গণেশগুৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গণেশ মন্দিৰ

গণেশগুৰি (Ganeshguri) গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল। ই অসমগুৱাহাটী চহৰত অৱস্থিত। [1] ইয়াৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল। গণেশগুৰিৰ মূল চাৰিআলিতেই বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতু আছে ৷ এই উৰণীয়া সেতুখনৰ তলতেই ২০০৮ চনৰ ৩০ অক্টোবৰত এক ভয়াবহ বোমা বিষ্ফোৰণ সংঘটিত হৈছিল, য’ত প্ৰায় ৩০ জনৰ অধিক নিহত আৰু ততোধিক লোক আহত হৈছিল । নিহতসকলৰ স্মৃতিচাৰণৰ উপলক্ষে এক ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে সেতুখনৰ মাজভাগৰ তলত ৷ বাকী ঠাইসমূহ পাৰ্কিং আস্থান ৷

গণেশগুৰিৰ বিষ্ণু প্ৰসাদ ৰাভা উৰণীয়া সেতুৰ দৃশ্য

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

ইয়াত গণেশ মন্দিৰ, বিশাল মেগা মাৰ্ট, দিশপুৰ হস্পিতাল, দিশপুৰ পলিক্লিনিক, দিশপুৰ মহাবিদ্যালয়, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাৰোৱাড়ী মন্দিৰ, গণেশগুৰি পাচলি বজাৰ আদি অৱস্থিত ৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]