সমললৈ যাওক

গান্ধী সংগ্ৰহালয়, পাটনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গান্ধী সংগ্ৰহালয়, পাটনা
প্ৰতিষ্ঠা ১৯৬৭ (1967)
অৱস্থিতি উত্তৰ-পশ্চিম গান্ধী ময়দান, অশোক ৰাজপথ, পাটনা, বিহাৰ
ৱেবছাইট gandhisangrahalayapatna.org

গান্ধী স্মাৰক সংগ্ৰহালয় (ইংৰাজী: Gandhi Smarak Sangrahalaya) মহাত্মা গান্ধীৰ জীৱন আৰু নীতি, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বিহাৰত তেওঁৰ ভূমিকা প্ৰদৰ্শন কৰা এক সংগ্ৰহালয় আৰু সাৰ্বজনিক সেৱা প্ৰতিষ্ঠান।[1] ই দেশৰ এঘাৰটা গান্ধী সংগ্ৰহালয়ৰ অন্যতম।[2]

১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ কিছু বছৰ পিছত দেশজুৰি ভাৰতৰ নাগৰিকক গান্ধীৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে আহ্বান জনোৱা হৈছিল। ভাৰতৰ দৰিদ্ৰ আৰু ধনী উভয় নাগৰিকৰ অৱদানেৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাস নামেৰে এটা ন্যাস স্থাপন কৰা হয়।[3][4] ১৯৬৭[5] চনত গান্ধী ময়দানৰ উত্তৰ-পশ্চিম কোণৰ ওচৰত পাটনা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয়। ১৯৭১ চনৰ জুলাই মাহলৈকে, পাঁচটা স্বাধীন সংগ্ৰহালয় (আহমদাবাদ, মাদুৰাই, বৈৰকপুৰ, মুম্বাই, পাটনা) স্থাপন নকৰালৈকে ই কেন্দ্ৰীয় গান্ধী সংগ্ৰহালয় সমিতিৰ অংশ আছিল। তেতিয়াৰ পৰাই পাটনাৰ গান্ধী সংগ্ৰহালয় এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান।[6]

সংগ্ৰহালয়টো নিৰল ঠাইত অৱস্থিত। ইয়াত বাপুজীৰ দৃশ্যমান জীৱনী আছে, যাৰ ভিতৰত আছে- ফটো, চিত্ৰ, ভাস্কৰ্য্য, পাণ্ডুলিপি, উদ্ধৃতি আদি। ইয়াত তেওঁৰ জীৱনৰ সকলো ডাঙৰ ডাঙৰ ঘটনা বৰ্ণিত হৈছে।[7] শৈশৱ আৰু অন্তিম যাত্ৰাৰ লগতে গান্ধীৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ ফটোও সন্নিবিষ্ট কৰা হৈছে। সংগ্ৰহালয়ৰ হলত তেওঁৰ কোঠাৰ প্ৰতিৰূপ এটাও আছে। সংগ্ৰহালয়ত মহাত্মা গান্ধীৰ জীৱনৰ সৈতে জড়িত কিতাপ, আলোচনী, সাহিত্য আৰু অডিঅ'-ভিডিঅ' সামগ্ৰীৰ সমৃদ্ধ সংগ্ৰহ আৰু গ্ৰন্থ বিপনী আছে।[8]

  1. "The Telegraph — Calcutta (Kolkata) | Bihar | CM sets Satyagraha archive ball roll". Telegraphindia.com. 2011-04-11. http://www.telegraphindia.com/1110411/jsp/bihar/story_13836825.jsp আহৰণ কৰা হৈছে: 2014-05-28.
  2. "Gandhi Museums, Ashrams and Libraries". Mkgandhi.org. http://www.mkgandhi.org/museum/museum_libraries.htm আহৰণ কৰা হৈছে: 2014-05-28.
  3. Kaminsky, Arnold P.; Roger, D. Long PH.D. (2011-09-23). India Today: An Encyclopedia of Life in the Republic [2 volumes]: An ... - Google Books. ISBN 9780313374630. https://books.google.com/books?id=VVxlfDHGTFYC&q=gandhi+national+memorial+trust+established+in+1948&pg=PA281 আহৰণ কৰা হৈছে: 2014-05-28.
  4. Peter Rühe. "MAHATMA — LIFE OF GANDHI, 1869-1948". Gandhiserve.org. Archived from the original on 2014-11-09. https://web.archive.org/web/20141109015516/http://www.gandhiserve.org/streams/mahatma.html আহৰণ কৰা হৈছে: 2014-05-28.
  5. "Govt to provide fund for Gandhi Sangrahalaya — The Times of India". Timesofindia.indiatimes.com. 2011-01-30. http://timesofindia.indiatimes.com/city/patna/Govt-to-provide-fund-for-Gandhi-Sangrahalaya/articleshow/7393397.cms আহৰণ কৰা হৈছে: 2014-05-28.
  6. "Tribute to Gandhi". gandhisangrahalayapatna.org. http://gandhisangrahalayapatna.org/ আহৰণ কৰা হৈছে: 2014-05-28.
  7. "Directorate of Museum — Page 4". Yac.bih.nic.in. Archived from the original on 2016-11-17. https://web.archive.org/web/20161117210139/http://yac.bih.nic.in/DM-04.htm আহৰণ কৰা হৈছে: 2014-05-28.
  8. "Tribute to Gandhi". gandhisangrahalayapatna.org. http://gandhisangrahalayapatna.org/ আহৰণ কৰা হৈছে: 2014-05-28.