গীতাঞ্জলি লাল
গীতাঞ্জলি লাল | |
---|---|
![]() | |
জন্ম | গীতাঞ্জলী দেশাই ৫ নৱেম্বৰ ১৯৪৮ বৰোদা, গুজৰাট |
পেচা | দেৱী-দুৰ্গা কথক সংস্থাৰ কলাত্মক সঞ্চালক [1] |
জনা যায় | কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ |
দাম্পত্যসঙ্গী | পণ্ডিত দেৱলাল |
ৱেবছাইট | |
http://kathakresonance.com/ |
গীতাঞ্জলি লাল (ইংৰাজী: Geetanjali Lal ; জন্ম: গীতাঞ্জলি দেশাই; ৫ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। কথকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০০৭ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৯ চনৰ পৰা ২০১২ চনলৈকে তেওঁ কথক কেন্দ্ৰৰ ৰেপাৰ্টৰীৰ মুৰব্বী আৰু সঞ্চালকৰ পদত অধিষ্ঠিত হৈ আছিল। তেওঁ দূৰদৰ্শন আৰু নতুন দিল্লীৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰ শীৰ্ষ পৰ্যায়ৰ শিল্পী।[3]
কথকত গীতাঞ্জলিৰ অভিনয় আৰু জয়পুৰ ঘৰানাৰ অন্যান্য বৈশিষ্ট্য, যেনে লয়কাৰী, জটিল ছন্দৰ আৰ্হিৰ পদ সঞ্চালনৰ বাবে সুপৰিচিত। ২০০১ চনত গীতাঞ্জলি লালে কচ্ছৰ কৰুণ ভূমিকম্প, নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ যুগ্ম টাৱাৰত আক্ৰমণ আৰু অমিতাভ বচ্চন অভিনীত জনপ্ৰিয় টিভি কুইজ শ্ব' ‘কৌন বনেগা ক্ৰোৰপতি’ ওপৰত আধাৰিত নিজৰ কল্পনাপ্ৰসূত কৰিঅ’গ্ৰাফীৰে দৰ্শকক সন্মোহিত কৰিছিল।[4]
গীতাঞ্জলিয়ে প্ৰভাত মুখাৰ্জীৰ কাশ্মিৰী পূৰ্ণদৈৰ্ঘ্য ছবি ‘শায়েৰ-এ-কাশ্মীৰ মজহুৰ’ত (১৯৭২) অভিনেতা বলৰাজ সাহানী, পৰীক্ষিত সাহনী, প্ৰাণৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[5][6]
সন্মান
[সম্পাদনা কৰক]- ২০০৭: সংগীত নাটক একাডেমী বঁটা (কথক)[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Devi Durga Kathak Sansthan presented two day Aavaratan Dance Festival". classicalclaps. 10 September 2020. https://www.classicalclaps.com/devi-durga-kathak-sansthan-presented-two-day-aavaratan-dance-festival/.
- ↑ "Dance bonds this saas, bahu". The Tribune, Chandigarh, India - Ludhiana Storieswww.tribuneindia.com. https://www.tribuneindia.com/2014/20140515/ldh1.htm#6.
- ↑ "Kathak Guru Vidushi Smt. Geetanjali Lal - Apni Maati: Personality". spicmacay.apnimaati.com. http://spicmacay.apnimaati.com/2013/07/kathak-guru-vidushi-smt-geetanjali-lal.html.
- ↑ "Welcome to High Commission of India, Colombo, Sri Lanka". hcicolombo.gov.in. https://hcicolombo.gov.in/press?id=eyJpdiI6Im82RUVWd0JXSzMxZUpDSDJSZmVvSUE9PSIsInZhbHVlIjoiVW9RYkwzanA5akJuSGNGZDA0NTZNdz09IiwibWFjIjoiNGMwNGUwNWEwNGUwNDFhY2VhZDgyYjU2ZDQ0NjM2MGFmOTQ0NDIxYjYxM2RiMTFjZTQ4NzE2NThkNTdlNjBlYyJ9.
- ↑ "Shair-E-Kashmir Mahjoor (1972) Cast - Actor, Actress, Director, Producer, Music Director". Cinestaan. https://www.cinestaan.com/movies/shair-e-kashmir-mahjoor-4038/cast-crew.
- ↑ Naidu, Jaywant (12 March 2017). "Dance helps the mind and body" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/posts/index/Hans/2017-03-12/Dance-helps-the-mind-and-body/286246.
- ↑ "President presents Akademi awards to 34 artists" (en ভাষাত). India Today. https://www.indiatoday.in/latest-headlines/story/president-presents-akademi-awards-to-34-artists-23162-2008-02-26.