সমললৈ যাওক

গাত হালধি সনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাত হালধি সনা অনুষ্ঠানৰ বাবে প্ৰস্তুত কৰা হালধি বটা

গাত হালধি সনা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ নানা পৰম্পৰাগত উৎসৱৰ ভিতৰত অন্যতম।[1]এই উৎসৱটো মূলতঃ বিয়া সম্পৰ্কীয় এক অনুষ্ঠান, যত দৰা-কইনা উভয়পক্ষই পালন কৰে। গাত হালধি সনা উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ’ল কেঁচা হালধি। সাধাৰণতে বিয়াৰ আগদিনা এই পৰ্বটি অনুষ্ঠিত হয়, য’ত দৰা-কইনা উভয়ক হালধি সানি সৌন্দৰ্য্য আৰু মংগলৰ কামনা কৰা হয়। বঙালী সংস্কৃতিত হালধি হৈছে বিশুদ্ধতাৰ প্ৰতীক, যিয়ে শৰীৰ আৰু মনক শুদ্ধ কৰে বুলি বিশ্বাস কৰা হয়। অনুষ্ঠানৰ দিন ঘৰখন ফুল, মালা আৰু ৰঙীন কাপোৰেৰে সজাই তোলা হয়। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে আনন্দ স্ফূৰ্তি কৰে। সংগীতৰ স্পন্দনত সকলোৱে দৰা-কইনা ওপৰত হালধি সানি দিয়ে। তাৰ পিছত মিঠাই খুৱাই দুয়োকো আশীৰ্বাদ দিয়া হয়। বিভিন্ন ঠাইত এই অনুষ্ঠানটি দিনজোৰা নাচ-গান আৰু নানা ধৰণৰ খাদ্যৰে উদ্‌যাপন কৰা হয়। এই অনুষ্ঠানত দৰা আৰু কইনা উভয়পক্ষলৈ বিভিন্ন উপহাৰ প্ৰেৰণ কৰে।

গাত হালধি সনা অনুষ্ঠান ঢাকা, বাংলাদেশ
গাত হালধি সনা অনুষ্ঠান পশ্চিমবংগ, ভাৰতবৰ্ষ

এই অনুষ্ঠানত দৰা-কইনাৰ শৰীৰ শুভ আৰু নিৰ্মল কৰি তুলিবলৈ হালধি ব্যৱহাৰ কৰা হয়। হালধিক পবিত্ৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়। বিপদ, কুচক্ষু, দোষ আদিৰ পৰা মুক্তি পোৱাৰ এক আচাৰ হিচাপে মনা হয়।

এই অনুষ্ঠানত সাধাৰণতে যিপক্ষই অনুষ্ঠানটো আয়োজন কৰে সেইপক্ষৰ লোকহে উপস্থিত থাকে। অৱস্থে আনপক্ষৰ দুই-এজন অতিথি হিচাপে উপহাৰ সামগ্ৰী লৈ উক্ত অনুষ্ঠানত যোগ দিয়ে। এই অনুষ্ঠানত দৰা বা কইনাক এটা পাটিৰ ওপৰত বহুৱাই সৰু-ডাঙৰ সকলোৱে গাত হালধি সানি দিয়ে। [1] [2] বৰ্তমান গাত হালধি সনা অনুষ্ঠানৰ পৰম্পৰাত আধুনিকতাৰ স্পৰ্শ পৰা দেখা যায়। এই সমূহৰ ভিতৰত এক ৰঙৰ সাজ-পোছাক, ফুলৰ সজ্জা আৰু ফটো চেচন ইত্যাদি অন্যতম। গাত হালধি সনা অনুষ্ঠানত সাধাৰণতে ব্যৱহাৰ কৰা উপকৰনসমূহ হল :

  • ডলা
  • কুলা
  • হালধি বটা
  • পাটি
  • বেতৰ মাছডলা
  • মাছডলা
  • ঢাকন
  • চন্দন
  • দোলা বা পালকি
  • শোহাগপুৰি
  • চন্দন তেল
  • সোন্দা
  • জেতুকা
  • আসন

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 (bn ভাষাত)Kaler Kantho. 12 December 2018. https://www.kalerkantho.com/print-edition/shuvo-bibaho/2018/12/12/713802. 
  2. "Bengali Wedding : Tatta (Gift Giving) Demystified" (en ভাষাত). The Diary of A Mad Bride. 2012-12-31. https://thediaryofamadbride.wordpress.com/2012/12/30/bengali-wedding-tatta-gift-giving-demystified/। আহৰণ কৰা হৈছে: 2024-12-19.