সমললৈ যাওক

গাণ্টী বিজয়া কুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাণ্টী বিজয়া কুমাৰী
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০০২  ২০০৪
পূৰ্বসূৰী জি এম চি বালযোগী
উত্তৰসূৰী জি ভি হৰ্ষ কুমাৰ
সমষ্টি আমালাপুৰম
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল তেলেগু দেশম পাৰ্টি
দাম্পত্যসঙ্গী জি এম চি বালযোগী

বিজয়া কুমাৰী গাণ্টী (ইংৰাজী: Ganti Vijaya Kumari) অন্ধ্ৰপ্ৰদেশৰ অমলাপুৰমৰ পৰা ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন সদস্য। তেওঁ লোকসভাৰ অধ্যক্ষ জি.এম.চি. বালযোগীৰ পত্নী৷ তেওঁৰ মৃত্যুৰ পিছত অনুষ্ঠিত উপ-নিৰ্বাচন (২০০২)ত গাণ্টী বিজয়া কুমাৰীয়ে জয় সাব্যস্ত কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

অমলাপুৰমৰ সাংসদ তথা লোকসভাৰ অধ্যক্ষ গাণ্টী বিজয়া তেওঁৰ পতি মোহন চন্দ্ৰ বালযোগীৰ আকস্মিক মৃত্যুৰ হেতু সংৰক্ষিত হোৱা সমষ্টিটোৰ বাবে উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল।[1] বালযোগীৰ পত্নী গাণ্টীক এই আসনৰ বাবে প্ৰক্ষেপ কৰাৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ সদস্যসকলে তেওঁক ৰাজ্যসভালৈ মনোনয়ন দিয়াৰ কথা বিবেচনা কৰি আছিল।[2] গাণ্টীয়ে অৱশ্যে সেই সময়ত নিজৰ মানসিক অৱস্থাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অনিচ্ছুক আছিল৷ আনহাতে বালযোগীৰ পৰিয়ালেও বিচাৰিছিল যে তেওঁৰ ভনীয়েকেহে তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী হওক।[3][4]

ভাৰতীয় জাতীয় কংগ্ৰেছে (আইএনচি) উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল আৰু টিডিপিয়ে গাণ্টী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ব বুলি ভাবিছিল।[5] আনকি ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কো তেওঁ মনোনয়ন দাখিল কৰাৰ সময়ত উপস্থিত আছিল।[6] কেৱল বহুজন সমাজ পাৰ্টি আৰু ভাৰতীয় ৰিপাব্লিকান পাৰ্টিয়েহে তেওঁৰ বিৰুদ্ধে নিজৰ প্ৰাৰ্থী দিছিল৷ ৩,১৩,৬৬০ ভোটৰ ব্যৱধানত কুমাৰী জয়ী হয়।[1]

২০০২ চনৰ লোকসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই গাণ্টীয়ে শপত গ্ৰহণ কৰে।[7] পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে টিডিপিয়ে দুন্না জনাৰ্ধনা ৰাওক তেওঁৰ পৰিৱৰ্তে নিজৰ চৰকাৰী প্ৰাৰ্থী হিচাপে লৈছিল।[8]

লোকসভাৰ অধ্যক্ষসকলৰ পত্নীক নতুন দিল্লীত ঘৰৰ ব্যৱস্থা কৰা হয়। গাণ্টীয়ে অৱশ্যে ঘৰ আবণ্টন পোৱাত অসুবিধাৰ সন্মুখীন হয়।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮২ চনৰ ১৬ এপ্ৰিলত বালযোগীৰ লগত বিজয়া কুমাৰীৰ বিবাহ সম্পন্ন হয়। দুয়োৰে এজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হয়।[10] ২০০২ চনৰ ৩ মাৰ্চত হেলিকপ্টাৰ দুৰ্ঘটনাত বালযোগীৰ মৃত্যু হৈছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Landslide win for TDP candidate". The Hindu. 3 June 2002. http://www.thehindu.com/2002/06/03/stories/2002060302030600.htm.[সংযোগবিহীন উৎস]
  2. Sarma, Ramu (9 March 2002). "TDP leaders want RS berth for Balayogi's wife". The Times of India. https://timesofindia.indiatimes.com/city/hyderabad/TDP-leaders-want-RS-berth-for-Balayogis-wife/articleshow/3200006.cms.
  3. "Naidu persuades Balayogi’s wife". The Times of India. 5 May 2002. https://timesofindia.indiatimes.com/city/hyderabad/Naidu-persuades-Balayogis-wife/articleshow/8908100.cms.
  4. Messias, Lionel (2 May 2002). "TDP to field Balayogi's wife from Amalapuram seat". Gulf News. http://gulfnews.com/news/uae/general/tdp-to-field-balayogi-s-wife-from-amalapuram-seat-1.384591.
  5. "Balayogi's widow wins from Amalapuram". The Times of India. 3 June 2002. https://timesofindia.indiatimes.com/city/hyderabad/Balayogis-widow-wins-from-Amalapuram/articleshow/11807351.cms.
  6. "Balayogi's wife files nomination". The Hindu. 10 May 2002. http://www.thehindu.com/2002/05/10/stories/2002051002960600.htm.[সংযোগবিহীন উৎস]
  7. "Thirteenth Lok Sabha: Session 10 Date 15-07-2002". Lok Sabha. http://164.100.47.194/Loksabha/Debates/Result13.aspx?dbsl=4217 আহৰণ কৰা হৈছে: 3 November 2017.
  8. "TDP drops Balayogi's wife". Rediff.com. 26 March 2004. http://www.rediff.com/election/2004/mar/26tdp.htm আহৰণ কৰা হৈছে: 3 November 2017.
  9. Messias, Lionel (27 March 2004). "Balayogi's wife dumped by Naidu". Gulf News. http://gulfnews.com/news/asia/india/balayogi-s-wife-dumped-by-naidu-1.317589.
  10. "Balayogi, Shri Ganti Mohana Chandra – Biographical Sketch of Member of 12th Lok Sabha". IndiaPress. http://www.indiapress.org/election/archives/lok12/biodata/12ap09.php আহৰণ কৰা হৈছে: 3 November 2017.
  11. "Balayogi killed in copter crash". The Hindu. 4 March 2002. http://www.thehindu.com/2002/03/04/stories/2002030403080100.htm.[সংযোগবিহীন উৎস]