গাইছু য়াৰী
| গাইছু য়াৰী | |
|---|---|
| ৰাষ্ট্ৰীয়তা | আফগান |
| শিক্ষানুষ্ঠান | ভাৰ্জিনিয়া বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয় |
| পেচা | মানৱ অধিকাৰ অধিবক্তা, মহিলা অধিকাৰ কৰ্মী, লেখক |
গাইছু য়াৰী (ইংৰাজী: Gaisu Yari) এগৰাকী আফগান মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী, লেখিকা, ব্লগাৰ আৰু বক্তা। আফগানিস্তানৰ মহিলা অধিকাৰৰ ক্ষেত্ৰত তেওঁক অন্যতম প্ৰচাৰক হিচাপে গণ্য কৰা হয়। তালিবানৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি পোনপটীয়াকৈ তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ সুপৰিচিত।
জীৱনী
[সম্পাদনা কৰক]ছয় বছৰ বয়সত পূব আফগানিস্তানৰ এজন তালিবান সমৰ্থক সেনাপতিৰ ছয় বছৰীয়া পুত্ৰৰ সৈতে তেওঁ বিবাহত বহিবলৈ বাধ্য হয়। আঠাইশ বছৰ বয়স হোৱাৰ পিছত বলপূৰ্বকভাৱে হোৱা যুদ্ধৰ পৰা আমেৰিকান সৈন্যৰ সহায়ত তেওঁ আমেৰিকালৈ পলায়ন কৰিবলৈ সক্ষম হয়।[1] প্ৰথমতে তেওঁ বাগ্দান কৰা সেই তালিবান সেনাপতিৰ পুত্ৰক বিয়া কৰায় আৰু বিবাহ অনুষ্ঠানৰ মাত্ৰ দুমাহ আগতে তেওঁ আমেৰিকালৈ প্ৰব্ৰজন কৰিবলৈ ভিছা লাভ কৰিবলৈ সক্ষম হয়।[2]
আমেৰিকাত থকাৰ সময়ছোৱাত কেৰিয়াৰৰ অগ্ৰগতি আৰু শিক্ষাৰ প্ৰতি নিজৰ মনোযোগ দিয়াৰ তেওঁ সিদ্ধান্ত লয়। ২০১৫ চনত তেওঁ নিজৰ জন্মভূমি আফগানিস্তানলৈ উভতি আহি চৰকাৰী অসামৰিক সেৱাৰ আয়ুক্ত হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।[1]
তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা মানৱ অধিকাৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ পৰা মধ্যপ্ৰাচ্য আৰু লিংগ অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে।[3]
য়াৰীয়ে আফগানিস্তানত থকা দ্য ইণ্ডিপেণ্ডেণ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম এণ্ড চিভিল চাৰ্ভিচ কমিছন (IARCSC)ত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] আই এ আৰ চি এছ চিৰ আয়ুক্ত হোৱাৰ উপৰিও আপীল ব’ৰ্ডৰ সদস্য হিচাপেও কাম কৰিছিল।
আফগানিস্তানৰ মহিলাসকলৰ সুৰক্ষা আৰু সুৰক্ষাৰ বাবে তেওঁ স্বেচ্ছাই পোষকতা কৰে৷ বিশেষকৈ তালিবানৰ অধিগ্ৰহণৰ পিছত আফগান মহিলাসকলৰ মংগলৰ বাবে তেওঁ ব্যাপকভাৱে কাম কৰিছে। আফগানিস্তানৰ অসামৰিক সেৱাত অধিক মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো তেওঁ নিয়োজিত হৈছিল।[5]
তালিবানৰ জোৱানে নিজৰ ভাবী স্বামী আৰু পিতৃ দুয়োকে হত্যা কৰাৰ কথা জানিব পাৰি তেওঁ সামান্য জীৱন যাপন কৰি আছিল৷ তেওঁ তালিবানৰ বিৰুদ্ধে মাত মাতিবলৈ লোৱা সিদ্ধান্তটোৱেই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট৷ সংগঠনটোক ইয়াৰ নীতিৰ বাবে গৰিহণা দিয়া হৈছিল। নাৰী দৃষ্টিভংগী আন্দোলনকো প্ৰতিনিধিত্ব কৰে৷
২০২১ চনৰ আগষ্ট মাহত তেওঁ ২০২১ চনত তালিবান ক্ষমতালৈ ঘূৰি অহাৰ পিছত আফগানিস্তানৰ পৰা পলায়ন কৰে আৰু তালিবানৰ প্ৰত্যাৱৰ্তন আফগানিস্তানৰ অসামৰিক সেৱাক উন্নীত কৰাৰ প্ৰচেষ্টাৰ বাবে ক্ষতিকাৰক হ'ব বুলি জোৰ দিয়ে।[6]
২০২১ চনৰ অক্টোবৰ মাহত য়াৰীয়ে আফগান ভয়েচ অৱ হোপৰ নেতৃত্ব দি তালিবানৰ পৰা পলায়ন কৰা আৰু বিশ্বজুৰি নিৰ্বাসিত হৈ থকাসকলৰ আৱেগিক আখ্যান সংগ্ৰহ কৰি আহিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Zucchino, David; Faizi, Fatima; Hayeri, Kiana (2020-09-06). "Fighting Patriarchy, and Fearing Worse From the Taliban" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/09/06/world/afghanistan-women-taliban.html.
- ↑ "The Afghan women risking their lives to take on the Taliban" (en ভাষাত). SBS News. https://www.sbs.com.au/news/article/the-afghan-women-risking-their-lives-to-take-on-the-taliban/d6tfkut58। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ "Gaisu Yari | Commissioner in The Independent Administrative Reform And Civil Service Commission (IARCSC), Afghanistan" (en ভাষাত). blogs.worldbank.org. Archived from the original on 2022-07-16. https://web.archive.org/web/20220716104842/https://blogs.worldbank.org/team/gaisu-yari। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ Why Afghan women 'are not ready to give up' - CNN Video, 11 September 2020, https://www.cnn.com/videos/tv/2020/09/11/amanpour-afghanistan-women-gaisu-yari-orzala-nemat.cnn, আহৰণ কৰা হৈছে: 2022-07-16
- ↑ "Leadership pathways for Afghan women in the civil service" (en ভাষাত). blogs.worldbank.org. https://blogs.worldbank.org/endpovertyinsouthasia/leadership-pathways-afghan-women-civil-service। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ "Activist: Either we let them kill us or keep working" (en-GB ভাষাত). BBC News. https://www.bbc.com/news/av/world-asia-58301303.