সমললৈ যাওক

গিদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিদ্ধ
পৰিচালক টি এছ ৰংগা
প্ৰযোজক টি এছ ৰংগা
অভিনয়ত ওম পুৰী
স্মিতা পাতিল
নানা পাটেকাৰ
সংগীত পৰিচালক বি ভি কাৰন্থ
মুক্তি
১৯৮৪ (1984)
দৈৰ্ঘ্য
১১৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

গিদ্ধ (ইংৰাজী: Giddh ; অৰ্থ: শগুণ) ১৯৮৪ চনত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, যাৰ পৰিচালনা টি. এছ. ৰংগাৰ। ইয়াত স্মিতা পাটিল, ওম পুৰী আৰু নানা পাটেকাৰ আদিয়ে অভিনয় কৰিছে।[1] দেৱদাসী পৰম্পৰাৰ বিৰুদ্ধে সংগ্ৰাম কৰা লোকসকলৰ অসহায়তাক গভীৰভাৱে চিত্ৰিত কৰাৰ বাবে ছবিখনে ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ জুৰী লাভ কৰে।[2]

ভাৰতৰ কৰ্ণাটক-মহাৰাষ্ট্ৰ সীমান্তৰ এখন দুৰ্গম গাঁৱত দুখীয়া বাসিন্দাসকলে দেৱদাসী পৰম্পৰা অনুসৰণ কৰে আৰু সেই পৰম্পৰা অনুসৰি যুৱতী ছোৱালীবোৰক দেৱী য়েল্লাম্মাৰ সেৱাত আগবঢ়োৱা হয়। জমিদাৰ, পুৰোহিত আৰু অন্য পুৰুষসকলে এই দেৱদাসী ছোৱালীবোৰক যৌন শোষণ কৰে আৰু বীৰপ্পনৰ দৰে দালালে সিহঁতক বোম্বেৰ বেশ্যালয়লৈ লৈ যায়। ভাষ্য নামৰ এজন মজদুৰ আৰু তেওঁৰ পত্নী হনুমীয়ে শক্তিশালী সামন্ত দেশাইৰ বিৰুদ্ধে গৈ মাষ্টাৰজীৰ সহায়ত লক্ষ্মীক দেৱদাসী হোৱাৰ পৰা বচাবলৈ সিদ্ধান্ত লয় আৰু ই প্ৰথাৰ বিৰুদ্ধে জাগৰণৰ নেতৃত্ব দিয়ে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Giddh". Indian Cine.ma: Online Archive of Indian Film. http://indiancine.ma/YOC/info। আহৰণ কৰা হৈছে: 10 July 2015. 
  2. "32nd National Film Festival-1985". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm32ndNFAAward.aspx। আহৰণ কৰা হৈছে: 10 July 2015. 
  3. "Alternate Movies". Parallel Cinema. http://parallelcinema.blogspot.in/2005/08/giddh-1984-vultures.html। আহৰণ কৰা হৈছে: 10 July 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]