গালেনে (শ্ৰুতিকথা)
| গালেনে | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
গালেনে (প্ৰাচীন গ্ৰীক: Γαλήνη, ইংৰাজী: Galene; আক্ষৰিক অৰ্থ: ′শান্ত বতৰ' বা 'শান্ত, শান্তি′)[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷[1] তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল। হয়তো তেওঁ আৰু তেওঁৰ ভগ্নী গালাটিয়া একে গৰাকীয়েই।
ইফালে ইউৰিপিডিছে "গালেনিয়া"ক (Galênaiê) পণ্টছৰ কন্যা বুলি উল্লেখ কৰিছে আৰু কেলিমাকাছে তেওঁক "গালেনাইয়া" (Galenaia) বুলি উল্লেখ কৰিছে। থালাছাৰ কাষত থকা গালেনেৰ এটা মূৰ্তি পৌছানিয়াছে কৰিন্থৰ প'জাইডনৰ বাবে উৎসৰ্গা কৰা মন্দিৰ বুলি উল্লেখ কৰিছিল। ১৮ শতিকাত লাভ কৰা মুদ্ৰাত উল্লেখ থকা গালাটিয়া (Galatea) নামটোৱে বিকল্পভাবে একেগৰাকী দেৱীকে বুজাব পাৰে। গেলেনেক ফুলদানি চিত্ৰত পোৱা মেনাড (maenad) নামৰ আন এটা চৰিত্ৰ হিচাপে নামকৰণ কৰা হৈছিল৷
কিংবদন্তি
[সম্পাদনা কৰক]গালেনে গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[2][3][1] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত গালেনেও আছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39