰ মূল স্থান আৰু জলাশয় এলেকা।[2][3]

গুৱাহাটীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ (১০ মাইল) দূৰত্বত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চল অসমৰ দক্ষিণ অংশত মেঘালয়ৰ সীমাৰেখাত অৱস্থিত।[4][5] গড়ভঙা সংৰক্ষিত বনাঞ্চল দীপৰ বিলৰ অতি ওচৰত অৱস্থিত, আৰু চহৰ অঞ্চলত অৱস্থিত হোৱাৰ বাবে ইয়াক গুৱাহাটী চহৰৰ এক প্ৰধান সংৰক্ষিত বনাঞ্চল অঞ্চল হিচাপে গণ্য কৰা হয়। [6][7][8]

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি ১৮,৮৬০.৫৮ হেক্টৰ আৰু ই গড়ভঙা আৰু ৰাণী ৰেঞ্জৰ মাজত অৱস্থিত। ইয়াত প্ৰায় ১৪খন গাওঁ আছে, ইয়াৰ বেছি সংখ্যক কাৰ্বি জনগোষ্ঠীৰ লোক বাস কৰে। এই সংৰক্ষিত বনাঞ্চলখনত বাঁহ, চেগুন, শালকে ধৰি বিভিন্ন প্ৰজাতিৰ গছ-গছনি আছে। হাতী, বাঘ, নাহৰফুটুকী, হৰিণ, বনৰীয়া গাহৰি, কেইবাবিধো চৰাইকে ধৰি বিভিন্ন ধৰণৰ জীৱ-জন্তুও এই সংৰক্ষিত বনাঞ্চলখনত বাস কৰে।[9]

সীমাৰ চমু বিৱৰণ

[সম্পাদনা কৰক]
গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মানচিত্ৰ

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ দক্ষিণে গুৱাহাটী চহৰ আৰু দীপৰ বিল, পূব আৰু উত্তৰে মেঘালয়, আৰু পশ্চিমে ৰাণী ৰেঞ্জেৰে আগুৰি আছে।[10][11][12]

ভিআইপি ৰোডৰ সমীপৰ বিএছএফৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি উত্তৰ সীমাৰেখাই মাটিয়া, চক্ৰদেও, দীপৰ বিল, মহুৱা পাৰা, পামহী, আৰু মাইনাখুৰুঙৰ মাজেৰে পাৰ হৈ পাছধোৰা নদীলৈকে গৈছে, যিটো গড়ভঙা সংৰক্ষিত বনাঞ্চল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজত উমৈহতীয়া সীমা।[13] তাৰপৰা ফালবামা, নৱাগাওঁ, নলাপাৰাৰ কাষেৰে লখৰা গাঁৱলৈকে আৰু উত্তৰ-পূৱ কোণত অৱস্থিত শিৱ মন্দিৰলৈকে সীমাৰেখা পাৰ হৈ যায়।

পূব দিশে সীমাৰেখা বশিষ্ঠ নদীৰ কাষেৰে গৈ চৰকাৰী কলা বিদ্যালয়ৰ সন্মুখলৈকে আৰু তাৰ পিছত ধাৰাটোৰ পিছে পিছে গৈ আছে। স্থায়ী সীমান্ত চকীবোৰ বশিষ্ঠ নদীৰ ওচৰত, তাৰ পিছত পূব সীমাৰেখা উমথানা বন শিবিৰলৈকে গৈছে। বিভিন্ন স্থানত নদীখনৰ নাম সলনি হয়, যেনে উমছিং, উম্পানী, উমৃত আদি। এই সমগ্ৰ অংশটো মেঘালয়ৰ সৈতে আন্তঃৰাজ্যিক সীমা।[14][15]

উমৃত আৰু উমসোপাৰী নদীৰ সংযোগস্থল ডুমাটি গাঁৱৰ পৰা দক্ষিণ সীমাৰেখা আৰম্ভ হয়। তাৰ পৰা সীমাৰেখা পথাৰ খামালৈকে, তাৰ পিছত মেঘালয়ৰ পৰা ওলাই অহা ৰঙাং নদীলৈকে।

পশ্চিম দিশৰ সীমা পথাৰ খামাৰ পৰা আৰম্ভ হয়, তাৰ পিছত উমছাং নদীৰ কাষেৰে জীপেবল ফেয়াৰ ৱেদাৰ ৰোডৰ ওপৰলৈ উঠি যায়। এই বিন্দুৰ পৰা সীমা ভাদিয়াখোৱাৰ নাহৰপাহামেৰে গৈ উমত্ৰু নদীৰ সৈতে মিলি যায় আৰু তাৰ পিছত সীমা ধাৰাটো অনুসৰণ কৰি কপিলী নদীৰ সৈতে মিলিত হয়। ইয়াৰ পিছত সীমা গণপতি, ৰাণী, বহুপাৰা, আন্ধেৰিজুলি, ৰাণী চাহ বাগিচা, সাজনপাৰা, পাটগাঁৱৰ মাজেৰে পাৰ হৈ বি এছ এফৰ মুখ্য কাৰ্যালয়ৰ চুকত থকা আৰম্ভণিৰ বিন্দুটো লগ পায়।

প্ৰাকৃতিক দৃশ্য আৰু জৈৱ বৈচিত্ৰ্য

[সম্পাদনা কৰক]

আগৰ দিনত বিভিন্ন বেচৰকাৰী সংস্থা আৰু গৱেষকসকলে বিৰল জীৱ-জন্তু যেনে চেৰ’(serow), ডাৱৰযুক্ত নাহৰফুটুকী (clouded leopard), বাইছন(bison) আদি আপুৰুগীয়া প্ৰাণী দেখি গড়ভঙাৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল। সেয়েহে কামৰূপ পূৱ সংমণ্ডলৰ কাৰ্য্য পৰিকল্পনা যুগুত কৰাৰ সময়ত গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ প্ৰাণী আৰু উদ্ভিদৰ বৈচিত্ৰ্যৰ নথিভুক্ত কৰাৰ প্ৰয়াস কৰা হৈছিল।[11]

সংৰক্ষিত বনাঞ্চলখনত বৈচিত্ৰ্যময় উদ্ভিদ আছে। এটা অধ্যয়নত ১৩৯ প্ৰজাতিৰ বৃক্ষ, ১২২টা বনৌষধি আৰু জোপোহা, ৫২ প্ৰজাতিৰ বগাইযোৱা/লতা জাতীয় উদ্ভিদ, ১১ প্ৰজাতিৰ অৰ্কিড আৰু পাঁচ প্ৰজাতিৰ বাঁহ আৰু বেতৰ নথিভুক্ত কৰা হৈছে।[11]

প্ৰাণীজগত

[সম্পাদনা কৰক]

গড়ভঙা সংৰক্ষিত বনাঞ্চলখন জীৱ-জন্তুৰে চহকী। বনাঞ্চলখনত মুঠ ৩৬ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ২১৯ প্ৰজাতিৰ চৰাই, ৩৮ প্ৰজাতিৰ সৰীসৃপ, ১৫ প্ৰজাতিৰ উভচৰ প্ৰাণী, ১৬৮ প্ৰজাতিৰ পখিলা আৰু ১৫ প্ৰজাতিৰ মকৰা নথিভুক্ত কৰা হৈছে।[16][11][17]

বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা

[সম্পাদনা কৰক]

২০২২ চনৰ ৭ এপ্ৰিলত অসম গেজেটত অসমৰ ৰাজ্যপালয়ে গড়ভঙা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি অসমৰ ২৫ সংখ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ় লৈ উঠাৰ প্ৰস্তাৱ আগবঢ়ায়।[18][7][6][2][19]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Land use/land cover change in rani-garbhanga reserve forest area, Kamrup, Assam | International Journal of Current Research". www.journalcra.com. https://www.journalcra.com/article/land-useland-cover-change-rani-garbhanga-reserve-forest-area-kamrup-assam আহৰণ কৰা হৈছে: 2022-07-18.
  2. 1 2 Time, Pratidin. "Assam: Garbhanga Reserve Forest to be declared as the Wildlife Sanctuary" (en ভাষাত). Pratidin Time. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/assam-garbhanga-reserve-forest-to-be-declared-wildlife-sanctuary আহৰণ কৰা হৈছে: 2022-07-17.
  3. "Garbhanga Forest" (en-IN ভাষাত). Whats Hot. https://www.whatshot.in/kolkata/garbhanga-forest-v-175258 আহৰণ কৰা হৈছে: 2022-07-18.
  4. "Gorbhonga Trail". www.adventura.in. https://www.adventura.in/trekking/gorbhonga-trail/ আহৰণ কৰা হৈছে: 2022-07-18.
  5. Staff (2010-05-20). "Assam's Garbhanga Reserve Forest villages march towards development" (en ভাষাত). oneindia.com. https://www.oneindia.com/2010/05/20/assamsgarbhanga-reserve-forest-villages-marchtow.html আহৰণ কৰা হৈছে: 2022-07-18.
  6. 1 2 "Guwahati: Garbhanga Reserve Forest To Become Wildlife Sanctuary" (en-US ভাষাত). TIME8. 2022-04-09. https://www.time8.in/guwahati-garbhanga-reserve-forest-to-become-wildlife-sanctuary/ আহৰণ কৰা হৈছে: 2022-07-17.
  7. 1 2 "Garbhanga Forest set to be Assam's 25th wildlife sanctuary" (en-US ভাষাত). The Meghalayan. 2022-04-09. Archived from the original on 2023-06-29. https://web.archive.org/web/20230629122134/https://themeghalayan.com/garbhanga-forest-set-to-be-assams-25th-wildlife-sanctuary/ আহৰণ কৰা হৈছে: 2022-07-17.
  8. "Adventure | Department of Tourism | Government Of Assam, India". tourism.assam.gov.in. https://tourism.assam.gov.in/portlet-sub-innerpage/adventure আহৰণ কৰা হৈছে: 2022-07-22.[সংযোগবিহীন উৎস]
  9. "About Of Garbhanga Reserve Forest". https://insider.in/trekking-adventure-from-basistha-to-garbhanga-reserve-forests-hidden-routes-jun11-2023/event আহৰণ কৰা হৈছে: 12 January 2025.
  10. "Garbhanga Reserve Forest Trek: Best Nature Trail Near Guwahati" (en-GB ভাষাত). travellingslacker.com. 2022-03-02. https://travellingslacker.com/garbhanga-reserve-forest-trek-guwahati/ আহৰণ কৰা হৈছে: 2022-07-17.
  11. 1 2 3 4 ""Awesome Assam" – 20 Days across Assam with our guest from Slovakia" (en-US ভাষাত). Kaziranga National Park and Tiger Reserve ~ Tour Packages & Safari Bookings Official. 2018-09-04. https://kaziranganationalparkassam.in/garbhanga-reserve-forest-and-chandubi-lake-with-our-guest-from-slovakia/ আহৰণ কৰা হৈছে: 2022-07-17.
  12. "Garbhanga reserve forest likely to be proclaimed as 25th wildlife sanctuary of Assam" (hi ভাষাত). India Today NE. 2022-04-10. http://www.indiatodayne.in/assam/story/garbhanga-reserve-forest-likely-be-proclaimed-389593-2022-04-10 আহৰণ কৰা হৈছে: 2022-07-18.
  13. Bezbaruah, Achinta (March 2014). "Railroad impacts on wetland habitat: GIS and modeling approach". ResearchGate. https://www.researchgate.net/figure/Location-map-of-Deepor-Beel-wetland-and-Rani-Garbhanga-Reserved-Forests-a-part-of-the_fig3_276033743.
  14. "Basistha Temple in Guwahati, Basistha Ashram Temple in Guwahati". www.guwahationline.in. https://www.guwahationline.in/city-guide/amp/basistha-temple আহৰণ কৰা হৈছে: 2022-07-22.
  15. "Basistha Temple, Guwahati - Info, Timings, Photos, History" (en-US ভাষাত). TemplePurohit - Your Spiritual Destination | Bhakti, Shraddha Aur Ashirwad. https://www.templepurohit.com/hindu-temple/basistha-temple-guwahati/ আহৰণ কৰা হৈছে: 2022-07-22.[সংযোগবিহীন উৎস]
  16. "Correlations of Rainfall and Forest Type with Papilionid Assemblages in Assam in Northeast India". ResearchGate. January 2010. https://www.researchgate.net/publication/50283863.
  17. "Guwahati: Encroachment threatens Garbhanga reserve forest - News Live" (en-GB ভাষাত). 2019-12-19. https://newslivetv.com/guwahati-encroachment-threatens-garbhanga-reserve-forest/ আহৰণ কৰা হৈছে: 2022-07-17.
  18. NEWS, NE NOW (2022-04-10). "Assam: Garbhanga forest reserve likely to be notified as wildlife sanctuary" (en-US ভাষাত). NORTHEAST NOW. http://nenow.in/north-east-news/assam/assam-garbhanga-forest-reserve-wildlife-sanctuary.html আহৰণ কৰা হৈছে: 2022-07-17.
  19. JGT (2022-04-10). "Assam's Garbhanga Reserve Forest to be designated as Wildlife Sanctuary" (en-US ভাষাত). Just Guwahati Things. Archived from the original on 2022-07-18. https://web.archive.org/web/20220718040319/https://justguwahatithings.com/assams-garbhanga-reserve-forest-to-be-designated-as-wildlife-sanctuary/ আহৰণ কৰা হৈছে: 2022-07-18.