গাণিতিক পৰিপক্বতা
গাণিতিক পৰিপক্বতা (Mathematical maturity) ৰ দ্বাৰা সততে গণিতজ্ঞসকলৰ চিন্তা কৰা, কাৰ্য সম্পন্ন কৰা আৰু চিন্তাৰাজি প্ৰকাশ কৰাৰ ধৰণৰ পৰম দক্ষতাক বুজোৱা হয়। ই হৈছে গাণিতিক অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ সংমিলনৰ সম্পৰ্কিত, যিটো প্ৰত্যক্ষভাৱে শিকাব নোৱাৰি। ইয়াৰ পৰিৱৰ্তে, ই আহে গাণিতিক ধাৰণাসমূহৰ পুনঃ পুনঃ পৰিচিতি বা উদ্ঘাটনৰ দ্বাৰা। ই গাণিতিক গাঁথনি আৰু পদ্ধতি সম্পৰ্কত গণিতৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্বানতাৰ পৰিমাপক, আৰু ই অন্যান্য সম্পৰ্কীয় ধাৰণা যেনে গাণিতিক স্বজ্ঞা আৰু গাণিতিক সক্ষমতা সৈতেও যুক্ত হ’ব পাৰে।[1][2]
সংজ্ঞাসমূহ
[সম্পাদনা কৰক]গাণিতিক পৰিপক্বতাক বিভিন্ন লেখকে কেইবাটাও সুকীয়া ধৰণে সংজ্ঞায়িত কৰিছে, আৰু ইয়াক প্ৰায়ে অন্যান্য আনুষংগিক ধাৰণা যেনে গণিতৰ সৈতে স্বাচ্ছন্দ্য আৰু সক্ষমতা, গাণিতিক স্বজ্ঞা আৰু গাণিতিক প্ৰতীতিৰ সৈতে নিবদ্ধ কৰা হয়।[2]
এটা সংজ্ঞা তলত দিয়া ধৰণে দিয়া হৈছে[3]
... চিহ্নৰ সমুখত আতংকহীন: সংকেত-চিহ্ন পঢ়িব আৰু বুজিব পৰাৰ সক্ষমতা, উপযুক্ত সময়ত স্পষ্ট আৰু উপযোগী (আৰু অন্যভাৱে নহয়!) সংকেত-চিহ্ন উপস্থাপন কৰিব পৰাৰ সক্ষমতা, আৰু গণিতজ্ঞসকলে ধাৰণাবোৰ প্ৰকাশিত কৰিবলৈ ব্যৱহাৰ কৰা বাহুল্যবৰ্জিত—কিন্তু ঠুনুকা আৰু সঠিক—ভাষাটোৰ পটুতা।
গাণিতিক পৰিপক্বতাৰ বৈশিষ্ট্যসমূহৰ এখন বিস্তৃত তালিকা তলত দিয়া ধৰণে দিয়া হৈছে:[4]
*একোটা নিৰ্দিষ্ট উদাহৰণৰ পৰা বহল ধাৰণালৈ সাধাৰণীকৰণ কৰাৰ সামৰ্থ্য
- অধিকতৰ বিমূৰ্ত পৰ্যায়লৈ গতি কৰা ধাৰণাবোৰ চম্ভালাৰ সামৰ্থ্য
- মানক সংকেত-চিহ্ন আৰু গ্ৰহণযোগ্য শৈলী শিকি লৈ গাণিতিকভাৱে চিন্তাৰাজি প্ৰকাশৰ সামৰ্থ্য
- মুখস্থবিদ্যাৰে শিকা কাৰ্যৰ পৰা বুজন-পক্ৰিয়াৰে শিকা কাৰ্যলৈ এক বিশিষ্ট গমন
- মূল ধাৰণাসমূহক কম গুৰুত্বৰ ধাৰণাসমূহৰ পৰা পৃথক কৰাৰ সক্ষমতা
- জ্যামিতিক উপস্থাপনক বিশ্লেষণাত্মক উপস্থাপনৰ সৈতে সংযোগ কৰাৰ সামৰ্থ্য
- মৌখিক সমস্যাক গাণিতিক সমস্যালৈ ৰূপান্তৰিত কৰাৰ সামৰ্থ্য
- একোটা মান্য প্ৰমাণ চিনাক্ত কৰাৰ আৰু ‘sloppy’ চিন্তন ধৰা পেলোৱাৰ সামৰ্থ্য
- গাণিতিক আৰ্হি চিনাক্ত কৰাৰ সামৰ্থ্য
- জ্যামিতিক (লেখ) আৰু বিশ্লেষণাত্মক (সমীকৰণ)ৰ মাজত পুনঃ বিচৰণেৰে সামঞ্জস্য নিৰ্ধাৰণৰ সামৰ্থ্য
- অপঁইতা ধাৰণা পৰিত্যাগ কৰি আৰু অধিক সমালোচনাত্মক মনোভংগী গঢ়ি তুলি গাণিতিক স্বজ্ঞা উন্নত কৰা
শেষত, গাণিতিক পৰিপক্বতাক তলত দিয়াসমূহ কৰিব পৰাৰ সামৰ্থ্য বুলিও সংজ্ঞায়িত কৰা হয়:[5]
*ভিন্ন সমস্যা আৰু অন্য শাখাৰ সৈতে সংযোগ স্থাপন আৰু ব্যৱহাৰ কৰাঅনুপস্থিত সবিশেষ পৰিপূৰ্ণ কৰা ভুলবোৰ ধৰা পেলোওৱা, শুধৰোৱা আৰু তাৰ পৰা শিকা শস্যৰ পৰা ভুচি জাৰি পেলোৱা, সাৰ-কথাটোলৈ যোৱা, উদ্দেশ্য চিনাক্ত কৰা গাণিতিক শোভা চিনি পোৱা আৰু উপলব্ধি কৰা বিমূৰ্তভাৱে চিন্তা কৰা বিধিবদ্ধ প্ৰমাণ পঢ়া, লিখা আৰু সমালোচনা কৰা যি জানা আৰু যি নাজানা তাৰ মাজত এডাল ৰেখা অংকন কৰা আৰ্হি, বিষয়-ভাব, প্ৰৱাহ আৰু ঘূৰ্ণী চিনাক্ত কৰা যিখিনি জানা সেইখিনি সৃষ্টিশীল ধৰণেৰে প্ৰয়োগ কৰা যথাযথভাৱে আসন্নকৰণ কৰা নিজক শিকোৱা সাধাৰণীকৰণ কৰা মন নিবদ্ধ ৰাখা প্ৰয়োজনত প্ৰবৃত্তি আৰু স্বজ্ঞাক কাৰ্যত লগোৱা
কেতিয়াবা কোৱা হয় যে গাণিতিক পৰিপক্বতাৰ বিকাশৰ বাবে বিষয়-বস্তুটোৰ সম্পৰ্কত দীৰ্ঘ সময়ৰ বাবে গভীৰভাৱে চিন্তা কৰাৰ লগতে অন্বেষণক উৎসাহিত কৰা পথ প্ৰদৰ্শক মনোভাৱৰ প্ৰয়োজন হয়।[5]
অগ্ৰগতি
[সম্পাদনা কৰক]গণিতজ্ঞ টেৰেন্স টাৱে গণিত শিক্ষাৰ তিনিটা পৰ্যায়ৰ আৰ্হি প্ৰস্তাৱ কৰিছে, যাক গাণিতিক পৰিপক্বতা অগ্ৰগতিৰ সাধাৰণ পৰিকাঠামো হিচাপে ব্যাখ্যা কৰিব পাৰি।[6] এই পৰ্যায়সমূহৰ সাৰাংশ তলৰ তালিকাত সামৰি লোৱা হৈছে:[7][8]
| স্তৰ | পৰ্যায় | অৱস্থা | বিৱৰণ | সাধাৰণ সময়-পৰিসৰ | ভুলৰ ধৰণ | উদাহৰণ |
|---|---|---|---|---|---|---|
১
|
নশিকাৰু
|
Pre-rigorous
|
This stage occurs before a mathematics student has learned mathematical formalism. Mathematics is learned in an informal manner that often incorporates examples, fuzzy notions and hand-waving. This stage is founded mostly in intuition and the emphasis is more on computation than theory. Natural talent is important at this level. | Until underclassman undergraduate years
|
Formal errors are made as a result of the application of formal rules or heuristics blindly due to the misunderstanding of rigorous mathematical formalism. Such errors can be difficult to correct even when pointed out. | The introduction of calculus in terms of slopes, areas, rates of change etc. |
২
|
মধ্যম
|
Rigorous
|
Students learn mathematical formalism in this phase, which typically includes formal logic and some mathematical logic. This serves a foundation for learning mathematical proofs and various proof techniques. The onset of this phase typically occurs during a 'transition to higher mathematics' course, an 'introduction to proofs' course or an introductory course in mathematical analysis or abstract algebra. Students of computer science or applied mathematics may encounter this formalism during their underclassman undergraduate years via a course in discrete mathematics. Exposure to counterexamples is typical, and an ability to discern between sound mathematical argumentation and erroneous mathematical argumentation is developed.
This is an important phase for extinguishing misleading intuitions and elevating accurate intuitions, which the mathematical formalism aids with. The formality helps to deal with technical details, while intuition helps to deal with the bigger picture. However, sometimes a student can get stalled at this intermediary stage. This occurs when a student discards too much good intuition, rendering them able to only process mathematics at the formal level, instead of the more intuitive informal level. Getting stalled in this manner can impact the student's ability to read mathematical papers. |
Upperclassman undergraduate years through early graduate years
|
Susceptibility to formal errors persists as a result of inapt formalism or an inability to perform "sanity checks" against intuition or other menial rules of thumb, such as a trivial sign error or the failure to verify an assumption made along the argumentation. However, unlike the previous stage such errors can usually be detected and often repaired once discovered. | The reintroduction of calculus in the context of rigorous ε, δ notation |
৩
|
উচ্চ
|
Post-rigorous
|
At this phase, students return to a more intuitive mindset, similar to that of the initial pre-rigorous phase, except now, misleading intuition has been extinguished, enabling students to reliably reason at a more informal level. The assimilation of mathematical formalism equips students with an instinctive feel for mathematical soundness. This allows them to ascertain an intuitive sketch of a mathematical argument that can subsequently be converted into a formal proof. The emphasis is now on applications, intuition, and the “big picture". This optimizes problem-solving efficiency because now formal rigor is infused with a refined intuition. In this ideal state, every heuristic argument naturally suggests its rigorous counterpart, and vice versa. This readies the practitioner to tackle complex mathematical problems that otherwise would be inaccessible.
Students generally attain this phase towards their later graduate years, when they have typically begun reading mathematical research papers. |
Later graduate years and beyond
|
Susceptibility to formal errors persists, albeit for a different reason; formalism is suspended for the sake of expedient intuitive reasoning and then later recalled for the translation into a rigorous argument, which can be sometimes be imprecise. | The improvised and provisional use of infinitesimals or big-O notation; temporarily constructing informal, quasi-rigorous argumentation that can be later converted into a formal, rigorous argumentation |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Lynn Arthur Steen (1983) "Developing Mathematical Maturity" pages 99 to 110 in The Future of College Mathematics: Proceedings of a Conference/Workshop on the First Two Years of College Mathematics, Anthony Ralston editor, Springer আই.এচ.বি.এন. 1-4612-5510-4
- ↑ 2.0 2.1 Lew, Kristen. "How Do Mathematicians Describe Mathematical Maturity?". Special Interest Groups of the Mathematical Association of America (SIGMAA). http://sigmaa.maa.org/rume/crume2019/Papers/106.pdf। আহৰণ কৰা হৈছে: 2019-12-07.
- ↑ Math 22 Lecture A, Larry Denenberg
- ↑ LBS 119 Calculus II Course Goals, Lyman Briggs School of Science
- ↑ 5.0 5.1 A Set of Mathematical Equivoques Archived 2012-02-19 at the Wayback Machine, Ken Suman, Department of Mathematics and Statistics, Winona State University
- ↑ Lew, K. (2019). How do mathematicians describe mathematical maturity? Cognition and Instruction, 37(2), 121-142.
- ↑ There’s more to mathematics than rigour and proofs. (2022, November 26). What’s New. https://terrytao.wordpress.com/career-advice/theres-more-to-mathematics-than-rigour-and-proofs/
- ↑ Numberphile2. (2017, March 18). Terry Tao and “Cheating Strategically” (extra footage) - Numberphile [Video]. YouTube. https://www.youtube.com/watch?v=48Hr3CT5Tpk