সমললৈ যাওক

গল্ফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গল্ফ
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তঃৰাষ্ট্ৰীয় গলফ ফেডাৰেচন
অন্য নাম
প্ৰথমবাৰ খেলা হয় পঞ্চদশ শতিকা, স্কটলেণ্ড
বৈশিষ্ট্য
সংস্পৰ্শ নোহোৱা
দলৰ সদস্য একক, কিন্তু দলগতভাৱে প্ৰতিযোগিতাও হয়
খেলৰ স্থান গল্ফ কোৰ্ছ
অলিম্পিক হয়, ১৯০০, ১৯০৪; পুনৰ ২০১৬ চনৰ পৰা

গল্ফ হৈছে এটি এককভাৱে খেলা ক্ৰীড়া, য'ত খেলুৱৈয়ে এবিধ গল্ফ ষ্টিক (club) ব্যৱহাৰ কৰি বলটো দূৰৰ পৰা সৰু গাঁতত পেলোৱাৰ চেষ্টা কৰে। প্ৰতিটো খেলুৱৈয়ে বিভিন্ন ধৰণৰ ষ্টিক ব্যৱহাৰ কৰে, যাক "ক্লাব" বোলে। ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি পাটাৰলৈ, ভিন্ন ক্লাব বিভিন্ন উদ্দেশ্যত ব্যৱহৃত হয়। গল্ফ অলিম্পিকত প্ৰথমবাৰ ১৯০০ আৰু ১৯০৪ চনত অন্তৰ্ভুক্ত হৈছিল। পিচত ১১২ বছৰ বাদে ২০১৬ চনত পুনৰ অন্তৰ্ভুক্ত হয়। আধুনিক গল্ফ আমেৰিকা, ইউৰোপ, জাপান আৰু অষ্ট্ৰেলিয়াত বিশেষ জনপ্ৰিয় খেল

গল্ফৰ আধুনিক ৰূপৰ উৎপত্তি ১৫শ শতিকাত স্কটলেণ্ডত হৈছিল। স্কটলেণ্ডৰ পৰ্বতীয়া অঞ্চলত বলক ষ্টিকৰে ঠেলি গাঁতত পেলোৱাৰ এই খেল ধীৰে ধীৰে ইউৰোপত, বিশেষকৈ ইংলেণ্ডত লোকপ্ৰিয় হয়।

১৮৬০ চনত প্ৰথম "The Open Championship" অনুষ্ঠিত হৈছিল, যিটো বিশ্বৰ আটাইতকৈ পুৰণি গল্ফ প্ৰতিযোগিতা।[1]

খেলাৰ নিয়ম

[সম্পাদনা কৰক]

গল্ফ সাধাৰণতে ৯ বা ১৮ "হোল"যুক্ত কোৰ্ছত খেলা হয়। প্ৰতিটো হোলত খেলুৱৈয়ে বলটো টি (tee) ৰ পৰা মাৰিবলৈ আৰম্ভ কৰে আৰু বলটো গাঁতৰ ফালে ঠেলে। লক্ষ্য হৈছে—সৰ্বনিম্ন ষ্ট্ৰ'কত বলটো গাঁতত পেলোৱা।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "History of Golf". Encyclopædia Britannica. https://www.britannica.com/sports/golf। আহৰণ কৰা হৈছে: 2025-06-16.