সমললৈ যাওক

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়
স্থাপিত ২০২২
(৪ বছৰ  আগতে)
 (2022)
ধৰণ ব্যক্তিগত-ৰাজ্যিক বিশ্ববিদ্যালয়
আচাৰ্য জয়ন্ত ডেকা[1]
উপাচাৰ্য কন্দৰ্প দাস[2]
স্থান মূল চৌহদ: আজাৰা গুৱাহাটী
অতিৰিক্ত চৌহদ: ডেকাৰগাঁও, তেজপুৰ
, অসম, ভাৰত
ৱেবছাইট gcuniversity.ac.in

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (ইংৰাজী: Girijananda Chowdhury University) অসমৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়।[3] বিশ্ববিদ্যালয়খন ২০২২ চনত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।[4]

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ মুখ্য চৌহদ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় অসম চৰকাৰৰ ২০২২ চনত XLVII আইন অনুসৰি ১৮৮৬ চনৰ ছ'চাইটি পঞ্জীয়ন আইনৰ অধীনত পঞ্জীয়নভুক্ত শ্ৰীমন্ত শংকৰ একাডেমী ছ'চাইটিৰ আশ্ৰয়ত ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হয়।[5] ২০০৬ চনত শ্ৰীমন্ত শংকৰ একাডেমী (এছ এছ এ) ছ'চাইটিয়ে স্থাপন কৰা বেচৰকাৰী খণ্ডৰ অসম ৰাজ্যত ডিগ্ৰী পৰ্যায়ৰ কাৰিকৰী পাঠ্যক্ৰম প্ৰদান কৰা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল।[6] তাৰ এবছৰ পিছত ২০০৭ চনত গুৱাহাটীত উত্তৰ-পূব অঞ্চলৰ প্ৰথমটো স্ব-বিত্তীয় ব্যক্তিগত ফাৰ্মাচী প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স প্ৰতিষ্ঠা কৰা হৈছিল। ভেষজ বিজ্ঞান বা ফাৰ্মাচীত স্নাতক ডিগ্ৰী প্ৰদান কৰা এই প্ৰতিষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ব্যক্তিগত প্ৰতিষ্ঠান। ২০১২ চনত গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ প্ৰতিষ্ঠা কৰা হয় ই আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰত্ব (পিপিপি) আৰ্হিত প্ৰতিষ্ঠা হোৱা প্ৰথমটো প্ৰতিষ্ঠান। ২০২০ চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ তেজপুৰ চৌহদ স্থাপন কৰা হয়। ২০২২ চনত গিৰিজানন্দ চৌধুৰী গ্ৰুপ অৱ ইনষ্টিটিউটৰ সকলো ভগ্নী সংগঠন গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে।[7]

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

স্নাতক পাঠ্যক্ৰম

[সম্পাদনা কৰক]
  • প্ৰযুক্তিবিদ্যাৰ স্নাতক
  • কম্পিউটাৰ প্ৰয়োগত স্নাতক
  • মেডিকেল লেব টেকন’লজিত স্নাতক
  • বিজ্ঞানৰ স্নাতক
  • ফাৰ্মাচীৰ স্নাতক
  • ব্যৱসায় প্ৰশাসনত স্নাতক

স্নাতকোত্তৰ পাঠ্যক্ৰম

[সম্পাদনা কৰক]
  • প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ
  • বিজ্ঞানৰ স্নাতকোত্তৰ
  • ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ
  • কম্পিউটাৰ প্ৰয়োগত স্নাতকোত্তৰ

পি এইচ ডি আৰু অন্যান্য

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খনে বিভিন্ন বিষয়ত পি এইচ ডি প্ৰদান কৰে। পি এইচ ডি কৰাৰ বাবে নামভৰ্তি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়-গৱেষণা প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে অনুষ্ঠিত হয়।[8] সাক্ষাৎকাৰৰ বাবে মাতিবলৈ প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে ন্যূনতম ৫০% নম্বৰ লাভ কৰা বাধ্যতামূলক। বিশ্ববিদ্যালয়খনে ৱেল্ডিং, ডিজাইন আৰু থ্ৰী-ডি প্ৰিণ্টিং, এম্বেডেড চিষ্টেম আৰু আইঅ’টি, লেবৰ পশু পৰিচালনা আৰু পৰীক্ষামূলক কৌশল আৰু কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং বিষয়ত ডিপ্লমা আৰু চাৰ্টিফিকেট প্ৰদান কৰে।

মুখ্য বিভাগসমূহ

[সম্পাদনা কৰক]
  • স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি
  • স্কুল অৱ মেনেজমেণ্ট এণ্ড কমাৰ্চ
  • স্কুল অৱ ফাৰ্মাচিউটিকেল ছায়েন্স
  • স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স
  • স্কুল অফ নেচাৰেল ছায়েন্স
  • স্কুল অৱ পেৰামেডিকেল ছায়েন্স

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Assam: Girijananda Chowdhury University felicitates MasterChef winner Nayanjyoti Saikia". https://nenow.in/north-east-news/assam/assam-girijananda-chowdhury-university-felicitates-masterchef-winner-nayanjyoti-saikia.html আহৰণ কৰা হৈছে: 30 April 2023.
  2. "Vice chancellor". https://gcuniversity.ac.in/vice-chancellor/ আহৰণ কৰা হৈছে: 17 December 2022.
  3. "State-wise List of Private Universities". University Grants Commissionwww.ugc.ac.in. http://www.ugc.ac.in/oldpdf/Private%20University/Consolidated%20List%20Private%20Universities%20as%20on%2029.06.2017.pdf আহৰণ কৰা হৈছে: 17 December 2022.
  4. "Assam: Cabinet approves establishment of Girijananda Chowdhury University". https://nenow.in/education/assam-cabinet-approves-establishment-girijananda-chowdhury-university.html আহৰণ কৰা হৈছে: 17 December 2022.
  5. "The Girijananda Chowdhury University, Assam, Act, 2022 (Assam Act No.XLVII of 2022)". https://legislative.assam.gov.in/documents-detail/the-girijananda-chowdhury-university-assam-act-2022-assam-act-noxlvii-of-2022 আহৰণ কৰা হৈছে: 30 April 2023.[সংযোগবিহীন উৎস]
  6. "Shrimanta Shankar Academy Society". Shrimanta shankar academy. Archived from the original on 27 July 2019. https://web.archive.org/web/20190727170455/http://www.ssa-school.org/about.php আহৰণ কৰা হৈছে: 30 April 2023.
  7. "Assam cabinet decides to withdraw petty criminal cases pending in subordinate courts". https://m.economictimes.com/news/india/assam-cabinet-decides-to-withdraw-petty-criminal-cases-pending-in-subordinate-courts/articleshow/94137176.cms আহৰণ কৰা হৈছে: 30 April 2023.
  8. "DST-FIST Laboratory inaugurated at Girijananda Chowdhury University". https://nenow.in/education/dst-fist-laboratory-inaugurated-at-girijananda-chowdhury-university.html আহৰণ কৰা হৈছে: 30 April 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]