গাব্ৰিয়েলা টাফুৰ
| গাব্ৰিয়েলা টাফুৰ | |
|---|---|
২০১৮ চনত টাফুৰ | |
| জন্ম | গাব্ৰিয়েলা টাফুৰ নাদেৰ ০৭ জুলাই, ১৯৯৫ (৩১ বছৰ) কেলি, ককা ভেলী, কলম্বিয়া |
| শিক্ষানুষ্ঠান | লছ এণ্ডিজ বিশ্ববিদ্যালয় |
| দাম্পত্যসঙ্গী | এষ্টেবান ছাণ্টোক (বি. ২০২৪) |
| আত্মীয়-স্বজন |
|
| 'Beauty pageant titleholder' | |
| Title | মিছ কলম্বিয়া ২০১৮ |
| Hair color | পাতল মুগা |
| Eye color | মুগা |
| Major competition(s) |
|
গাব্ৰিয়েলা টাফুৰ নাদেৰ (ইংৰাজী: Gabriela Tafur; জন্ম: ৭ জুলাই ১৯৯৫) এগৰাকী কলম্বিয়ান অধিবক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০১৮ ৰ মুকুট পিন্ধিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৯ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]টাফুৰৰ জন্ম ১৯৯৫ চনৰ ৭ জুলাইত কেলিত অক্টাভিঅ' টাফুৰ আৰু অলগা লিলিয়ানা নাদেৰৰ ঘৰত হৈছিল। তেওঁ মাতৃৰফালৰপৰা লেবাণীজ মূলৰ; তেওঁৰ ককাক মূলতঃ লেবাননৰ আলে ডিষ্ট্ৰিক্টৰ চাৰ্টুনৰ বাসিন্দা আছিল আৰু লেবাণীজ গৃহ-যুদ্ধৰ সময়ত কলম্বিয়ালৈ প্ৰব্ৰজন কৰিছিল।[2] তেওঁ স্পেনিছ, ইংৰাজী আৰু পৰ্তুগীজ ভাষা কয়।[3]
কেলিৰ ক'লেজিঅ' বলিভাৰৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত টাফুৰে বগোটালৈ গৈ লছ এণ্ডিজ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে আৰু তাৰপৰাই তেওঁ 'কাম লাউড' সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত টাফুৰে মাইক্ৰ'ছফ্ট কলম্বিয়াৰ আইনী বিভাগত অধিবক্তা হিচাপে কাম কৰিছিল আৰু লছ এণ্ডিজ বিশ্ববিদ্যালয়ত বাণিজ্যিক আইন বিশেষজ্ঞতাৰ সমন্বয়ক হিচাপে কাম কৰিছিল।[4]
সৌন্দৰ্য প্ৰতিযোগিতা
[সম্পাদনা কৰক]মিছ কলম্বিয়া ২০১৮
[সম্পাদনা কৰক]২০১৮ চনত টাফুৰে কলম্বিয়াৰ কাৰ্টেজেনাত অনুষ্ঠিত মিছ কলম্বিয়া ২০১৮ ত প্ৰতিযোগিতা কৰি জয়লাভ কৰে। বিদায়ী খিতাপধাৰী ভেলেৰিয়া মোৰালেছে তেওঁক মুকুট পিন্ধাইছিল। টাফুৰে দুটা অতিৰিক্ত খিতাপো জয় কৰিছিল: মিছ পাংচুৱেলিটি বুলোভা আৰু কুইন অফ দ্য পুলিচ।[5]
মিছ কলম্বিয়া হিচাপে তেওঁক ২০১৯ চনৰ জুন মাহত লেবাননত অনুষ্ঠিত লেবাণীজ ডায়েছপৰা এনাৰ্জি কনফাৰেন্সলৈ আমন্ত্ৰণ জনোৱা হৈছিল।[6]
মিছ ইউনিভাৰ্ছ ২০১৯
[সম্পাদনা কৰক]টাফুৰে মিছ ইউনিভাৰ্ছ ২০১৯ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।[7][8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২৪ চনৰ ৭ ছেপ্টেম্বৰত ভেল ডেল ককাৰ হেচিয়েণ্ডা মানুৱেলিটাত টাফুৰে কলম্বিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হুয়ান মানুৱেল ছাণ্টোছ আৰু মাৰিয়া ক্লিমেঞ্চিয়া ডি ছাণ্টোছৰ কনিষ্ঠ পুত্ৰ এষ্টেবান ছাণ্টোছৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[9][10][11]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ noticiasrcn.com (8 December 2019). "¡Orgullo colombiano! Gabriela Tafur quedó en el top 5 de Miss Universo 2019" (es ভাষাত). ¡Orgullo colombiano! Gabriela Tafur quedó en el top 5 de Miss Universo 2019. https://www.noticiasrcn.com/entretenimiento/orgullo-colombiano-gabriela-tafur-quedo-en-el-top-5-de-miss-universo-2019-350315। আহৰণ কৰা হৈছে: 31 December 2023.
- ↑ "La nouvelle Miss Colombie est d'origine libanaise" (fr ভাষাত). 16 November 2018. https://www.lorientlejour.com/article/1143870/la-nouvelle-miss-colombie-est-dorigine-libanaise.html.
- ↑ "Srta. Colombia® 2019 Gabriela Tafur Nader | Señorita Colombia". www.srtacolombia.org. Archived from the original on 11 December 2023. https://web.archive.org/web/20231211101858/https://srtacolombia.org/es/reinas/srta-colombiar-2019-gabriela-tafur-nader। আহৰণ কৰা হৈছে: 31 December 2023.
- ↑ "Gabriela Tafur Señorita Colombia 2019 denominada "Miss Académica"" (es ভাষাত). eldiario.com. 16 November 2020. Archived from the original on 17 December 2018. https://web.archive.org/web/20181217202354/http://eldiario.com.co/seccion/MODA-IN/gabriela-tafur-se-orita-colombia-2019-denominada-miss-acad-mica-1811.html। আহৰণ কৰা হৈছে: 27 March 2026.
- ↑ "Gabriela Tafur, Señorita Colombia 2018, sueña con lanzarse a la política" (es ভাষাত). lafm.com. 12 December 2018. https://www.lafm.com.co/entretenimiento/gabriela-tafur-senorita-colombia-2018-suena-con-lanzarse-la-politica.
- ↑ "Señorita Colombia® asiste a conferencia LDE en el Líbano". 5 June 2019. Archived from the original on 19 July 2019. https://web.archive.org/web/20190719175643/http://www.srtacolombia.org/es/recurso/senorita-colombiar-asiste-conferencia-lde-en-el-libano। আহৰণ কৰা হৈছে: 27 March 2026.
- ↑ "Gabriela Tafur Nader crowned Senorita Colombia 2019". indiatimes.com. Archived from the original on 19 July 2019. https://web.archive.org/web/20190719175642/https://beautypageants.indiatimes.com/miss-universe/gabriela-tafur-nader-crowned-senorita-colombia-2019/videoshow/66604511.cms। আহৰণ কৰা হৈছে: 17 December 2018.
- ↑ ""Menos corrupción, más calidad": Gabriela Tafur habló del Paro Nacional y defendió las protestas" (es ভাষাত). Protagonista. 9 December 2019. Archived from the original on 9 December 2019. https://web.archive.org/web/20191209050039/https://www.protagonista.com.co/reinas/gabriela-tafur-hablo-del-paro-nacional-y-los-problemas-en-el-pais/.
- ↑ "Una boda real: Gabriela Tafur y Esteban Santos se casan en Cali" (es ভাষাত). www.eluniversal.com.co. 7 September 2024. https://www.eluniversal.com.co/farandula/2024/09/07/una-boda-real-gabriela-tafur-y-esteban-santos-se-casan-en-cali/। আহৰণ কৰা হৈছে: 10 September 2024.
- ↑ Barros, Por Danny (8 September 2024). "Así fue la fiesta de Gabriela Tafur y Esteban Santos luego de su boda: Greeicy Rendón prendió la rumba" (es-ES ভাষাত). infobae. https://www.infobae.com/colombia/2024/09/08/asi-fue-la-fiesta-de-gabriela-tafur-y-esteban-santos-luego-de-su-boda-greeicy-rendon-prendio-la-rumba/। আহৰণ কৰা হৈছে: 10 September 2024.
- ↑ Tendencias, Redacción (7 September 2024). "Las imágenes que deja el matrimonio de Gabriela Tafur y Esteban Santos" (es-CO ভাষাত). ELHERALDO.CO. https://www.elheraldo.co/famosos/matrimonio-de-gabriela-tafur-y-esteban-santos-este-sabado-7-de-septiembre-estas-son-las। আহৰণ কৰা হৈছে: 10 September 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মিছ কলম্বিয়াৰ অধিকাৰিক ৱেবছাইট Archived 16 May 2008 at the Wayback Machine