গান্ধী, মাই ফাদাৰ
| গান্ধী, মাই ফাদাৰ | |
|---|---|
অফিচিয়েল প’ষ্টাৰ | |
| পৰিচালক | ফিৰোজ আব্বাছ খান |
| ৰচনা | ফিৰোজ আব্বাছ খান |
| ভিত্তি |
|
| প্ৰযোজক | অনিল কাপুৰ |
| অভিনয়ত | দৰ্শন জড়িৱালা অক্ষয় খান্না ভূমিকা চাওলা শ্বেফালী শ্বাহ |
| চিত্ৰগ্ৰহণকাৰী | ডেভিদ মেকডনাল্ড |
| সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
| সংগীত পৰিচালক | পিজুষ কান’জিয়া |
মুক্তি |
৩ আগষ্ট ২০০৭ |
দৈৰ্ঘ্য |
১৩৬ মিনিট |
| ভাষা | হিন্দী |
| বাজেট | ৮০ মিলিয়ন[1] |
| সৰ্বমুঠ আয় | ৭৪.৯ মিলিয়ন[1] |
গান্ধী, মাই ফাদাৰ (ইংৰাজী: Gandhi, My Father হিন্দী ভাষাৰ এখন জীৱনভিত্তিক ভাৰতীয় চলচ্চিত্ৰ। ফিৰোজ আব্বাছ খানৰ পৰিচালনাত আৰু অনিল কাপুৰৰ প্ৰযোজনাত ২০০৭ চনৰ ৩ আগষ্ট তাৰিখে এই চলচ্চিত্ৰখনে মুক্তি পাইছিল। চিনেমাখনত দৰ্শন জড়িৱালা, অক্ষয় খান্না, ভূমিকা চাওলা আৰু শ্বেফালী শ্বাহে উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে।[2]
মহাত্মা আৰু তেওঁৰ পুত্ৰ হৰিলাল গান্ধীৰ মাজৰ অসুখী সম্পৰ্কই হৈছে, এই ছবিখনৰ বিষয়বস্তু। চন্দুলাল ভগুভাই দালালে লিখা হৰলাল গান্ধীৰ জীৱনভিত্তিক হৰিলাল গান্ধী: আ লাইফ গ্ৰন্থৰ কাহিনীভাগ লৈ এই চিনেমাখন নিৰ্মাণ কৰা হৈছে।[3] ‘গান্ধী, মাই ফাদাৰ’ চিনেমাৰপৰা পৃথক হ’লেও প্ৰায় একেটা থীমকে লৈ গুজৰাটী লেখক দিনাকৰ যোশীৰ উপন্যাস এখনৰ ভিত্তিত খানে তেওঁৰ নাটক ‘মহাত্মা বনাম গান্ধী’ নিৰ্মাণ কৰিছিল।[4] দক্ষিণ আফ্ৰিকা আৰু মুম্বাই আৰু আহমেদাবাদকে ধৰি ভাৰতৰ কেইবাখনো নগৰত এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।[5]
প্লট
[সম্পাদনা কৰক]গান্ধী, মাই ফাদাৰ চলচ্চিত্ৰত গান্ধীৰ তেওঁ পুত্ৰ হৰিলাল গান্ধীৰ সৈতে থকা পাকলগা, জটিল আৰু জহি যোৱা সম্পৰ্কৰ ছবিখন অংকন কৰা হৈছে। আৰম্ভণিৰে পৰা দুয়োৰে সপোন আছিল বিপৰীতমুখী। হৰিলালৰ উচ্চাকাংক্ষা আছিল যে, তেওঁ বিদেশত অধ্যয়ন কৰি পিতৃৰ দৰে বেৰিষ্টাৰ হ’ব। ইয়াৰ বিপৰীতে গান্ধীয়ে আশা কৰিছিল যে তেওঁৰ পুত্ৰই তেওঁৰ সৈতে সহযোগ কৰিব আৰু ভাৰতত তেওঁৰ আদৰ্শ আৰু কাৰ্য্যৰ বাবে যুঁজিব।
অভিনয়ত
[সম্পাদনা কৰক]- দৰ্শন জড়িৱালা - মহাত্মা গান্ধী
- অক্ষয় খান্না - হৰিলাল গান্ধী
- ভূমিকা চাওলা - গোলাব গান্ধী
- শ্বেফালী শ্বাহ - কস্তুৰৱা গান্ধী
- বিনয় জৈন - কান্তি গান্ধী[6]
- মনা অম্বেগাঁওকাৰ - পতিতা
বঁটা
[সম্পাদনা কৰক]- জুৰীৰ বিশেষ বঁটা- ফিৰোজ আব্বাছ খান আৰু অনিল কাপুৰ [7]
- শ্ৰেষ্ঠ স্ক্ৰীণপ্লে - ফিৰোজ আব্বাছ খান
- শ্ৰেষ্ঠ সহ অভিনেতা - দৰ্শন জড়িৱালা
- জি চিনে এৱাৰ্ড, ২০০৮;
- সমালোচকৰ বঁটা (শ্ৰেষ্ঠ চলচ্চিত্ৰ - অনিল কাপুৰ)[8] আৰু শ্ৰেষ্ঠ অভিনেত্ৰী - শ্বেফালী শ্বাহ; (সমালোচকৰ বঁটা)
- এছিয়া পেচিফিক স্ত্ৰীণ এৱাৰ্ড, ২০০৭;
- শ্ৰেষ্ঠ স্ক্ৰীণপ্লে- ফিৰোজ আব্বাছ খান[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Gandhi My Father - Movie - Box Office India". boxofficeindia.com. https://boxofficeindia.com/movie.php?movieid=245। আহৰণ কৰা হৈছে: 6 July 2019.
- ↑ Ganguly, Prithwish (27 June 2007). "Gandhi my father: a tale of Mahatma's son". Indo-Asian News Service. প্ৰকাশক New Delhi. https://www.hindustantimes.com/india/gandhi-my-father-a-tale-of-mahatma-s-son/story-cZPAcnXG4DqNe2AKbHMhqK.html.
- ↑ "Book bids to save Mahatma's son from ignominy". http://cities.expressindia.com/fullstory.php?newsid=247017। আহৰণ কৰা হৈছে: 22 July 2007.
- ↑ "The Mahatma and his son". The Hindu (Chennai, India). 22 July 2007. Archived from the original on 9 November 2007. https://web.archive.org/web/20071109084552/http://www.hindu.com/mag/2007/07/22/stories/2007072250130200.htm.
- ↑ "In the name of the father". Deccan Herald. http://www.deccanherald.com/Content/Jul222007/enter2007072114311.asp.
- ↑ "Gandhi My Father Cast & Director - Yahoo! Movies". Movies.yahoo.com. 2011-04-20. https://movies.yahoo.com/movie/1809912834/cast। আহৰণ কৰা হৈছে: 2012-08-04.
- ↑ "55th National Film Awards announced". NDTV.com. https://www.ndtv.com/india-news/55th-national-film-awards-announced-401045.
- ↑ "Zee Cine Awards 2008 winners announced" (en ভাষাত). Zee News. 2008-04-23. http://zeenews.india.com/home/zee-cine-awards-2008-winners-announced_438321.html.
- ↑ "Asia Pacific Screen Awards Winners Announced - Asia Pacific Screen Awards" (en-US ভাষাত). Asia Pacific Screen Awards. 2007-11-13. https://www.asiapacificscreenawards.com/news-events/asia-pacific-screen-awards-winners-announced.