গায়ত্ৰী দেৱী (ৰাজনীতিবিদ)
গায়ত্ৰী দেৱী | |
|---|---|
| ভাৰতৰ প্ৰধনমন্ত্ৰীৰ পত্নী | |
| ' ২৮ জুলাই ১৯৭৯ – ১৪ জানুৱাৰী ১৯৮০ | |
| প্ৰধানমন্ত্ৰী | চৰণ সিং |
| পূৰ্বসূৰী | গুজ্ৰাবেন দেশাই |
| উত্তৰসূৰী | ফিৰোজ গান্ধী |
| লোকসভাৰ সাংসদ | |
| কাৰ্যকাল ১৮ জানুৱাৰী ১৯৮০ – ৩১ ডিচেম্বৰ ১৯৮৪ | |
| পূৰ্বসূৰী | চন্দন সিং |
| উত্তৰসূৰী | আখটাৰ হাছান |
| সমষ্টি | কৈৰানা লোকসভা সমষ্টি |
| উত্তৰ প্ৰদেশ বিধান সভাৰ সদস্য | |
| কাৰ্যকাল ৫ ফেব্ৰুৱাৰী ১৯৬৯ – ২৩ ফেব্ৰুৱাৰী ১৯৭৪ | |
| পূৰ্বসূৰী | এম.এল. গৌতম |
| উত্তৰসূৰী | ৰাজেন্দ্ৰ সিং |
| সমষ্টি | ইগলাচ, উত্তৰ প্ৰদেশ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৫ ডিচেম্বৰ ১৯০৫ ছোনিপাট জিলা, বৃটিছ ভাৰত, বৰ্তমান হাৰিয়ানা |
| মৃত্যু | ১০ মে', ২০০২ (৯৬ বছৰ) |
| ৰাজনৈতিক দল | জনতা দল (ধৰ্মনিৰপেক্ষ) |
| আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় ক্ৰান্তি দল (১৯৮০ৰ আগত) |
| দাম্পত্যসঙ্গী | চৰণ সিং (বি. ১৯২৫) |
| সন্তান | ৬, অজিত সিংকে ধৰি |
গায়ত্ৰী দেৱী, জন্ম:৫ ডিচেম্বৰ ১৯০৫ চন আৰু মৃত্যু: ১০ মে’ ২০০২ চন, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী চৰণ সিঙৰ পত্নী আছিল। উত্তৰ প্ৰদেশৰ কৈৰানাৰ পৰা সংসদৰ নিম্ন সদন, সপ্তম লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে উত্তৰ প্ৰদেশৰ বিধানসভালৈও নিৰ্বাচিত হৈছিল। তেওঁ মথুৰাৰ প্ৰথম আৰু একমাত্ৰ মহিলা বিধায়িকা আছিল।[1][2][3]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]তেওঁ ১৯০৫ চনৰ ৫ ডিচেম্বৰত ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ ছোনিপাত জিলাৰ গড়ী কুণ্ডল গাঁৱত জন্মগ্ৰহণ কৰে।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]উত্তৰ প্ৰদেশ বিধানসভা
[সম্পাদনা কৰক]১৯৬৯ চনত মথুৰা জিলাৰ ভাৰতীয় ক্ৰান্তি দলৰ যুদ্ধংদেহী ৰাজনৈতিক দলসমূহে ইজনে সিজনৰ প্ৰাৰ্থিত্বৰ ওপৰত একমত হ’ব নোৱাৰাৰ বাবেই গায়ত্ৰী দেৱীয়ে তেওঁৰ অনিচ্ছাকৃত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। ১৯৬৯ চনত ভাৰতীয় ক্ৰান্তি দলৰ বেনাৰত প্ৰথম কাৰ্যকালৰ বাবে ইগলাছ সমষ্টিৰপৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়।[5] ইয়াৰ পিছত ১৯৭৪ চনত মথুৰা জিলাৰ গকুল বিধানসভাৰপৰাও দ্বিতীয়বাৰৰ বাবে জয়ী হয়।[6] চৰণ সিঙৰ নেতৃত্বত ভাৰতীয় ক্ৰান্তি দলৰ বেনাৰত এই দুয়োখন বিধানসভালৈ নিৰ্বাচিত হৈছিল। আজিলৈকে তেওঁ মথুৰাৰপৰা বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে।[1][7]
সাংসদ, লোকসভা
[সম্পাদনা কৰক]ৰাজ্যিক বিধানসভাত কাৰ্যকালৰ পিছত তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ পৰিৱৰ্তিত হয়। উত্তৰ প্ৰদেশৰ কৈৰানা সমষ্টিৰপৰা জনতা পাৰ্টি (চেকুলাৰ)ৰ সদস্য হিচাপে সপ্তম লোকসভালৈ সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৮০ চনৰ ১৮ জানুৱাৰীৰপৰা ১৯৮৪ চনৰ ৩১ ডিচেম্বৰলৈকে তেওঁ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8]

ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯২৫ চনৰ ৫ জুনত ভাৰতৰ ৫ম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ সৈতে তেওঁৰ বিবাহ হয়।[9] বিশিষ্ট ৰাজনীতিবিদ আৰু লগতে প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অজিত সিংকে ধৰি এই দম্পতীৰ ছটা সন্তান আছিল।
মৃত্যু
[সম্পাদনা কৰক]দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত ২০০২ চনৰ ১০ মে'ত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[10][11]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "जिले की एक महिला ही पहुंची विधानसभा, गायत्री देवी ही बड़ी कशमकश से बचा पाई थीं सीट". Dainik Bhaskar. https://www.bhaskar.com/local/uttar-pradesh/mathura/news/up-assembly-election-updates-2022-only-one-woman-could-reach-the-assembly-from-all-the-five-assembly-seats-of-mathura-except-gayatri-devi-no-female-candidate-got-success-129357558.html। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ "Members of Lok Sabha". Lok Sabha. http://loksabha.nic.in/Members/lokprev.aspx?search=G। আহৰণ কৰা হৈছে: 2022-12-04.
- ↑ "STATISTICAL REPORT ON GENERAL ELECTION, 1969 TO THE LEGISLATIVE ASSEMBLY OF UTTAR PRADESH". Election Commission of India. https://old.eci.gov.in/files/file/3247-uttar-pradesh-1969/?do=download.
- ↑ "Member's Bioprofile". Lok Sabha. https://loksabha.nic.in/writereaddata/biodata_1_12/1478.htm। আহৰণ কৰা হৈছে: 2022-12-04.
- ↑ "Uttar Pradesh Assembly Election Results in 1969". www.elections.in. https://www.elections.in/uttar-pradesh/assembly-constituencies/1969-election-results.html। আহৰণ কৰা হৈছে: 2024-12-10.
- ↑ "Uttar Pradesh Assembly Election Results in 1974". www.elections.in. https://www.elections.in/uttar-pradesh/assembly-constituencies/1974-election-results.html। আহৰণ কৰা হৈছে: 2024-12-10.
- ↑ "लोकसभा चुनाव फ्लैश बैक: जनता ने गायत्री देवी को हाथ जोड़ने से कर दिया था मना, कहा-आप वोट न मांगें" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/uttar-pradesh/shamli/lok-sabha-election-flashback-public-had-stopped-gayatri-devi-to-join-hands-said-you-do-not-ask-for-votes-2024-03-20। আহৰণ কৰা হৈছে: 2024-12-12.
- ↑ "IndiaVotes PC: Uttar Pradesh [1947 - 1999 1980"]. IndiaVotes. https://www.indiavotes.com/lok-sabha/1980/uttar-pradesh-%5B1947---1999%5D/7/8। আহৰণ কৰা হৈছে: 2024-12-10.
- ↑ "Charan Singh". Lok Sabha Documents. https://loksabhadocs.nic.in/Refinput/eprofiles/English/21122021_162418_1021206200.pdf। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ "LABOUR MINISTER CONDOLES THE DEATH OF SMT. GAYATRI DEVI". Press Information Bureau. https://archive.pib.gov.in/archive/releases98/lyr2002/rmay2002/10052002/r1005200234.html। আহৰণ কৰা হৈছে: 2022-12-04.
- ↑ "Ajit Singh's mother dead". The Tribune India. https://www.tribuneindia.com/2002/20020511/spotlite.htm। আহৰণ কৰা হৈছে: 2022-12-04.