গান্ধী ভৱন, বেংগালুৰু
| গান্ধী ভৱন, বেংগালুৰু | |
|---|---|
| প্ৰতিষ্ঠা | ১৯৬৫ |
| অৱস্থিতি | কুমাৰ পাৰ্ক ইষ্ট, বেংগালুৰু, কৰ্ণাটক ৫৬০০০১ |
| স্থানাংক | 12°59′17″N 77°34′47″E / 12.988117°N 77.579826°Eস্থানাংক: 12°59′17″N 77°34′47″E / 12.988117°N 77.579826°E |
| ৱেবছাইট | gandhibhavankarnataka |
গান্ধী ভৱন (ইংৰাজী: Gandhi Bhavan) হʼল কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতি উৎসৰ্গিত এটি সংগ্ৰহালয়৷ ১৯৬৫ চনত, ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ইয়াৰ উদ্বোধন কৰিছিল৷[1] এই সংগ্ৰহালয়টোত মহাত্মা গান্ধীৰ বিৰল ফটো আৰু তেওঁৰ দ্বাৰা লিখিত চিঠিসমূহৰ এটি গেলেৰী, এটা পুথিভঁৰাল আৰু এটা প্ৰেক্ষাগৃহ আছে। বেংগালুৰুত গান্ধীবাদী মূল্যবোধ সম্পৰ্কীয় সভাসমূহ মুখ্যতঃ এই ভৱনতে আয়োজন কৰা হয়।[2][3]
ইতিহাস
[সম্পাদনা কৰক]মহাত্মা গান্ধীয়ে পূৰ্ব্বতে খোজ কাঢ়ি যোৱা ঠাইতে এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছে বুলি কোৱা হয়। ইয়াক প্ৰথমে ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত গান্ধী স্মাৰক নিধি নামেৰে জনা গৈছিল৷[2] ১৯৬৫ চনত ইয়াৰ নাম সলনি কৰি গান্ধী ভৱন কৰা হৈছিল আৰু ইয়াৰ উদ্বোধন কৰিছিল সৰ্বেপল্লী ৰাধাকৃষ্ণনে। সেই সময়ত সংগ্ৰহালয়টোৰ মাটি পট্টা হিচাপেহে ইয়াৰ দখলত আছিল। পৰৱৰ্তীকালত শ্ৰীৰামকৃষ্ণ হেগড়েই, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিছত তেওঁ গান্ধী ভৱনলৈ সেই মাটি দান কৰিছিল।[1] গান্ধী ভৱনৰ মূল লক্ষ্য আছিল ৰাজ্যৰ জনসাধাৰণৰ মাজত বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত গান্ধীবাদী দৰ্শন আৰু আদৰ্শ প্ৰচাৰ কৰা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "About US | Karnataka Gandhi Smaraka Nidhi (R.)" (en-US ভাষাত). Archived from the original on 16 January 2019. https://web.archive.org/web/20190116045804/http://gandhibhavankarnataka.org/about-us/। আহৰণ কৰা হৈছে: 2019-01-15.
- ↑ 2.0 2.1 "Gandhi Bhavan Bangalore - Gandhi Bhavan of Bangalore - Gandhi Bhavan in Bangalore India". www.bangaloreindia.org.uk. http://www.bangaloreindia.org.uk/tourist-attractions/gandhi-bhavan.html। আহৰণ কৰা হৈছে: 2019-01-15.
- ↑ "Gandhi Bhavan | Museum of India". www.museumsofindia.org. Archived from the original on 13 May 2021. https://web.archive.org/web/20210513160524/https://www.museumsofindia.org/sp/node/251। আহৰণ কৰা হৈছে: 2019-01-15.