গায়ত্ৰী ভাৰদ্বাজ
| গায়ত্ৰী ভাৰদ্বাজ | |
|---|---|
![]() ২০২৩ চনত ভাৰদ্বাজ | |
| জন্ম | ১৭ জুন, ১৯৯৫ (৩০ বছৰ) নতুন দিল্লী, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী |
| উচ্চতা | ১.৬৮ মিটাৰ (U=ft}}) |
| 'Beauty pageant titleholder' | |
| Title | ফেমিনা মিছ ইণ্ডিয়া ইউনাইটেড কন্টিনেন্টছ ২০১৮ |
| Hair colour | মুগা |
| Eye colour | মুগা |
| Major competition(s) |
* ফেমিনা মিছ ইণ্ডিয়া দিল্লী ২০১৮ (বিজয়ী)
|
গায়ত্ৰী ভাৰদ্বাজ (ইংৰাজী: Gayatri Bhardwaj; জন্ম: ১৭ জুন ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী, যিয়ে মুখ্যত হিন্দী আৰু তেলুগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৮ প্ৰতিযোগিতাত নতুন দিল্লী ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনাইটেড কন্টিনেন্টছ ২০১৮ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনাইটেড কন্টিনেন্টছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[1][2] ২০২১ চনত তেওঁ ঢিন্ডোৰা নামৰ এখন ভাৰতীয় ইউটিউব কমেডী ৱেব-চিৰিজত অভিনয় কৰিছিল, যাৰ জৰিয়তে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি ঘটিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গায়ত্ৰী ভাৰদ্বাজৰ জন্ম ১৯৯৫ চনৰ ১৭ জুনত ভাৰতৰ দিল্লীত হৈছিল।[3] তেওঁ মডাৰ্ণ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল।[4] পুনেৰ ভাৰতী বিদ্যাপীঠ ডেন্টাল কলেজৰ পৰা দন্ত চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ 'কেম্পাছ প্ৰিন্সেছ ২০১৮'ৰ জৰিয়তে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।[5][4] পিছলৈ তেওঁ ফেমিনা মিছ ইণ্ডিয়া দিল্লী ২০১৮[6] আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৮ত অংশগ্ৰহণ কৰিছিল।[7] তেওঁ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু ফুটবল খেলিছিল।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৮ চনত আকাশ পুৰীৰ বিপৰীতে তেলুগু ৰোমান্টিক ড্ৰামা ৰোমান্টিকৰ বাবে তেওঁক মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচন কৰা হৈছিল। নিৰ্মাতাসকলে পুৰুষ অভিনেতাগৰাকীৰ বিপৰীতে এটা নতুন মুখৰ সন্ধান কৰি আছিল আৰু ভাৰদ্বাজৰ মডেলিং কেৰিয়াৰ তথা কেমেৰাৰ সন্মুখত তেওঁৰ স্বাচ্ছন্দ্যবোধৰ বাবে তেওঁক বাছনি কৰিছিল।[8] অৱশ্যে পিছলৈ তেওঁৰ ঠাইত কেতিকা শৰ্মাক লোৱা হয়।[9]
২০২১ চনত ভাৰদ্বাজে ভুৱন বামৰ বিপৰীতে ঢিন্ডোৰাত ডাঃ তাৰা ৰামপামৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।[10][11] এই ৱেব ধাৰাবাহিকখনত তেওঁৰ নামটো ২০০৭ চনৰ হিন্দী ছবি তা ৰা ৰাম পামৰ শিৰোনামটোৰ এক শব্দৰ খেল (word play)।
২০২২ চনত ভাৰদ্বাজে লক্ষ্মণ উটেকাৰৰ ইট্টু চি বাতৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁ ভূপেন্দ্ৰ জাডাৱটৰ বিপৰীতে স্বপ্নাৰ চৰিত্ৰত অভিনয় কৰিছিল।[12]
ইয়াৰ পিছত ভাৰদ্বাজে ইস্ক এক্সপ্ৰেছত তানিয়াৰ চৰিত্ৰত আৰু হাইৱে লাভত ইনায়াৰ চৰিত্ৰত ঋত্বিক সাহোৰৰ বিপৰীতে অভিনয় কৰে।[13][14]
তেওঁ ৰবি টেজা আৰু নূপুৰ চাননৰ বিপৰীতে তেলুগু ছবি টাইগাৰ নাগেশ্বৰ ৰাওত অভিনয় কৰি টলিউডত আত্মপ্ৰকাশ কৰে। তেওঁ টাইগাৰৰ পত্নী মণিৰ চৰিত্ৰত অভিনয় কৰিছিল।[15][16] ১৭ অক্টোবৰৰ এটা সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে পৰিচালক ভামচিয়ে তেওঁক ঢিন্ডোৰাত অভিনয় কৰা দেখিছিল। পৰিচালকজনৰ মতে, ধাৰাবাহিকখনত তেওঁক দেখাৰ লগে লগে তেওঁৰ মনত থকা মণিৰ চৰিত্ৰটোৰ সৈতে ভাৰদ্বাজ মিলি গৈছিল। ছবিখন ২০২৩ চনৰ ২০ অক্টোবৰত মুক্তি পাইছিল আৰু ই বক্স অফিচত সফলতা লাভ কৰিছিল যদিও মিশ্ৰিত সমালোচনা লাভ কৰিছিল।
২০২৪ চনত তেওঁ বাডী নামৰ আন এখন তেলুগু ছবিত অভিনয় কৰে য'ত তেওঁ অল্লু চিৰিছৰ বিপৰীতে অভিনয় কৰিছিল। এই ছবিখন তামিল ছবি টেডিৰ ৰিমেক। ছবিখন ২ আগষ্টত মুক্তি পায় আৰু মিশ্ৰিত সমালোচনা লাভ কৰে। তেওঁ মোহৰে নামৰ এখন হিন্দী ৱেব ধাৰাবাহিকতো অভিনয় কৰিছে য’ত তেওঁ ৰাচেল পিণ্টো নামৰ এগৰাকী অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। এই ৱেব ধাৰাবাহিকখন ৬ ডিচেম্বৰত এমএক্স প্লেয়াৰ আৰু প্ৰাইম ভিডিঅ'ত মুক্তি পাইছিল।
মিডিয়া
[সম্পাদনা কৰক]২০১৮ চনত টাইমছ অৱ ইণ্ডিয়াৰ '৫০ গৰাকী মোষ্ট ডিজাইৰেবল ৱুমেন'ৰ তালিকাত ভাৰদ্বাজে পঞ্চম স্থান লাভ কৰিছিল।[17]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | প্ৰসংগ |
|---|---|---|---|---|
| ২০২২ | ইট্টু চি বাত | স্বপ্না মাথুৰ | হিন্দী | [18] |
| ২০২৩ | টাইগাৰ নাগেশ্বৰ ৰাও | মণি | তেলুগু | [19] |
| ২০২৪ | বাডী | পল্লৱী | [20] | |
| ২০২৬ | কাল্ট | ঘোষণা হ’বলৈ বাকী |
ৱেব ধাৰাবাহিক
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | ভাষা | প্ৰসংগ |
|---|---|---|---|---|
| ২০২১ | ঢিন্ডোৰা | ডাঃ তাৰা ৰামপাম | হিন্দী | [21] |
| ২০২২ | ইস্ক এক্সপ্ৰেছ | তানিয়া | [22] | |
| ২০২৩–২০২৪ | হাইৱে লাভ | ইনায়া | [23] | |
| ২০২৪ | মোহৰে | ৰাচেল পিণ্টো | [24] |
মিউজিক ভিডিঅ'
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | গায়ক | প্ৰসংগ |
|---|---|---|---|
| ২০১৯ | কল | ডি চ’লজাৰ্ছ | [25] |
| লেভেল | [26] | ||
| পটোলা | ব্ৰজেশাণ্ডিল্য | [27] | |
| ২০২৩ | জৱাব | বাদশ্বাহ | [28] |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]
| বৰ্ষ | বঁটা | বিভাগ | কাম | ফলাফল | প্ৰসংগ |
|---|---|---|---|---|---|
| ২০২৩ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তেলুগু | টাইগাৰ নাগেশ্বৰ ৰাও | মনোনীত | [29] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Gayatri Bhardwaj: I feel honoured to represent Delhi". The Times of India. https://timesofindia.indiatimes.com/videos/beauty-pageants/miss-india/gayatri-bhardwaj-i-feel-honoured-to-represent-delhi/videoshow/63861657.cms। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Miss United Continents India 2018 Gayatri Bhardwaj Talks About Her Bollywood Plans!". https://www.timesnownews.com/videos/zoom/bollywood-news/miss-united-continents-india-2018-gayatri-bhardwaj-talks-about-her-bollywood-plans-bollywood-news/9022। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Miss India United Continents 2018 Gayatri Bhardwaj marks her birthday by distributing food, masks in Gurgaon". The Times of India. 19 June 2020. https://timesofindia.indiatimes.com/city/gurgaon/miss-india-united-continents-2018-gayatri-bhardwaj-marks-her-birthday-by-distributing-food-masks-in-gurgaon/articleshow/76462040.cms.
- 1 2 3 "Gayatri Bharadwaj’s bold and most stylish black outfits are a must see" (en ভাষাত). Mid-day. https://www.mid-day.com/news/india-news/photo/Gayatri-Bharadwajs-bold-and-most-stylish-black-outfits-are-a-must-see-77584/3.
- ↑ "NCR girls take a step closer towards the crown". The Times of India. 9 April 2018. https://timesofindia.indiatimes.com/entertainment/events/delhi/three-finalists-selected-from-delhi-auditions-for-femina-miss-india-2018/articleshow/63677018.cms.
- ↑ "Colors femina miss india delhi: Introducing FBB Colors Femina Miss India Delhi 2018 Gayatri Bhardwaj". The Times of India. https://timesofindia.indiatimes.com/videos/beauty-pageants/miss-india/introducing-fbb-colors-femina-miss-india-delhi-2018-gayatri-bhardwaj/videoshow/64302089.cms। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Miss India 2018: Anukreethy Vas won Beauty with a Purpose, here are other sub-contest winners". 20 June 2018. https://indianexpress.com/article/lifestyle/fashion/femina-miss-india-2018-sub-contests-anukreethy-vas-5225406/। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Delhi girl Gayatri Bharadwaj bags a role in Tollywood". Deccan Chronicle. 27 November 2018. https://www.deccanchronicle.com/entertainment/tollywood/281118/delhi-girl-gayatri-bharadwaj-bags-a-role-in-tollywood.html। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "'Romantic' movie review: Voyeuristic dram". The Hindu. 30 October 2021. https://www.thehindu.com/entertainment/reviews/romantic-movie-review-voyeuristic-drama/article37246993.ece.
- ↑ "Gayatri Bhardwaj makes impressive screen debut with 'Dhindora'". 14 December 2021. https://telanganatoday.com/gayatri-bhardwaj-makes-an-impressive-screen-debut-with-dhindora। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "'He is the funniest person': Gayatri Bharadwaj shares her experience of working with Bhuvan Bam in 'Dhindora'". https://www.freepressjournal.in/entertainment/he-is-the-funniest-person-gayatri-bharadwaj-shares-her-experience-of-working-with-bhuvan-bam-in-dhindora। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "Exclusive! Gayatri Bhardwaj: In times when love is so accessible, Ittu Si Baat will remind viewers of 'shiddat wala pyaar'". https://www.ottplay.com/interview/exclusive-gayatri-bhardwaj-in-times-when-love-is-so-accessible-ittu-si-baat-will-remind-viewers-of-shiddat-wala-pyaar/e6f3cc4500177। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "Gayatrii Bhhardwaj, Ritvik Sahore share their experience of working on 'Ishq Express'". https://www.freepressjournal.in/entertainment/gayatrii-bhhardwaj-ritvik-sahore-share-their-experience-of-working-on-ishq-express। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "Gayatri Bhardwaj walks down the memory lane with Highway Love". https://www.ottplay.com/news/gayatri-bhardwaj-walks-down-the-memory-lane-with-highway-love/536d9b898b915। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "Ravi Teja Pins Hopes on Real-life Story". Deccan Chronicle. 13 August 2023. https://www.deccanchronicle.com/entertainment/tollywood/130823/will-tiger-nageswara-rao-revive-ravi-career.html। আহৰণ কৰা হৈছে: 21 August 2023.
- ↑ "Ravi Teja's 'Tiger Nageswara Rao' to release on October 20". The Hindu. 29 March 2023. https://www.thehindu.com/entertainment/movies/ravi-tejas-tiger-nageswara-rao-to-release-on-october-20/article66674655.ece.
- ↑ "Times 50 Most Desirable Women 2018". https://photogallery.indiatimes.com/celebs/celeb-themes/times-50-most-desirable-women-2018/articleshow/69479300.cms.
- ↑ "Ittu si baat: Gayatri Bhardwaj's next, 'Ittu Si Baat' to release this June! - Bombaytimes on Mobile". https://m.bombaytimes.com। আহৰণ কৰা হৈছে: 20 August 2023.[সংযোগবিহীন উৎস]
- ↑ "Gayatri Bhardwaj to Play Second Female Lead in Ravi Teja's Tiger Nageswara Rao". 2 April 2022. https://www.news18.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ Dundoo, Sangeetha Devi (2 August 2024). "‘Buddy’ movie review: Barring the bear, there is not much to root for in this Allu Sirish, Gayatri Bhardwaj starrer" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com.
- ↑ "Dhindora review: Bhuvan Bam's show works when he plays to his strengths - but only then". 14 December 2021. https://www.firstpost.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "5 reasons why Ishq Express is a must-watch". 23 June 2022. https://www.firstpost.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Highway Love star Gayatri Bhardwaj talks about her weakest days, biggest fears, says 'my story just started'". https://www.dnaindia.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Mohrey Season 1 Review : A familiar feud of gangster-cop rivalry with solid performances". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com.
- ↑ "D Soldierz's Call is the new peppy number you cannot miss". https://m.filmfare.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "D Soldierz drop the new party track – Level". https://m.filmfare.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Presenting the ultimate party track Patola". https://m.filmfare.com। আহৰণ কৰা হৈছে: 20 August 2023.
- ↑ "Badshah Releases Surprise Birthday Single 'Jawaab'; Watch Here". 18 November 2023. https://www.news18.com। আহৰণ কৰা হৈছে: 9 March 2024.
- ↑ "Gayatri Bhardwaj gets nominated for Best Debutant Actress at SIIMA 2024" (en ভাষাত). www.femina.in. https://www.femina.in/beauty-pageants/miss-india/gayatri-bhardwaj-gets-nominated-for-best-debutant-actress-at-siima-2024/articleshow/112199952.cms.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- গায়ত্ৰী ভাৰদ্বাজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত Gayatri Bhardwaj
- ফেইচবুকত Gayatri Bhardwaj
