সমললৈ যাওক

গালেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গালেন

জৰ্জ পি বুচৰ দ্বাৰা ১৭ শতিকাত খোদিত
জন্ম আনুমানিক ১২৯ খ্ৰীষ্টাব্দ
পাৰ্গামাম, ৰোমান সাম্ৰাজ্য (বৰ্তমান তুৰ্কী)
মৃত্যু আনুমানিক ২০০/২১৬ খ্ৰীষ্টাব্দ
ৰোম অথবা পাৰ্গামাম
ৰাষ্ট্ৰীয়তা ৰোমান
পেচা চিকিৎসক, দাৰ্শনিক, লেখক


গালেন (লেটিন: Galenus , আনুমানিক ১২৯ – ২০০/২১৬ খ্ৰীষ্টাব্দ) আছিল এগৰাকী প্ৰাচীন ৰোমান চিকিৎসক, দাৰ্শনিক আৰু চিকিৎসা-সাহিত্যৰ অন্যতম বিশিষ্ট লেখক। তেওঁ গ্ৰীক ভাষাত হিপোক্ৰেটিচৰ চিকিৎসা মতবাদৰ ওপৰত আধাৰিত বহু গ্ৰন্থ ৰচনা কৰিছিল।[1]

তেওঁৰ জন্ম হৈছিল পাৰ্গামামৰ এগৰাকী ধনী স্থপতিৰ ঘৰত। পাৰ্গামাম অঞ্চল সেই সময়ত চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত অন্যতম কেন্দ্ৰস্থল আছিল। গালেনে প্ৰথমে স্থানীয় চিকিৎসালয়ত শিক্ষালাভ কৰিছিল আৰু তাৰ পিছত এলেক্সান্দ্ৰিয়াত চিকিৎসা বিজ্ঞানৰ উন্নত শিক্ষা গ্ৰহণ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

গালেনে কিছুমান সময় গ্ল্যাডিয়েটৰৰ চিকিৎসক হিচাপে কাম কৰিছিল, য’ত তেওঁ দেহৰ ভৌত গঠন আৰু ক্ষত-নিয়ন্ত্ৰণ সম্পৰ্কে গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিছিল। পাছত তেওঁ ৰোম চহৰলৈ গৈ ৰাজদৰবাৰত চিকিৎসা কৰিবলৈ ধৰিলে। তেওঁৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা পদ্ধতি সেই সময়ত অত্যন্ত বিখ্যাত হৈছিল।[2]

তেওঁ মানুহৰ অঙ্গ-প্ৰত্যঙ্গৰ গঠন সম্পৰ্কে গভীৰ অধ্যয়ন কৰিছিল। যদিও সেয়া প্ৰায়শই বনমানুহ বা শুয়ৰৰ ওপৰত কৰা dissection ৰ ওপৰত আধাৰিত আছিল, তথাপিও তেওঁৰ ধাৰণাসমূহ ইউৰোপত বহু শতাব্দীকাল ধৰি চিকিৎসা বিজ্ঞনৰ মূলভিত্তি হিচাপে গণ্য হৈছিল।[3]

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

গালেনে প্ৰায় ৩৫০ টাৰো অধিক চিকিৎসা আৰু দাৰ্শনিক গ্ৰন্থ ৰচনা কৰিছিল, যদিও তাৰে অনেকখন সময়ৰ পাৰ হৈ হেৰুৱা হৈছে। তেওঁৰ কিছুমান বিখ্যাত ৰচনা হৈছে:

  • On the Natural Faculties – শৰীৰৰ স্বাভাৱিক ক্ষমতা সম্পৰ্কে
  • Method of Medicine – চিকিৎসাৰ পদ্ধতি সম্পৰ্কীয়
  • On the Usefulness of the Parts of the Body – শৰীৰৰ অংগসমূহৰ কাৰ্য সম্পৰ্কে

মৃত্যু আৰু প্ৰভাৱ

[সম্পাদনা কৰক]

গালেনৰ মৃত্যুৰ বছৰ সম্পূৰ্ণ নিৰ্দিষ্ট নহয়, কিছুমান মতে ২০০ খ্ৰীষ্টাব্দত, আন মতে ২১৬ চনত। তেওঁৰ ধাৰণাবোৰ মধ্যযুগত ইছলামিক চিকিৎসা আৰু ইউৰোপীয় চিকিৎসা উভয়তে গভীৰ প্ৰভাৱ পেলাইছিল। ইবন চিনা আদিয়ে তেওঁৰ ৰচনাবোৰ অনুবাদ কৰি ইছলামিক চিকিৎসা সাহিত্যত অন্তৰ্ভুক্ত কৰিছিল।[1]

  1. 1.0 1.1 Berryman, Sylvia. "Ancient Atomism". Stanford Encyclopedia of Philosophy. Stanford University, 2009.
  2. 2.0 2.1 Nutton, Vivian. Ancient Medicine. Routledge, 2004. ISBN 978-0415220661.
  3. Gill, Christopher. Galen and the World of Knowledge. Cambridge University Press, 2012. ISBN 978-0521515478.