সমললৈ যাওক

গাৱৰী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাৱৰী দেৱী
জন্ম ১৪ এপ্ৰিল, ১৯২০
মৃত্যু ২৯ জুন, ১৯৮৮ (৬৮ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম গাৱৰী বাই
পেচা লোকসংগীতৰ গায়িকা
উল্লেখযোগ্য কৰ্ম মাণ্ড গীতৰ গায়িকা
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাজস্থান ৰত্ন (২০১৩)
সংগীত নাটক একাডেমী বঁটা(১৯৮৬)

গাৱৰী দেৱী (গাৱৰী বাই বুলিও জনা যায়) (১৪ এপ্ৰিল ১৯২০ – ২৯ জুন ১৯৮৮) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ মাণ্ড গীতৰ বাবে পৰিচিত, যিটো লোকগীতৰ এক শৈলী।[1][2] মাণ্ড গীতৰ লগতে তেওঁ ঠুমৰী, ভজন আৰু গজলো গাইছিল৷ তেওঁ ৰাজস্থানৰ মৰু কোয়েল বুলিও পৰিচিত আছিল৷[3] শিল্প-সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত ৰাজস্থান চৰকাৰে মৰণোত্তৰভাৱে ৰাজস্থান ৰত্ন সন্মানেৰে সম্বৰ্ধনা জনায়। এয়া ৰাজস্থানৰ সৰ্বোচ্চ অসামৰিক বঁটা।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

গাৱৰী দেৱীৰ পিতৃৰ নাম বংশীলাল পাৱাৰ আৰু মাতৃৰ নাম যমুনা দেৱী পাৱাৰ। বংশীলাল আৰু যমুনা দেৱী দুয়োজনেই বিকানীৰ ৰাজপৰিয়ালত দৰবাৰী গায়ক হিচাপে গীত গাইছিল।[4]

২০ বছৰ বয়সত গাৱৰী দেৱীয়ে যোধপুৰৰ জাগীৰদাৰ মোহনলাল গামেতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়[4] আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্ম হয়। তেওঁ যোধপুৰৰ মহাৰজ উমেদ সিঙৰ পৰাও সংগীতৰ বাবে উৎসাহ লাভ কৰে। তেওঁ ওড়িশা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা, বংগ, কেৰালা আৰু তামিলনাডুকে ধৰি সমগ্ৰ ভাৰতত সংগীত পৰিবেশন কৰে।

কৰ্মক্ষেত্ৰ

[সম্পাদনা কৰক]

১৯৫৭ চনত গাৱৰী দেৱীয়ে ৰেডিঅ' আৰু দূৰদৰ্শন মাণ্ড গানৰ অনুষ্ঠান আয়োজন কৰিবলৈ আৰম্ভ কৰে, যিটো যথেষ্ট জনপ্ৰিয় হৈ পৰে। ৰাজস্থান চৰকাৰৰ পৰ্যটন বিভাগে প্ৰতি বছৰে আয়োজন কৰা অনুষ্ঠানত তেওঁ মাণ্ড গানৰ কাৰ্যসূচী উপস্থাপন কৰিছে৷ ১৯৮৩ চনত ৰাছিয়াৰ মস্কোত ভাৰতে আয়োজন কৰা ভাৰত মহোৎসৱত কেশৰীয়া বলম আও হামাৰে দেশ গাইছিল, যিটো তেওঁৰ বিশেষ গীতৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। ১৯৮০ চনত এছিয়াৰ হু'ছ হু'ত তেওঁৰ নাম অন্তৰ্ভুক্ত হয়।[5]

১৯৮৬ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰে। এই বঁটা হৈছে লোকসংগীতৰ অনুশীলন কৰা শিল্পীসকলক দিয়া ভাৰতীয় সৰ্বোচ্চ স্বীকৃতি। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণে তেওঁক এই বঁটা প্ৰদান কৰে৷ ১৯৮৮ চনৰ ২৯ জুনত গাৱৰী দেৱীৰ মৃত্যু হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rājasthāna vārshikī. Pañcagaṅgā Prakāśana. 1997. পৃষ্ঠা. 9. https://books.google.com/books?id=8zFuAAAAMAAJ&q=%E0%A4%97%E0%A4%B5%E0%A4%B0%E0%A5%80+%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80+%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%A1+%E0%A4%97%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE. 
  2. Rāmasiṃha Solaṅkī; Sukhvir Singh Gahlot (1997). Jodhapura mahilā samāja [लोक संगीत गायिका गवरी देवी]. Jodhapura Mahilā Samāja. পৃষ্ঠা. 16, 17, 18. https://books.google.com/books?id=8lUKAAAAIAAJ&q=%E0%A4%97%E0%A4%B5%E0%A4%B0%E0%A5%80+%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80+%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%A1+%E0%A4%97%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE. 
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; patrika নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. 4.0 4.1 Siwach, Sonu (2023-11-12). "गवरी देवी की जीवनी - Gavri Devi Biography Hindi" (en-US ভাষাত). जीवनी हिंदी. Archived from the original on 2024-01-20. https://web.archive.org/web/20240120161210/https://jivanihindi.com/gavri-devi-biography-hindi/। আহৰণ কৰা হৈছে: 2024-03-06. 
  5. Nāṭāṇī, Kamaleśa Kumāra (1999). Rājasthāna jñāna kosha. Jain Prakash Mandir Publication. পৃষ্ঠা. 20. ISBN 9788187449034. https://books.google.com/books?id=l1xuAAAAMAAJ&q=%E0%A4%97%E0%A4%B5%E0%A4%B0%E0%A5%80+%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%80+%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%A1+%E0%A4%97%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE.