সমললৈ যাওক

গিৰিজা শ্বেট্টাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিৰিজা শ্বেট্টাৰ

২০১৩ চনত শ্বেট্টাৰ
জন্ম ২০ জুলাই, ১৯৬৯ (৫৬ বছৰ)
অৰছেট, এচেক্স, ইংলেণ্ড
পেচা অভিনেত্ৰী, সাংবাদিক
সক্ৰিয় হৈ থকা সময় ১৯৮৯ – ২০০৩, ২০২৪ – বৰ্তমান

গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮৯ চনত শ্বেট্টাৰে মণি ৰত্নমতেলুগু ছবি গীতাঞ্জলি আৰু প্ৰিয়দৰ্শনৰ পৰিচালনাত মালয়ালম ছবি বন্দনমত অভিনয় কৰিছিল।

১৯৯২ চনত তেওঁ জো জিতা ৱহি চিন্দৰৰ মুখ্য মহিলা চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হৈছিল, কিন্তু পূৰ্বৰ এটা কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ ছবিখন মাজভাগতে এৰি থৈ গৈছিল। প্ৰথম পৰ্যায়ৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ পিছত আয়েশা জুলকাই তেওঁৰ ঠাই লয়। অৱশ্যে ছবিখনৰ চূড়ান্ত সংস্কৰণত ৰখা "আৰে ইয়াৰো" গীতটোত তেওঁক নাচি থকা দেখা যায়।[2]

সেই একে বছৰতে তেওঁ এ ৰঘুৰামী ৰেড্ডীৰ পৰিচালনাত আন এখন তেলুগু ছবি হৃদয়াঞ্জলিত অভিনয় কৰে, যিখনে চাৰিটা ৰাজ্যিক নন্দী বঁটা লাভ কৰিছিল। ছবিখন ১৯৯২ চনতে সম্পূৰ্ণ হৈছিল যদিও ২০০২ চনতহে মুক্তি লাভ কৰিছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৯ চনৰ ২০ জুলাইত এচেক্সৰ অৰছেটত গিৰিজা শ্বেট্টাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন কন্নড় চিকিৎসক আৰু মাতৃ ব্ৰিটিছ আছিল। ১৮ বছৰ বয়সৰপৰাই গিৰিজাই ভৰতনাট্যমৰ প্ৰশিক্ষণ লৈছিল। ২০০৩ চনত তেওঁ কাৰ্ডিফ বিশ্ববিদ্যালয়ৰপৰা ইণ্টিগ্ৰেল যোগ দৰ্শন আৰু ভাৰতীয় আধ্যাত্মিক মনোবিজ্ঞানৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমত যিমান পাৰি বেছি সময় অতিবাহিত কৰে।[4] গিৰিজা বৰ্তমান লণ্ডনত বসবাস কৰা এগৰাকী লেখিকা। পূৰ্বে চিকিৎসা প্ৰযুক্তিৰ নিউজলেটাৰ এটাত কাম কৰাৰ পাছত এতিয়া তেওঁ এটা জাহাজ বিষয়ক আলোচনীৰ বাবে লিখা-মেলা কৰি আছে।[5] ২০১১ চনত তেওঁৰ হাইকু কবিতাৰ এখন পুথি "দিছ য়েৰ, ডাফোডিলছ" প্ৰকাশ পাইছিল। ২০১৪ চনত লণ্ডনৰ চিহৰ্চ জাৰ্নালিষ্ট এৱাৰ্ডছত তেওঁ বৰ্ষটোৰ শ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া জাৰ্নালিষ্টৰ বঁটা লাভ কৰিছিল।[6]

গীতাঞ্জলি মুক্তিৰ পিছত তেওঁ ১৯৮৯ চনৰ ৩০ জুনৰ ভাৰতীয় আলোচনী স্ক্ৰীণৰ বেটুপাতত স্থান পাইছিল। ২০০২ চনত ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটত মণি ৰত্নমৰ কৰ্মৰাজিৰ প্ৰদৰ্শনীৰ সময়ত প্ৰদৰ্শিত পাঁচখন ছবিৰ ভিতৰত গীতাঞ্জলিও আছিল। ভাৰতীয় চলচ্চিত্ৰত শক্তিশালী নায়িকাৰ চৰিত্ৰৰ উদাহৰণ হিচাপে এই ছবিসমূহ নিৰ্বাচিত কৰা হৈছিল।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ ভাষা টোকা ৰেফাৰেন্স
১৯৮৯গীতাঞ্জলিগীতাঞ্জলিতেলুগুতেলুগু অভিষেক
মনোনীত - শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (तेलুগু)
[7]
বন্দনমগাধা ফাৰ্নাাণ্ডেজমালয়ালমমালয়ালম অভিষেক[8]
ধনুষকোটিগিৰিজামুক্তি লাভ নকৰা[9]
১৯৯২জো জিতা ৱহি চিকন্দৰহিন্দী"আৰে ইয়াৰো মেৰে প্যাৰো" গীতত বিশেষ উপস্থিতি[10]
২০০২হৃদয়াঞ্জলিমায়াতেলুগু১৯৯২ চনতে চিত্ৰগ্ৰহণ সম্পূৰ্ণ হৈছিল যদিও ২০০২ চনতহে মুক্তি পায়[11]
২০০৩তুঝে মেৰি কচমনিজেহিন্দীকেমিঅ’ উপস্থিতি[12]
২০২৪ ইব্বানি তাব্বিদা ইলেয়ালিমধুমিতাকন্নড়[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Latest News – Memoirs of film actress Girija Shettar Part III". Archived from the original on 19 July 2018. https://web.archive.org/web/20180719083743/http://www.ukmalayalee.com/latest-news/news.php?id=OTM5 আহৰণ কৰা হৈছে: 2 April 2014.
  2. "Did you know: Before Ayesha Jhulka, this actress had shot as the female lead for 'Jo Jeeta Wohi Sikandar'". The Times of India. 22 May 2021. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/did-you-know/did-you-know-before-ayesha-jhulka-this-actress-had-shot-as-the-female-lead-for-jo-jeeta-wohi-sikandar/articleshow/82857121.cms.
  3. "Yellow Pages: Film Marketing". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304100546/http://www.adindia.net/hrudayanjali.htm আহৰণ কৰা হৈছে: 2 April 2014.
  4. "A Journal of Integral studies – February 2005 – Sri Aurobindo ...". Theuniversityoftomorrow. http://www.theuniversityoftomorrow.org/publications/New%20Race%20Archives/journal-of-intergral-studies/february2005.html আহৰণ কৰা হৈছে: 20 July 2020.
  5. "Girija Shettar". http://ekikrat.in/Girija-Shettar আহৰণ কৰা হৈছে: 17 May 2011.
  6. "Seahorse Journalist Awards 2014". The Loadstar. 11 December 2014. https://theloadstar.com/loadstar-editor-wins-supply-chain-journalism-award/ আহৰণ কৰা হৈছে: 19 April 2020.
  7. "I used to dream about the possibility of a sequel to Geetanjali: Girija Shettar". The Indian Express. 12 September 2017. https://indianexpress.com/article/entertainment/regional/i-used-to-dream-about-the-possibility-of-a-sequel-to-geetanjali-girija-shettar-4831668/ আহৰণ কৰা হৈছে: 19 April 2020.
  8. "This is what Vandanam's Gadha looks like now!". Malayala Manorama. 11 September 2017. https://english.manoramaonline.com/entertainment/entertainment-news/2017/09/09/mohanlal-vandanam-actress-girija-shettar-photo-social-media.html আহৰণ কৰা হৈছে: 19 April 2020.
  9. "The Silver Screen Jinx". The New Indian Express. 5 March 2012. Archived from the original on 22 August 2014. https://web.archive.org/web/20140822124315/http://www.newindianexpress.com/entertainment/malayalam/article340875.ece?service=print আহৰণ কৰা হৈছে: 21 August 2014.
  10. "Love at first song". Bangalore Mirror. 15 May 2015. https://bangaloremirror.indiatimes.com/entertainment/bollywood/jo-jeeta-wohi-sikandar/articleshow/47162994.cms আহৰণ কৰা হৈছে: 19 April 2020.
  11. Srihari, Gudipoodi. "lacks soul". The Hindu. https://www.idlebrain.com/movie/archive/mrg-hrudayanjali.html.
  12. Smrity Sharma, 'Riteish behind CM-dad's resignation?', India Times Movies 2 December 2008.
  13. "Yesteryear Actor Girija Shettar Returns To The Big Screen For A Kannada Film". https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/yesteryear-actor-girija-shettar-returns-to-the-big-screen-for-a-kannada-film/articleshow/104940265.cms.