গাৰ্গী গুপ্তা
| গাৰ্গী গুপ্তা | |
|---|---|
৮ মাৰ্চ ২০১৮ তাৰিখে ৰাষ্ট্ৰপতি ভৱনত নাৰী শক্তি পুৰাস্কাৰৰ বঁটা লাভ কৰা গাৰ্গী গুপ্তা | |
| জন্ম | গাৰ্গী ১৯ জুলাই, ১৯৬১ (৬৪ বছৰ) কলিকতা, পশ্চিম বংগ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সমাজকৰ্মী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯২–বৰ্তমানলৈ |
| জনা যায় | ভইচ্ অৱ ৱৰ্ল্ড (এন জি অ')ৰ প্ৰতিষ্ঠাপক [1] |
| পিতৃ-মাতৃ | প্ৰবীৰ গুপ্তা (পিতৃ)[2] প্ৰণতি গুপ্তা (মাতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | নাৰী শক্তি পুৰস্কাৰ[3] |
গাৰ্গী গুপ্তা (ইংৰাজী: Gargi Gupta) ভাৰতৰ কলকাতাত মুখ্য কাৰ্যালয় থকা পূব ভাৰতৰ দৃষ্টিশক্তিহীন, অক্ষম আৰু [1] অভিভাৱকহীন শিশুৰ বাবে উৎসৰ্গিত বহু ইউনিটযুক্ত অলাভজনক সংস্থা Voice Of World (NGO)ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক।
জীৱন
[সম্পাদনা কৰক]গুপ্তাৰ জন্ম হৈছিল পশ্চিম বংগত। কলকাতাত স্কুলীয়া শিক্ষা শেষ কৰি ভাৰতীয় ৰেলৱেত যোগদান কৰে। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত মহানগৰীৰ ৰাজপথৰ দৰিদ্ৰ ল'ৰা-ছোৱালীবোৰৰ অৱস্থাৰ সৈতে তেওঁৰ প্ৰথম পৰিচয় হৈছিল।

উত্তৰ কলকাতাৰ পিতৃৰ ভাড়াঘৰত ছটা শিশুৰ পৰিচালনাৰে তেওঁ এই কাম আৰম্ভ কৰিছিল। ২০১৮ চনলৈ এই সংখ্যা হৈছিলগৈ ৩০০ জন। [4] এইটোৱেই আছিলএই ধৰণৰ ব্যক্তিগতভাৱে পৰিচালিত সংস্থা। [2] ভইচ অৱ ৱৰ্ল্ডে ১৯৯৮ চনত প্ৰবীৰ গুপ্তাৰ আন এটা ঘৰত দক্ষিণ কলকাতা কেন্দ্ৰ আৰম্ভ কৰিছিল। আৱাসিক কিণ্ডাৰগাৰ্টেন স্কুল, ব্ৰেইল প্ৰেছ [2] আৰু পুথিভঁৰালৰো ইয়াতেই ব্যৱস্থা কৰা হৈছিল।
তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৮ চনৰ ৮ মাৰ্চত নাৰী শক্তি (মহিলা সবলীকৰণ) বঁটাৰে সন্মানিত কৰে।
চেৰিটি
[সম্পাদনা কৰক]ভইচ্ অৱ ৱৰ্ল্ডৰ দ্বাৰা পৰিচালিত এই শিশুসকল অনাথ বা অসুবিধাজনক পৰিয়ালৰ আছিল। বিনামূলীয়া শিক্ষাৰ লগতে তেওঁলোকক পৰ্বতাৰোহণ আৰু ট্ৰেকিংকে ধৰি বিভিন্ন খেলৰ অভিজ্ঞতা প্ৰদান কৰা হৈছিল। [5] ২০১৮ চনত তেওঁ বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে উপকূলীয় ভ্ৰমণৰ এক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। [1] এই শিশুসকলৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ বেচৰকাৰী সংস্থাই এইসকলৰ পুনৰ্বাসনৰ যত্ন লয়, বিশেষকৈ দৃষ্টিশক্তিহীন ছোৱালীৰ বিশেষ যত্ন লোৱা হয়। [6] [7]
উল্লেখযোগ্য কাম
[সম্পাদনা কৰক]- ১৯৯২ চনত তেওঁ ‘ভইচ অৱ ৱৰ্ল্ড’ এন জি অ’ প্ৰতিষ্ঠা কৰে যিয়ে পূব ভাৰতৰ দৃষ্টিহীন আৰু অক্ষম অনাথ শিশুৰ বাবে কাম কৰে। [8]
- ১৯৯৭ চনত ৩০০জন আৱাসিক আৰু ৩০০০জন অনাৱাসিক হিতাধিকাৰীৰ বাবে আৱাসিক সুবিধা আৰম্ভ কৰা হয়। [8]
- ২০০১ চনত বাংলা শব্দৰ নথিপত্ৰসমূহ ব্ৰেইললৈ স্থানান্তৰ কৰিবলৈ অনুবাদ চফ্টৱেৰ বিকশিত কৰে। [8]
- উচ্চ শিক্ষা গ্ৰহণ কৰা দৃষ্টিশক্তিহীন মহিলাসকলৰ বাবে ঋষ্ৰাত এটা ঘৰ স্থাপন কৰে। [8]
- তেওঁৰ এন জি অ'ই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় চলায় য'ত প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীসকলে বৃত্তি লাভ কৰে।[8]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ৮ মাৰ্চ ২০১৮: নাৰী শক্তি পুৰস্কাৰ, ভাৰতৰ মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক বঁটা। [9] [10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Mitra, Dipawali (23 February 2018). "Walk by the sea, laughing all the way". https://timesofindia.indiatimes.com/city/kolkata/walk-by-the-sea-laughing-all-the-way/articleshow/63048887.cms.
- ↑ 2.0 2.1 2.2 "ইচ্ছেডানায় হাজাৰ আলো জ্বালাচ্ছেন গাৰ্গী". 1 April 2013. Archived from the original on 13 March 2018. https://web.archive.org/web/20180313032832/https://eisamay.indiatimes.com/city/kolkata/ei-samay-aparajito/articleshow/19318332.cms.
- ↑ "Nari Shakti Puraskar". TOI. https://timesofindia.indiatimes.com/india/nari-shakti-puraskar/articleshow/63203332.cms.
- ↑ "নাৰীদিবসে বিৰল সম্মান কলকাতাৰ! আলো দেখালেন এই বাঙালি নাৰী". 12 March 2018. https://ebela.in/state/gargi-gupta-honoured-with-nari-shakti-award-on-international-women-s-day-dgtl-1.769711.
- ↑ "পৰ্বতাৰোহন কৰছেন পশ্চিমবঙ্গেৰ দৃষ্টিহীন শিক্ষাৰ্থীৰা". 1 February 2015. http://www.bbc.com/bengali/news/2015/02/150201_ms_blind_mountaineers.
- ↑ "Made in heaven: Two love stories deeper than what meets the eyes - Times of India". 12 March 2018. https://timesofindia.indiatimes.com/city/kolkata/made-in-heaven-two-love-stories-deeper-than-what-meets-the-eyes/articleshow/63262411.cms.
- ↑ "দৃষ্টিহীন দুই বন্ধুৰ বিয়ে দেখল কলকাতা". 12 March 2018. Archived from the original on 13 November 2018. https://web.archive.org/web/20181113165712/https://www.aajkaal.in/news/kolkata/two-blind-friend-got-married-in-same-place-5o0n.
- ↑ 8.0 8.1 8.2 8.3 8.4 "Ministry of Women and Child Development Nari Shakti Awardees 2017". Archived from the original on 12 March 2018. https://web.archive.org/web/20180312205201/http://164.100.117.97/WriteReadData/userfiles/Nari%20Shakti%20Awardees%202017-Profiles.pdf। আহৰণ কৰা হৈছে: 2018-03-12.
- ↑ "Infographic: Nari Shakti Puraskar - Times of India". 7 March 2018. https://timesofindia.indiatimes.com/india/nari-shakti-puraskar/articleshow/63203332.cms.
- ↑ "Maharashtra's Sindhutai Sapkal, Urmila Apte to be honoured with Naari Shakti 2017 awards". 7 March 2018. https://mumbaimirror.indiatimes.com/mumbai/other/maharashtras-sindhutai-sapkal-urmila-apte-to-be-honoured-with-naari-shakti-2017-awards/articleshow/63204935.cms.