সমললৈ যাওক

গদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গদা ভাৰতীয় উপমহাদেশত প্ৰচলিত হাতুৰীৰ দৰে এবিধ ভোটা কিন্তু শক্তিশালী অস্ত্ৰ।। ই কাঠ বা ধাতুৰ যিকোনো এটাৰে নিৰ্মিত ই মূলতঃ এটা নালত লগোৱা এটা গোলাকাৰ মূৰৰে গঠিত, ওপৰত এটা জোং থাকে। ভাৰতৰ বাহিৰত দক্ষিণ-পূব এছিয়াতো গদা গ্ৰহণ কৰা হৈছিল, য’ত এতিয়াও ইয়াক চিলাতত ব্যৱহাৰ কৰা হয়।

গদা হিন্দু দেৱতা হনুমানৰ প্ৰধান অস্ত্ৰ। শক্তিৰ বাবে পৰিচিত হনুমানক পৰম্পৰাগতভাৱে ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ মল্লযুঁজাৰুৰ দ্বাৰা পূজা কৰা হয়। বিষ্ণুৱেও নিজৰ চাৰিখন হাতৰ এখনত কৌমোদকী নামৰ গদাক লৈ ফুৰে।[1] মহাভাৰত মহাকাব্যত যোদ্ধা বলোৰাম, দুৰ্যোধন, ভীম, কৰ্ণ, শল্য, জৰাসন্ধ আদিক গদাৰ অধিপতি বুলি কোৱা হৈছিল।[2]

গদাযুদ্ধৰ নাম

[সম্পাদনা কৰক]

গদা ব্যৱহাৰৰ যুদ্ধ কলাক গদাযুদ্ধ বুলি জনা যায়। ইয়াক হয় এককভাৱে বা যোৰকৈ ব্যৱহাৰ কৰিব পাৰি, আৰু বিশটা ভিন্ন ধৰণে কৰিব পাৰি। অগ্নি পুৰাণ আৰু মহাভাৰতত বিভিন্ন গদা-যুদ্ধ কৌশলৰ উল্লেখ আছে যেনে- আহত (आहत), প্ৰবৃত (प्रभृत), কমলাসন (कमलासन), ঊৰ্ধ্বৰ্গত্ৰ (ऊर्ध्वगत्र), নমন্ত (नमন্ত), ৱামদক্ষিণ (वामदक्षण), আৱৃত্ত (आवृत्त), পৰৱৃত (परावृत्त), পদোদ্ধৃত (पद्ध्ध), কৃত অৱপ্লত (अवप्लत), হংসমাৰ্গ (हंसमार्ग) আৰু বিভাগ (विभाग)।

ভাৰতীয় যুদ্ধ কলা কলাৰিপায়াত্তুত গদা ব্যৱহাৰ কৰা হয়।[3]

ব্যায়ামৰ সঁজুলি

[সম্পাদনা কৰক]

হিন্দু শাৰীৰিক অনুশীলন সংস্কৃতিৰ পৰম্পৰাগত প্ৰশিক্ষণ সঁজুলিৰ ভিতৰত গদা অন্যতম, আৰু উত্তৰ ভাৰতৰ আখৰাত ই সাধাৰণ। অনুশীলনকাৰীৰ শক্তি আৰু দক্ষতাৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ওজন আৰু উচ্চতাৰ গদা ব্যৱহাৰ কৰা হয়। বিশ্বৰ সকলো গদাৰ ভিতৰত ভগৱান হনুমানৰ গদা আছিল আটাইতকৈ ডাঙৰ বুলি বিশ্বাস কৰা হয়। প্ৰশিক্ষণৰ উদ্দেশ্যে এটা বা দুটা কাঠৰ গদা পিঠিৰ পিছফালে কেইবাটাও ভিন্ন ধৰণে ঘূৰায় আৰু ই গ্ৰীপৰ শক্তি আৰু কান্ধৰ সহনশীলতা গঢ়ি তোলাৰ বাবে বিশেষভাৱে উপযোগী। গ্ৰেট গামা গদাৰ ব্যাপক ব্যৱহাৰৰ বাবে জনাজাত আছিল। কুষ্ঠী প্ৰতিযোগিতাত বিজয়ীসকলক প্ৰায়ে গদা প্ৰদান কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Gada, The Mace of Vishnu. Some refer to me by the name "Kaumodaki"". https://sites.google.com/site/weaponsofindiangods/gada-the-mace-of-vishnu। আহৰণ কৰা হৈছে: 2021-05-17. 
  2. Lochtefeld, James G. (2002) (en ভাষাত). The Illustrated Encyclopedia of Hinduism: A-M. Rosen. পৃষ্ঠা. 231. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=AbWazgEACAAJ. 
  3. Zarrilli, Phillip B. “Kalarippayatt, Martial Art of Kerala.” The Drama Review 23, no. 2 (1979): 113–24. https://doi.org/10.2307/1145220.