সমললৈ যাওক

গাবিজা (দেৱী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গাবিজা বা গাবিয়েটা বা গাবেটা, লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত জুইৰ আত্মা। তেওঁ অসমীয়া সমাজৰ লোকবিশ্বাসত থকা ঘৰজেউতিৰ দৰে ঘৰ-পৰিয়ালৰ ৰক্ষক। তেওঁৰ নাম গৌবটি(gaubti, যাৰ অৰ্থ আবৰি ৰখা, ৰক্ষা কৰা)[1] বা চেণ্ট আগাথা (ৰাছিয়ান: Гафия, Gafiya)ৰ পৰা উদ্ভৱ হৈছে।[2] খ্ৰীষ্টান ধৰ্মতত্ত্ববিদ জান ছাচিচ্কিয়ে মূৰ্তিপূজাৰ ওপৰত লিখা গ্ৰন্থখনত (১৬১৫ চনত প্ৰকাশিত) লিথুৱেনিয়াৰ দেৱতাৰ তালিকাত গাবিজাৰ নামহে উল্লেখ কৰা হৈছে। লিথুৱেনিয়াৰ লোককথাত তেওঁক পোৱা যায়।[2]

গাবিজাই মেকুৰী, ষ্টৰ্ক বা কুকুৰাৰ সাইলাখ ৰূপ লৈ দেখা দিব পাৰে,[1] বা ৰঙা কাপোৰ পিন্ধা মহিলা হিচাপে দেখা দিব পাৰে।[3] গাবিজাক জীৱিত প্ৰাণীৰ দৰে অতিশয় সন্মান আৰু যত্ন লোৱা হয়। মানুহে গাবিজাক ৰুটি আৰু নিমখ খাবলৈ আগবঢ়াই দিয়ে।[1] শুবলৈ বিছনাৰ তলত জুই দিব লাগিছিল – মহিলাসকলে প্ৰতিদিনে সন্ধিয়া কয়লাবোৰ ছাইৰে ঢাকি দিছিল যাতে জুই ইফালে সিফালে উৰি গৈ ক্ষতি নকৰে।[1] গবিজা যেনেকৈ ঘৰৰ ৰক্ষক আছিল, ঘৰৰ মাতৃও আছিল আৰু আছিল জুইৰ ৰক্ষক।[4] কেতিয়াবা অগ্নিকুণ্ডৰ ওচৰতে বিশুদ্ধ পানীৰ বাটি এটা থৈ দিয়া হৈছিল যাতে গাবিজাই নিজকে ধুব পাৰে।[3] খং উঠিলে গাবিজাই ঘৰটো জ্বলাই "ফুৰিবলৈ যায়।" বহু লোককথাত গাবিজাক ভৰিৰে ঠেলি দিয়া, থু পেলোৱা বা প্ৰস্ৰাৱ কৰি ক্ষুণ্ণ কৰাসকলৰ দুৰ্ভাগ্যৰ বৰ্ণনা কৰা হৈছে।[3]

মাটকা গাবিয়া হৈছে ঘৰ, অগ্নিকুণ্ডৰ লিথুৱেনিয়ান দেৱী আৰু তেওঁলোকৰ যত্নৰ পৃষ্ঠপোষক। তাইৰ উৎপত্তি সম্ভৱতঃ গাবিজাৰ পৰা।

অণুজীৱবিজ্ঞানত গজ বুলি সংক্ষিপ্ত কৰা গাবিজা নামটো এটা জিনমৰ বাবেই বুলি কোৱা হৈছে।[5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Gimbutas, Marija; Miriam Robbins Dexter (2001). The Living Goddesses. University of California Press. পৃষ্ঠা. 203. ISBN 0-520-22915-0. https://books.google.com/books?id=Xs26aFrT0YAC&pg=PA203. 
  2. 2.0 2.1 Bojtár, Endre (1999). Foreword to the Past: A Cultural History of the Baltic People. CEU Press. পৃষ্ঠা. 298. ISBN 963-9116-42-4. 
  3. 3.0 3.1 3.2 Jonas Trinkūnas, ed (1999). Of Gods & Holidays: The Baltic Heritage. Tvermė. পৃষ্ঠা. 85–87. ISBN 9986-476-27-5. 
  4. Johnson, Cait (2002). Earth, Water, Fire, and Air: Essential Ways of Connecting to Spirit. SkyLight Paths Publishing. পৃষ্ঠা. 135. ISBN 1-893361-65-9. https://books.google.com/books?id=m_M99GVLhI8C&pg=PT151. 
  5. "J8H9C1 · GAJA_BACC6". UniProt. EMBL's European Bioinformatics Institute. https://www.uniprot.org/uniprotkb/J8H9C1. "Alternative names: Gabija protein GajA"