সমললৈ যাওক

গাৰ্লচ উইল বি গাৰ্লচ (২০২৪ বৰ্ষৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাৰ্লচ উইল বি গাৰ্লচ

মুক্তিৰ বাবে ব্যৱহৃত পোষ্টাৰ
পৰিচালক শুচি তালাতি
ৰচনা শুচি তালাতি
প্ৰযোজক ৰিচা চদ্দা
Claire Chassagne
শুচি তালাতি
অভিনয়ত প্ৰীতি পাণিগ্ৰাহী
কেশৱ বিনয় কিৰণ
কেনি কুশ্ৰুতি
চিত্ৰগ্ৰহণকাৰী জি এ পেং
সম্পাদনা অমৃতা ডেভিড
সংগীত পৰিচালক Pierre Oberkampf
স্নেহা খানৱাকাৰ
প্ৰযোজনা
কোম্পানীসমূহ
পুচিং বাটন ষ্টুডিঅ'জ
ব্লিংক ডিজিটেল
Cinema Inutile
ক্ৰৱলিং এঞ্জেল ফিল্মচ্‌
Dolce Vita Films
পৰিবেশক এমাজন প্ৰাইম ভিডিঅ'
মুক্তি
জানুৱাৰী ২০২৪ (2024-01) (Sundance)
ডিচেম্বৰ ১৮, ২০২৪ (2024-12-18) (Prime Video)
দৈৰ্ঘ্য
১১৮ মিনিট
দেশসমূহ ভাৰত
ফ্ৰান্স
ভাষাসমূহ ইংৰাজী
হিন্দী

গাৰ্লচ উইল বি গাৰ্লচ (ইংৰাজী: Girls Will Be Girls) হৈছে শুচি তালাতিৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ এখন কৈশোৰ চলচ্চিত্ৰ।[1][2][3] প্ৰীতি পাণিগ্ৰাহী, কেনি কুশ্ৰুতি, আৰু কেশৱ বিনয় কিৰণে ইয়াত অভিনয় কৰিছে।[4] ভাৰত আৰু ফান্সৰ সহ-প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখন কেৱল তালাতি পৰিচালিত প্ৰথমখন ছবি নহয়, ই পাণিগ্ৰহী তথা কিৰন অভিনীত প্ৰথমখন ছবিও।[5] ছবিখন হিমালয়ৰ পাদদেশৰ এখন বৰ্ডিং স্কুলৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ছবিখন কিশোৰী মিৰাৰ এগৰাকী আকৰ্ষণীয় নতুন ছাত্ৰৰ সৈতে ৰোমাঞ্চ, যৌনাকাংক্ষা আৰু তেওঁৰ প্ৰটেক্টিভ মাকৰ সৈতে তিক্ত সম্পৰ্কৰ ওপৰত কেন্দ্ৰীভূত।[6]

ছবিখনৰ প্ৰিমিয়াৰ ২০২৪ বৰ্ষৰ ছানডান্স চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত অংশগ্ৰহণৰে হৈছিল।[7] ইয়াক ২০২৪ চনৰ ১৮ ডিচেম্বৰত এমাজন প্ৰাইম ভিডিঅ’ত মুকলি কৰা হৈছিল।

মিৰা কিশোৰ, এগৰাকী হাইস্কুলৰ কিশোৰী, তেওঁৰ বৰ্ডিং স্কুলৰ ইতিহাসত প্ৰথমগৰাকী ছোৱালী প্ৰধান অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ লগতে একাডেমিক টপাৰো আছিল। মাক অনিলাৰ সৈতে মিৰাৰ সম্পৰ্ক তিক্ততাপূৰ্ণ আছিল আৰু মিৰাৰ সাফল্যত মাক অনিলাই বিদ্যালয়ত মিঠাই বিতৰণ কৰি থকা দেখি মিৰা বিৰক্ত হৈছিল। মিৰাই বিৰক্তি প্ৰকাশ কৰা দেখি মাকে কয় যে, তেৱোঁ যিহেতু একেখন স্কুলৰে প্ৰাক্তন ছাত্ৰী, গতিকে পিতৃ-মাতৃ বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱৰা নিয়মটো প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তেওঁ মিৰাৰ কৃতিত্বত গৌৰৱ অনুভৱ কৰে আৰু এই বিষয়ে অধ্যক্ষ মিছ বন্সলৰ সৈতে আলোচনা কৰে।

ইফালে, জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহ থকা এজন নতুন ছাত্ৰ শ্ৰীনিবাসৰ সৈতে মিৰাৰ বন্ধুত্ব গঢ় লৈ উঠে। ষ্টাৰগেজিং অধিৱেশনৰ সময়ত তেওঁলোক পৰস্পৰৰ সংস্পৰ্শলৈ আহে আৰু ঘনিষ্ঠ হৈ পৰে। নিজৰ গোপনীয় কথা-বতৰা ভাগ বতৰা কৰাৰ লগতে তেওঁলোকে ফোন নম্বৰো বিনিময় কৰে। কিন্তু, শ্ৰীনিবাসৰ সৈতে মিৰাৰ সম্পৰ্কক লৈ মাক অনিলাই উদ্বেগ প্ৰকাশ কৰে, কিয়নো তেওঁ আশংকা কৰে যে এই গুৰুত্বপূৰ্ণ শিক্ষাবৰ্ষত মিৰাই এই লৈ মনোযোগ হেৰুৱাব পাৰে। অনিলাই শ্ৰীনিবাসক লগ কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁক ঘৰলৈ আমন্ত্ৰণ জনায়। এক দূৰত্ব বজাই ৰাখিও তেওঁ তাক তাৰ বয়সৰ হিচাপেৰে যথেষ্ট পৰিপক্ব বুলি অনুভৱ কৰে আৰু দুয়োকে তেওঁলোকৰ ঘৰত একেলগে অধ্যয়ন কৰিবলৈ অনুমতি দিয়ে। সময়ৰ লগে লগে, তিনিওজনে জীৱন বিষয়ক কথোপকথনত অংশ লয় আৰু এনে কথোপকথনৰ সময়ত অনিলাই প্ৰায়ে তেওঁৰ স্কুলৰ দিনবোৰৰ কথা কয়।

মিৰা আৰু শ্ৰীনিবাসৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ লগে লগে মিৰাই প্ৰাৰম্ভিক ৰোমাঞ্চ আৰু যৌন অভিজ্ঞতাৰ উত্তেজনা অনুভৱ কৰে, কিন্তু যেতিয়া গম পাই যে শ্ৰীনিবাসে তাৰ নিজৰ অতীতৰ কিছু কথা লুকুৱাই ৰাখিছে, মিৰাই আঘাত পায়। তথাপিও তেওঁলোকৰ সম্পৰ্ক গভীৰ হৈ পৰে যদিও মিৰা শ্ৰীনিবাসৰ তাইৰ মাকৰ সৈতে থকা উষ্ম সম্পৰ্কৰ বাবে ঈৰ্ষান্বিত হয়। মিৰাৰ ঘৰত শ্ৰীনিবাসৰ জন্মদিন উদযাপনৰ সময়ত এই উত্তেজনা বৃদ্ধি পায়, য’ত তাইৰ বন্ধুত্বত মাকৰ উপস্থিতিয়ে বেমেজালিৰ সৃষ্টি কৰে। শ্ৰীনিবাসে মিৰাক বুজাই দিয়ে যে তেওঁলোকৰ সম্পৰ্ক উন্নত হোৱাৰ বাবে মাক অনিলাৰ বিশ্বাস অৰ্জন কৰাটো অতি গুৰুত্বপূৰ্ণ।

বিদ্যালয়ত, মিৰাই প্ৰধান অধ্যক্ষ হিচাপে প্ৰত্যাহ্বানৰ সন্মুখীন হয়, বিশেষকৈ শিক্ষক দিৱসৰ সময়ত তেওঁ নিজৰ সহকৰ্মী বা বন্ধুবোৰৰ পৰা সন্মান তথা সহযোগ লাভ কৰিবলৈ বিফল হয়। বিদ্যালয়ৰ ল’ৰাৰ এটা গোটে মিৰাক ব্যতিব্যস্ত কৰে। ব্যতিব্যস্ত মিৰাই মাকৰ সহায় বিচাৰি মাকলৈ ফোন কৰে আৰু এই দুৰ্যোগৰ সময়ত মাক শিক্ষয়ত্ৰী বন্সলৰ বিৰুদ্ধে গৈয়ো মিৰাৰ কাষত থিয় দিয়ে।

ঘৰলৈ উভতি অহাৰ পিছত শ্ৰীনিবাসো আহি মিৰা আৰু অনিলাৰ লগ লাগে আৰু জীৱন সম্পৰ্কে মিৰাৰ সৈতে এক হৃদয়স্পৰ্শী দৃষ্টিভংগীৰ ভাগ-বতৰা কৰে। সি মিৰাক তাইৰ মাকৰ কাষত থিয় হবলৈ উদগনি দি কয় যে, মিৰাৰ মাকে এটা অকলশৰীয়া জীৱন কটাইছে আৰু সেয়ে তেওঁ আনৰ মনোযোগ পাবলৈ ইচ্ছা কৰে। এই কথোপকনে মিৰাক প্ৰভাৱিত কৰে আৰু মিৰাই উপলব্ধি কৰে যে তাই মাকৰ অনুভূতি আৰু ত্যাগক অৱমূল্যায়ন কৰিছে। এক কোমল মুহূৰ্তত, কাহিনীটো মিৰাই মৰমেৰে মাকৰ চুলিত তেল মালিচ কৰি থাকোঁতে শেষ হয়, আৰু অৱশেষত মাক-জীয়েকৰ মিল হয়।

অভিনয়ত

[সম্পাদনা কৰক]
পাণিগ্ৰহীয়ে মিৰা নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
  • মিৰাৰ চৰিত্ৰত প্ৰীতি পাণিগ্ৰহী
  • শ্ৰীনিবাসৰ চৰিত্ৰত কেশৱ বিনয় কিৰণ
  • মীৰাৰ মাতৃ অনিলাৰ চৰিত্ৰত কানি কুশ্ৰুতি
  • মিৰাৰ সহপাঠী প্ৰিয়াৰ চৰিত্ৰত কাজল চুঘ
  • মিৰাৰ সহপাঠী বিক্ৰান্তৰ চৰিত্ৰত অমন দেশাই
  • মিৰাৰ সহপাঠী হাৰ্দিকৰ চৰিত্ৰত আকাশ প্ৰমাণিক
  • মিৰাৰ পিতৃ হৰিশৰ চৰিত্ৰত যতীন গুলাটী
  • মিৰাৰ শিক্ষক শ্ৰীমতী বনছালৰ চৰিত্ৰত দেবিকা শ্বাহানী

প্ৰযোজনা

[সম্পাদনা কৰক]

বদোদৰাত ছাত্ৰী হিচাপে লাভ কৰা অভিজ্ঞতা আৰু এনিড ব্লাইটনৰ গ্ৰন্থ শৃংখলা মেল‘ৰি টাৱাৰ্ছ আৰু ছেইণ্ট ক্লেয়াৰ্ছৰ পৰা লাভ কৰা অভিজ্ঞতাৰে তালাতিয়ে ২০১৮ চনত এই চিনেমাখনৰ কাহিনীটো লিখি উলিয়ায়। তলাতিৰ নিৰ্দেশনাত, ছোৱালীবোৰ ছোৱালী হৈ থাকিব পৰাকৈ এখন সুৰক্ষিত কৰ্মস্থলী সৃষ্টি কৰাৰ উদ্দেশ্যৰে সৰহসংখ্যক মহিলাৰে গঠিত এটি কৰ্মী দলে এই চিনেমাখন নিমাৰ্ণ কৰি উলিয়াইছিল। এই মহিলা কৰ্মদলটোত আছিল, প্ৰযোজক ক্লেয়াৰ চেঁচাঞ্জে আৰু ৰিচা চাড্ডা, টাইৱানী চিনেমাটোগ্ৰাফাৰ জিহ-ই পেং, প্ৰডাকচন ডিজাইনাৰ অভ্যাক্তা কাপুৰ, আৰু সম্পাদক অমৃতা ডেভিড।[1] ছবিখন পুশ্বিং বাটন ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজনা কৰা হৈছিল, আৰু ২০২১ চনত ফ্ৰেন্স এইড অক্স চিনেমাছ ডু মণ্ডেৰ পৰা প্ৰযোজনা অনুদান লাভ কৰিছিল।[8] উত্তৰ ভাৰতৰ উত্তৰাখণ্ড অঞ্চল আৰু ৰাজধানী ডেৰাডুনত ৪৫ দিনৰো অধিক সময় লৈ এই চিনেমাখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।[9][10]

২০২৪ চনৰ জানুৱাৰী মাহত ২০২৪ চনৰ ছানডান্স চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত অংশগ্ৰহণ কৰি ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।

চলচ্চিত্ৰখন গোথেনবাৰ্গ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।[11] ইয়াক ২০২৪ চনৰ ২৮ জুনত ৫৮ সংখ্যক কাৰ্লোভি ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘হ’ৰাইজনছ’ত প্ৰদৰ্শন কৰা হৈছিল।[12] ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত ২০২৪ বৰ্ষৰ আটলাণ্টিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘নেৰেটিভ নিউ ৱেভছ’ শিতানত চিনেমাখন প্ৰদৰ্শিত হৈছিল।[13]পুনৰ ২৯ সংখ্যক বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ লৈ টিনএজ মাইণ্ডছ, টিনএজ মুভিজ শাখাত আমন্ত্ৰণ লাভ কৰিছিল আৰু ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰদৰ্শিত হৈছিল।[14] ছবিখন মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪-ৰ বাবে নিৰ্বাচিত হৈছিল, য’ত ই অক্টোবৰ ২০২৪-ত দক্ষিণ এছিয়া প্ৰতিযোগিতা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ই জুৰীৰ পৰা এক বিশেষ উল্লেখ লাভ কৰাৰ লগতে ‘নেটপেক বঁটা’, ‘য়ং ক্ৰিটিক্স চয়েছ বঁটা’, আৰু ‘ফিল্ম ক্ৰিটিক্স গিল্ড জেণ্ডাৰ চেন্সিটিভিটি বঁটা’ লাভ কৰিছিল।[15]

ছবিখন ২০২৪ চনৰ ১৮ ডিচেম্বৰত এমাজন প্ৰাইম ভিডিঅ’ত মুক্তি দিয়া হৈছিল।

স্বীকৃতি

[সম্পাদনা কৰক]

ৰিভিউ এগ্ৰিগেটৰ ৱেৱচাইট ৰটেন টমেট’ত ৫৭জন সমালোচকৰপৰা চিনেমাখনে ১০০ শতাংশ যোগাত্মক সমালোচনা লাভ কৰাৰ লগতে ১০ৰ ভিতৰত ৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মেটাক্ৰিটিকত চিনেমাখনে ১০০ৰ ভিতৰত ৭৯ নম্বৰ লাভ কৰিছে।

দ্য গাৰ্ডিয়ানৰ ৱেণ্ডি আইডিয়ে লিখিছিল,

"Talati’s work with her young cast is first-rate; this sensitively handled coming-of-age picture deservedly won an audience prize at Sundance"[16]

দ্য হলিউড ৰিপৰ্টাৰৰ বাবে লিখি ভাৰতীয় সমালোচক অনুপমা চোপ্ৰাই ইয়াক শান্তভাৱে হৃদয় বিদাৰক বুলি অভিহিত কৰি লগতে কয় যে ভাৰতীয় চলচ্চিত্ৰ এখনত কিশোৰী এগৰাকীৰ যৌনতাক সংবেদনশীলতা আৰু সূক্ষ্মতাৰ সৈতে খুব কমহে এনেদৰে চিত্ৰণ কৰা হৈছে।" [17]

  • ৱৰ্ল্ড চিনেমা ড্ৰেমেটিক অডিয়েন্স (২০২৪ চনৰ ছানডান্স চলচ্চিত্ৰ মহোৎসৱ। [18]
  • অভিনয়ৰ বাবে ৱৰ্ল্ড চিনেমা ড্ৰেমেটিক স্পেচিয়েল জুৰি বঁটা - প্ৰীতি পাণিগ্ৰহী (২০২৪ বৰ্ষৰ ছানডান্স চলচ্চিত্ৰ মহোৎসৱ, মিৰা) [19]
  • মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪-ত নেটপেক বঁটা
  • মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪-ত য়ং ক্ৰিটিক চয়জ বঁটা
  • মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪-ত চলচ্চিত্ৰ সমালোচক গিল্ডৰ জেণ্ডাৰ চেঞ্চিটিভিটি (লিংগ সংবেদনশীলতা) বঁটা[15]
  • গথাম ইণ্ডিপেণ্ডেণ্ট ফিল্ম এৱাৰ্ডছ ২০২৪-ত ব্ৰেকথ্ৰু পৰিচালকৰ বাবে মনোনয়ন [20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Ganesan, Ranjita (2024-01-26). "Why Indo-French movie 'Girls Will Be Girls' was shot by a mostly female crew" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/sundance-film-festival-premiere-shuchi-talati-movie-girls-will-be-girls-female-crew-mother-daughter-teenager-sexuality/article67775315.ece. 
  2. Nalini, Snigdha (19 January 2024). "'Girls Will Be Girls' Trailer Review: Richa Chadha-Ali Fazal Maiden Production Is Not Your Average Coming-Of-Age Story". Outlook India. https://www.outlookindia.com/art-entertainment/girls-will-be-girls-trailer-review-richa-chadha-ali-fazal-maiden-production-is-not-your-average-coming-of-age-story. 
  3. "Girls Will Be Girls" (en ভাষাত). Cineuropa. https://cineuropa.org/en/film/454174/। আহৰণ কৰা হৈছে: 2024-02-01. 
  4. , 2024-01-20, https://www.imdb.com/title/tt18277182/, আহৰণ কৰা হৈছে: 2024-02-01 
  5. Ramachandran, Naman (2022-11-04). "Ali Fazal, Richa Chadha's Indo-French Coproduction 'Girls Will Be Girls' Starts Shoot (EXCLUSIVE)" (en-US ভাষাত). Variety. https://variety.com/2022/film/asia/ali-fazal-richa-chadha-girls-will-be-girls-shoot-1235422177/। আহৰণ কৰা হৈছে: 2024-02-01. 
  6. "Girls Will Be Girls review: Richa Chadha, Ali Fazal's maiden production portraits a complex mother-daughter relationship" (en ভাষাত). Hindustan Times. 2024-01-26. https://www.hindustantimes.com/entertainment/others/girls-will-be-girls-review-mother-daughter-relationship-richa-chadha-ali-fazal-101706249965941.html। আহৰণ কৰা হৈছে: 2024-02-01. 
  7. "Richa Chadha, Ali Fazal's debut production 'Girls Will Be Girls' to premiere at Sundance Film Festival" (en ভাষাত). The Indian Express. 2023-12-07. https://indianexpress.com/article/entertainment/bollywood/richa-chadha-ali-fazals-debut-production-girls-will-be-girls-to-premiere-at-sundance-film-festival-9058114/। আহৰণ কৰা হৈছে: 2024-02-01. 
  8. Ramachandran, Naman (2021-12-21). "Ali Fazal, Richa Chadha's Pushing Buttons Studios Gets French Grant for 'Girls Will Be Girls' (EXCLUSIVE)" (en-US ভাষাত). Variety. https://variety.com/2021/film/news/french-grant-for-girls-will-be-girls-1235139454/। আহৰণ কৰা হৈছে: 2024-02-01. 
  9. Service, Express News (2023-01-18). "It's a wrap for Girls Will be Girls" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/entertainment/hindi/2023/Jan/18/its-a-wrap-for-girls-will-be-girls-2538731.html। আহৰণ কৰা হৈছে: 2024-02-02. 
  10. "Richa Chadha and Ali Fazal shoot a teaser in Dehradun for their production debut 'Girls Will Be Girls'" (en ভাষাত). www.indulgexpress.com. 19 July 2021. https://www.indulgexpress.com/entertainment/2021/jul/19/richa-chadha-and-ali-fazal-shoot-a-teaser-in-dehradun-for-their-production-debut-girls-will-be-girl-34809.html। আহৰণ কৰা হৈছে: 2024-02-02. 
  11. "Girls Will Be Girls" (sv ভাষাত). Göteborg Film Festival. https://program.goteborgfilmfestival.se/en/program/girls-will-be-girls। আহৰণ কৰা হৈছে: 2024-02-01. 
  12. "Catalogue of Films – Horizons" (en ভাষাত). The Karlovy Vary International Film Festival. June 28, 2024. https://www.kviff.com/en/programme/catalogue-of-films/sekce/904-horizons। আহৰণ কৰা হৈছে: September 1, 2024. [সংযোগবিহীন উৎস]
  13. "Girls Will Be Girls" (en ভাষাত). Atlantic International Film Festival. September 1, 2024. https://2024aiff.eventive.org/films/66b266717b43140047b624cd। আহৰণ কৰা হৈছে: September 1, 2024. 
  14. "The 29th BIFF announces Special Program in Focus 'Teen Spirit, Teen Movie'" (en ভাষাত). Busan International Film Festival. August 19, 2024. https://www.biff.kr/eng/artyboard/mboard.asp?Action=view&strBoardID=9611_05&intPage=1&intCategory=0&strSearchCategory=%7Cs_name%7Cs_subject%7C&strSearchWord=&intSeq=94209। আহৰণ কৰা হৈছে: September 1, 2024. 
  15. 15.0 15.1 "Rhythm of a Flower by Amit Dutta won the Golden Gateway Award and Nocturnes by Anirban Dutta, Anupama Srinivasan won Silver award at the closing ceremony of MAMI Mumbai Film Festival 2024" (en-us ভাষাত). Firstpost. 2024-10-24. https://www.firstpost.com/entertainment/rhythm-of-a-flower-by-amit-dutta-won-the-golden-gateway-award-and-nocturnes-by-anirban-dutta-anupama-srinivasan-won-silver-award-at-the-closing-ceremony-of-mami-mumbai-film-festival-2024-13828814.html। আহৰণ কৰা হৈছে: 2024-10-24. 
  16. Ide, Wendy (22 September 2024). "Girls Will Be Girls review – simmering emotions in Himalayan boarding school coming-of-age drama". The Guardian. https://www.theguardian.com/film/2024/sep/22/girls-will-be-girls-review-simmering-emotions-in-himalayan-boarding-school-coming-of-age-drama-shuchi-talati. 
  17. Chopra, Anupama (18 December 2024). "‘Girls Will Be Girls’ Movie Review: A Quietly Breathtaking Coming-of-Age Drama". The Hollywood Reporter. https://www.hollywoodreporterindia.com/reviews/streaming/girls-will-be-girls-movie-review-a-quietly-breathtaking-coming-of-age-drama. 
  18. Desai, Rahul (2024-01-29). "Sundance 2024: 'Girls Will Be Girls' is a Sublime Story of Discovery and Reckoning" (en ভাষাত). www.filmcompanion.in. https://www.filmcompanion.in/features/film-festivals/reviews/sundance-2024-girls-will-be-girls-is-a-sublime-story-of-discovery-and-reckoning। আহৰণ কৰা হৈছে: 2024-03-18. 
  19. "2024 Sundance Film Festival Announces Award Winners" (en ভাষাত). www.sundance.org. 2024-01-26. https://www.sundance.org/blogs/2024-sundance-film-festival-announces-award-winners/। আহৰণ কৰা হৈছে: 2024-09-15. 
  20. Staff, The Gotham (2024-10-29). "The Gothams Announce Award Nominees for 34th Edition | The Gotham" (en-US ভাষাত). https://thegotham.org/press/the-gothams-announce-award-nominees-for-34th-edition/। আহৰণ কৰা হৈছে: 2024-10-30.