গণনাট্য
| গণনাট্য সংঘ | |
|---|---|
| ধৰণ | Theatre group |
| উদ্দেশ্য | লোকনাট্য |
| অঞ্চল | কলকাতা, ভাৰত |
গণনাট্য বা গণনাট্য সংঘ (ইংৰাজী: Gananatya or Gananatya Sangha) হ’ল ব্যাপক প্ৰভাৱ বিস্তাৰকাৰী এক নাট্যদল যিয়ে বংগৰ গ্ৰামীণ অঞ্চলত সামাজিক আৰু ৰাজনৈতিক নাটকক প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে ১৯৩০ আৰু ১৯৪০-ৰ দশকত তৎকালীন ব্ৰিটিছ ভাৰতত গণনাট্য আন্দোলন আৰম্ভ কৰিছিল।[1][2] গণনাট্য সংঘ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা।[3] ইয়াৰ আৰম্ভণি হৈছিল প্ৰগতি লেখক সমিতি সংঘৰ মাধ্যমত।
ইতিহাস
[সম্পাদনা কৰক]১৯৪৫ চনত দ্বিতীয় মহাসমৰ শেষ হৈছে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম শীৰ্ষ বিন্দু পাইছেগৈ। তেনে সময়তে সাম্ৰাজ্যবাদী বৃটিছে ভাৰতীয়ৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি ভাৰতৰ ইমূৰৰপৰা সিমুৰলৈকে তেজৰ নৈ বোৱাইছে। সন্দেহ, অবিশ্বাস, ঘৃণা-বিদ্বেষে মানৱতাবোধ নাইকিয়া কৰাৰ সময়তেই ভাৰতৰ কিছু শুভ বুদ্ধিসম্পন্ন লেখক, শিল্পী, সংগীতজ্ঞই অনুভৱ কৰিলে যে এই প্ৰাণান্তকৰ পৰিৱেশৰপৰা মানৱ সমাজক ৰক্ষা কৰিবলৈ আৰু বুৰ্জোৱা সংস্কৃতিক প্ৰত্যাহ্বান জনাই নতুন এক সাংস্কৃতিক অভিযানেৰে, শান্তি, মৈত্ৰীৰ বাণী শুনাবলৈ এক সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন হৈছিল। সম্ভৱতঃ সেই সময়তেই IPTA (Indian Peoples Theatrical Association) অৰ্থাৎ ভাৰতীয় গণনাট্য সংঘৰ জন্ম হৈছিল।[4] ১৯৩৬ চনত লক্ষ্ণৌত প্ৰগতি লেখক সংঘ প্ৰতিষ্ঠা হয়, য’ত বুদ্ধদেৱ বসু বা সুধীন্দ্ৰনাথ দত্তৰ দৰে ‘পৰিচয়’ গোষ্ঠীৰ আধুনিকতাবাদীয়ে যোগদান কৰিছিল। তাৰ লগে লগে দেশৰ আগশাৰীৰ সাহিত্যিক আৰু বুদ্ধিজীৱীৰ এক বৃহৎ অংশও আহিল; সজ্জাদ জাহিৰ, হীৰেন মুখোপাধ্যায়, মূলক ৰাজ আনন্দ আদিৰ নেতৃত্বত ৰবীন্দ্ৰনাথ, প্ৰেম চান্দ, সৰোজিনী নাইডুৰ সমৰ্থনত আন্তৰ্জাতিকতাৰে এফালে সমাজবাদী আৱেগ আৰু আনফালে বাস্তৱবাদ বা বাস্তৱবাদী শিল্প আদৰ্শ।[5] ইয়াকে গণনাট্য আন্দোলনৰ মুখবন্ধ বুলি ধাৰণা কৰা হয়। ১৯৪৩ চনত বোম্বাই (বৰ্তমান মুম্বাই)ত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কংগ্ৰেছ অনুষ্ঠিত হয়। এই অধিৱেশনত ফেচিবাদ বিৰোধী সাংস্কৃতিক প্ৰতিষ্ঠানৰ কৰ্মীসকলৰ বাবে এটা সাধাৰণ সংঘ গঠন চিন্তা কৰা হৈছিল। ইয়াৰদ্বাৰাই ভাৰতীয় গণনাট্য সংঘ বা চমুকৈ আইপিটিএ প্ৰতিষ্ঠানিকৰণ হ’ল।[6] ১৯৪৩ চনত বোম্বাই (বৰ্তমান মুম্বাই)ত গণনাট্য সংঘ গঠন হয়।[5]
ভূমিকা
[সম্পাদনা কৰক]গণনাট্য সংঘ মূলতঃ সমাজতান্ত্ৰিক ভাবধাৰাৰ নাট্যকৰ্মীসকলৰ সমন্বয়ত গঢ় লৈ উঠিছিল, সেয়েহে ইয়াৰ মূল লক্ষ্য আছিল তৃণমূল পৰ্যায়ৰ মানুহক নাট্য কলাৰ প্ৰতি সচেতন কৰি বিভিন্ন আন্দোলনত জড়িত কৰি নিজৰ অধিকাৰ অৰ্জন কৰাৰ বাবে সচেষ্ট কৰা।[1] গণনাট্য সংঘৰ আন্দোলনে বংগৰ নাট্য সাহিত্যক প্ৰভাবিত কৰাৰ উপৰি ইয়াৰ জনসাধাৰণৰ মনত সাংস্কৃতিক বিকাশো সাধন কৰিছিল।[7]
জড়িত ব্যক্তিসকল
[সম্পাদনা কৰক]১৯৩০ আৰু ১৯৪০ৰ দশকত গঢ় লৈ উঠা এই সাংস্কৃতিক সংগঠনটোৰ সৈতে জড়িত আছিল সেই সময়ত ব্ৰিটিছ ভাৰতৰ সাংস্কৃতিক মহলৰ প্ৰায় সকলো নাট্যকৰ্মী আৰু অভিনেতা।[1][8] এই সংঘৰ লগত জড়িত ব্যক্তিসকলৰ ভিতৰত উল্লেখযোগ্য ব্যক্তি হ'ল - বিজন ভট্টাচাৰ্য,[9] উৎপল দত্ত ইত্যাদি। আৰম্ভণিতে গণনাট্য সংঘৰ সদস্য আছিল ঋত্বিক ঘটক, উৎপল দত্ত, পৃথ্বীৰাজ কাপুৰ, বিজন ভট্টাচাৰ্য, খাজা আহমেদ আব্বাছ, সলীল চৌধুৰী, পণ্ডিত ৰবিশংকৰ, জ্যোতিৰিন্দ্ৰ মৈত্ৰ, নিৰঞ্জন সিং মান, এছ. টেৰা সিং চান, জগদীশ ফৰিয়াদি, খলিল ফৰিয়াদি, ৰাজেন্দ্ৰ ৰঘুবংশী চফদাৰ মীৰ আদি।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Theatre and politics: a study of group theatre movement of Bengal, 1948-1987, লিখেছেন কুন্তাল মুখোপাধ্যায়। বিভাশা, ১৯৯৯। আই.এচ.বি.এন. 8187337044। পাতা ৫০।
- ↑ Encyclopaedia of Indian literature, খণ্ড ৬। লিখেছেন অমৰেশ দত্ত, মোহন লাল। সাহিত্য আকাদেমি, ১৯৯৪। পাতা ৪৮২৩।
- ↑ 3.0 3.1 "গণনাট্য সংঘ". http://onushilon.org/history/ipta.htm। আহৰণ কৰা হৈছে: 6 November 2025.
- ↑ আহমদ, মুহিবুদ্দিন. "গণনাট্য সংঘৰ এটি চমু পৰিচয়". https://muktosinta.org/ipta/। আহৰণ কৰা হৈছে: 12 November 2025.
- ↑ 5.0 5.1 বিশ্বাস, মৈনাক. "গণনাট্য ও উত্তৰাধিকাৰ". https://www.anandabazar.com/editorial/ipta-and-inheritance-1.929848#goog_rewarded। আহৰণ কৰা হৈছে: 12 November 2025.
- ↑ "ভাৰতীয় গণনাট্য সংঘেৰ প্ৰতিষ্ঠা দিবস উপলক্ষ্য্যে শান্তিপুৰ শাখাৰ সাংস্কৃতিক অনুষ্ঠান". https://socialbarta.in/?p=14492। আহৰণ কৰা হৈছে: 12 November 2025.
- ↑ ড° ৰুবেল আনছাৰ। গণনাট্য আন্দোলন ও বিজন ভট্টাচাৰ্য্যেৰ নাটক। জগন্নাথ বিশ্ববিদ্যালয় জাৰ্নাল অব আৰ্টস। পৃষ্ঠা নং: ১০৯-১২৩।
- ↑ শামীমা আক্তাৰ. Unknown parameter
|নিবন্ধ=ignored (help); Missing or empty|title=(help) - ↑ সুবোধ সেনগুপ্ত ও অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, প্ৰথম খণ্ড, সাহিত্য সংসদ, কলকাতা, নভেম্বৰ ২০১৩, পৃষ্ঠা ৪৬৩।