গিৰিশ চৌধুৰী
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| গিৰিশ চৌধুৰী | |
|---|---|
| জন্ম | ৫ মাৰ্চ ১৯২১ কুমাৰপাৰা, গুৱাহাটী, অসম |
| মৃত্যু | ২০০৪ |
| পেচা | নাট্যশিল্পী, অভিনেতা, সংগঠক |
| উল্লেখযোগ্য কৰ্ম | মিনা বজাৰ, এক ছেপ্টেম্বৰ, ফুটবলৰ শতশয্যা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সংগীত-নাটক অকাডেমি বঁটা (২০০২) |
গিৰিশ চৌধুৰী (১৯২১–২০০৪) অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল। মঞ্চ আৰু চলচ্চিত্ৰ দুয়ো মাধ্যমতে তেওঁৰ অভিনয় দক্ষতা পৰিচিত। ১৯৪৯ চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত ছাহজাহান নাটখনত সহ-অভিনয়ৰ জৰিয়তে তেওঁ থিয়েটাৰত অৱতীৰ্ণ হয়। ১৯৯৫ চনত তেওঁ অসম সাহিত্য সভাৰ ৫৯তম শিৱসাগৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি আৰু উদ্বোধক আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]গিৰিশ চৌধুৰীৰ জন্ম ১৯২১ চনৰ ৫ মাৰ্চত গুৱাহাটীৰ কুমাৰপাৰত হৈছিল। তেওঁ ১৯৪০ চনত ধুবুৰী হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয় আৰু পাছলৈ কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তেওঁ প্ৰথমে নাৰী চৰিত্ৰত অভিনয় আৰম্ভ কৰিছিল আৰু পাছলৈ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ভাতৃ অনিল চৌধুৰীৰ উৎসাহে তেওঁৰ শিল্পী জীৱন গঢ় লৈ উঠাত সহায় কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
সাহিত্যকৃতি
[সম্পাদনা কৰক]মঞ্চ উপযোগী নাটক
[সম্পাদনা কৰক]- মিনা বজাৰ
- এক ছেপ্টেম্বৰ
- ফুটবলৰ শতশয্যা
অনাঁতাৰ নাটক
[সম্পাদনা কৰক]- লগন উকলি গ'ল
- ৰাজনীতি
প্ৰবন্ধ সংকলন
[সম্পাদনা কৰক]- সোৱঁৰণ মাথোঁ সোঁৱৰণ (২০০৪) – শিল্প-সংস্কৃতি বিষয়ক
নাট্য আৰু অভিনয় জীৱন
[সম্পাদনা কৰক]অভিনীত নাটকসমূহ
[সম্পাদনা কৰক]- মণিৰাম দেৱান
- ৰক্ষকুমাৰ
- ভোগজৰা
- মাণিক ৰাইটং
- নীলাম্বৰ
- শকুনিৰ প্ৰতিশোধ
অভিনীত চলচ্চিত্ৰসমূহ
[সম্পাদনা কৰক]- সতী বেউলা (১৯৫৪)
- সৰাপাত (১৯৫৬)
- মাটিৰ সৰ্গ (১৯৬৩)
- নিয়তি (১৯৭৮)
- মেঘমুক্তি (১৯৭৯)
- অকণ (১৯৮০)
- মানসী (১৯৮১)
- কাজিৰঙাৰ কাহিনী (১৯৮৩)
- প্ৰতিশোধ (১৯৮৭)
- আই মোৰ জনমে জনমে (১৯৮৮)
- ৰঙা নদী (১৯৯১)
- প্ৰিয়জন (১৯৯৩)
কৰ্মজীৱন
[সম্পাদনা কৰক]- ১৯৯৩-৯৬ চনৰ ভিতৰত তেওঁ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' ছচাইটীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
- তেওঁ পৰিবাহিকা নামৰ আলোচনীখন প্ৰায় ১২ বছৰৰ বাবে সম্পাদনা কৰিছিল।
বঁটা
[সম্পাদনা কৰক]- ২০০২ চনত সংগীত-নাটক অকাডেমি বঁটা লাভ কৰে।
- ১৯৮৫ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰে।
উৎস
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, গুৱাহাটী, প্ৰথম প্ৰকাশ ২০০৬, পৃষ্ঠা : ২৬৫