গায়ত্ৰী গোবিন্দ
গায়ত্ৰী গোবিন্দ | |
---|---|
![]() | |
জন্ম | ত্ৰিবান্দ্ৰম, কেৰালা, ভাৰত[1] |
পেচা | নৃত্যাংগনা, কৰিঅ’গ্ৰাফাৰ, টিভি হোষ্ট |
সক্ৰিয় হৈ থকা সময় | ১৯৯২- বৰ্তমান |
গায়ত্ৰী গোবিন্দ (ইংৰাজী: Gayathri Govind ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী আৰু ২০০৮ চনত এছিয়ানেটৰ ভোডাফোন ঠাকাদিমিৰ বিজয়ী।[2]
তেওঁ ভাৰতনাট্যম, মোহিনীঅট্টম, কুচিপুড়ী, অট্টনমথুল্লাল, কথাকলী, কথক আৰু কেৰালনাদনমৰ প্ৰশিক্ষণপ্ৰাপ্ত। চাৰি বছৰ বয়সৰ পৰাই ভাৰত আৰু বিদেশৰ বিভিন্ন মঞ্চত তেওঁ প্ৰদৰ্শন কৰি আহিছে।[3] তেওঁ ত্ৰিবান্দ্ৰমৰ নিজা নৃত্য দল Silver Streakৰ[4] গৰাকী। তেওঁ কৈৰালী টিভি, এছিয়ানেট, সূৰ্য্য টিভি, মঝাভিল মনোৰমা, কৈৰালী ৱী, এছিয়ানেট নিউজ, বিটিভি, দূৰদৰ্শন, এচিভিত বহুতো টিভি অনুষ্ঠান আৰু লাইভ শ্ব'ৰ এংকৰ কৰিছে। তেওঁ প্ৰসিদ্ধ চাহ ব্ৰেণ্ড ছোচাইটি টীৰ মডেল আৰু এইচ চি এল টেকন'লজীছৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ। বৰ্তমান তেওঁ ত্ৰিবান্দ্ৰমত বাস কৰে।[5] তেওঁ চেন্নাই আৰু ত্ৰিবান্দ্ৰমৰ নৃত্য বিদ্যালয় ‘তাকাধিমী’ চলাই আছে।[6]
২০১৫ চনৰ ১৬ অক্টোবৰত তেওঁ ফিনলেণ্ডৰ হেলচিংকিত মনোৰঞ্জন, সংবাদ মাধ্যমৰ বাবে সোণালী মহিলা বঁটা[7] ২০১৫ লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Dancing queen". The Hindu. প্ৰকাশক Thiruvananthapuram. 27 June 2008. http://www.hindu.com/fr/2008/06/27/stories/2008062750180400.htm। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "In seventh heaven". The Hindu. প্ৰকাশক Thiruvananthapuram. 28 June 2008. http://www.hindu.com/mp/2008/06/28/stories/2008062850990400.htm। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ Chris (4 November 2011). "A techie wedded to dance". Deccan Chronicle. Archived from the original on 9 December 2011. https://web.archive.org/web/20111209063918/http://www.deccanchronicle.com/tabloid/glam-sham/techie-wedded-dance-895। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "Team work Silver Streak won the Dhoom Pro competition". The Hindu. 7 June 2007. http://www.hindu.com/mp/2007/07/07/stories/2007070751150200.htm। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "Natana Talent of Month". Technopark, Trivandrum. 2010. Archived from the original on 31 March 2012. https://web.archive.org/web/20120331222953/http://natana.in/talent-of-the-month/technopark-maruthi-suzuki-talent-of-the-month-gayathri-govind। আহৰণ কৰা হৈছে: 24 January 2012.
- ↑ "Feat of perfection". The Hindu. 27 December 2012. http://www.thehindu.com/arts/dance/feat-of-perfection/article4244693.ece। আহৰণ কৰা হৈছে: 28 December 2012.