সমললৈ যাওক

গীতা কাপুৰ (কলা সমালোচক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতা কাপুৰ

২০০৮ চনত গীতা কাপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কলা শাখাত এম.এ.নিউয়ৰ্ক বিশ্ববিদ্যালয়, ৰয়েল কলেজ অৱ আৰ্টৰ পৰা কলা শাখাত এম.এ, লণ্ডন.
জনা যায় কলা লেখা, কিউৰেটিং, কলা সমালোচক, ভাৰতীয় কলা তত্ত্ব
ৰাজনৈতিক আন্দোলন ভাৰতীয় আধুনিকতাবাদ, ভাৰতীয় উত্তৰ আধুনিকতাবাদ, ভাৰতত ডিকলনিজড আভাংগাৰ্ড, ভাৰতীয় কলা, সমসাময়িক ভাৰতীয় কলা
দাম্পত্যসঙ্গী বিৱন সুন্দৰম
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

গীতা কাপুৰ (ইংৰাজী: Geeta Kapur; জন্ম ১৯৪৩) হ'ল নতুন দিল্লীত বসবাস কৰা এগৰাকী বিশিষ্ট ভাৰতীয় কলা সমালোচক, কলা ইতিহাসবিদ আৰু কিউৰেটৰ।[1] সমালোচনামূলক কলা লিখনিৰ তেওঁ হ'ল ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ব্যক্তি; ইণ্ডিয়ান এক্সপ্ৰেছ মতে তেওঁ, "তিনি দশক ধৰি ভাৰতীয় সমসাময়িক কলা তত্ত্বৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি আহিছে।" [2][3] তেওঁৰ ৰচনাসমূহৰ ভিতৰত ভিতৰত আছে শিল্পীৰ মনোগ্ৰাফ, প্ৰদৰ্শনী সূচী, কিতাপ, আৰু কলা, চলচ্চিত্ৰ আৰু সাংস্কৃতিক তত্ত্বৰ বিষয়ে‍ বিস্তাৰিতভাৱে‍ সংকলন কৰা প্ৰবন্ধৰ সংকলনসমূহ।[4]

তেওঁ কন্টেম্পৰেৰী ইণ্ডিয়ান আৰ্টিষ্টছ (১৯৭৮), ৱেন ৱাজ মডাৰ্নিজম: এছেছ অন কন্টেম্পৰেৰী কালচাৰেল প্ৰেকটিছ ইন ইণ্ডিয়া (২০০০) আৰু ক্ৰিটিক’ছ কম্পাছ: নেভিগেটিং প্ৰেকটিছ (আগন্তুক) আদি বিভিন্ন গ্ৰন্থ লিখিছে।[5] গীতা কাপুৰ জাৰ্নেল অৱ আৰ্টছ এণ্ড আইডিয়াছ[6] (দিল্লী)ৰ অন্যতম প্ৰতিষ্ঠাপক-সম্পাদক। থাৰ্ড টেক্সট[7] (লণ্ডন), মাৰ্গ (মুম্বাই), আৰু এ আৰ টিমাৰ্জিন্সৰ পৰামৰ্শদাতা ব'ৰ্ডতো তেওঁ যোগদান কৰিছে।

তেওঁ ভেনিচৰ বিয়েনালেছ (২০০৫), ডাকাৰ (২০০৬), আৰু শ্বাৰজাহ (২০০৭)ৰ জুৰীৰ সদস্য আছিল। গুগেনহাইম সংগ্ৰহালয়, হংকঙৰ এছিয়া আৰ্ট আৰ্কাইভ আৰু কোচি-মুজিৰিছ বিয়েনালেৰ এছিয়ান আৰ্ট কাউন্সিল[8] ৰ গীতা কাপুৰ এগৰাকী সদস্য। তেওঁ দিল্লীৰ শ্বেৰ-গিল সুন্দৰাম আৰ্টছ ফাউণ্ডেশ্যন (এছ এছ এ এফ)ৰ ট্ৰাষ্টী আৰু আৰ্ট ডকুমেণ্টছ (এছ এছ এ এফ–তুলিকা বুকছ)ৰ ধাৰাবাহিক সম্পাদিকা।

২০০৯ চনত ভাৰত চৰকাৰে কলা ক্ষেত্ৰলৈ‍ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[9] ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিছিল।[10]


তেওঁৰ স্বামী শিল্পী বিৱন সুন্দৰম। ২০১১ চনত হংকং ভিত্তিক এছিয়া আৰ্ট আৰ্কাইভ[11] (AAA)-এ তেওঁলোকৰ আৰ্কাইভক ডিজিটেলাইজ কৰে আৰু ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন এক জীৱন শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে।[12]

এম এন কাপুৰ আৰু অমৃতা কাপুৰৰ ঘৰত ১৯৪৩ চনত গীতা কাপুৰৰ জন্ম হৈছিল৷ নাট্য পৰিচালক অনুৰাধা কাপুৰ তেওঁৰ কনিষ্ঠ ভগ্নী।[13]

নতুন দিল্লীৰ মডাৰ্ণ স্কুলৰ চৌহদত তেওঁ ডাঙৰ-দীঘল হৈছিল আৰু ১৯৪৭ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁৰ পিতৃ সেই অনুষ্ঠানৰ অধ্যক্ষ আছিল।[14] তেওঁৰ স্বামী বিভান সুন্দৰম আছিল ইনষ্টলেচন আৰ্টিষ্ট৷ নতুন দিল্লীত জন্মগ্ৰহণ কৰা গীতা কাপুৰে‍ নতুন দিল্লীতে কাম অব্যাহত ৰাখিছে আৰু বসবাস কৰি‍ আহিছে।

কাপুৰে দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে (১৯৬২);[15] নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা সূক্ষ্ম কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৬৪); আৰু লণ্ডনৰ ৰয়েল কলেজ অৱ আৰ্টৰ পৰা সমালোচনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে (১৯৭০)।[16]

১৯৬৭ চনৰ পৰা ১৯৭৩ চনলৈ তেওঁ আই আই টি দিল্লীৰ মানৱীয় আৰু সমাজ বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বক্তৃতা প্ৰদান কৰাৰ লগতে‍ চিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ক্লেয়াৰ হল আৰু নতুন দিল্লীৰ তিনমূৰ্তিৰ নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ ভিজিটিং ফেল'শ্বিপ লাভ কৰিছে।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. . 29 January 2007. https://www.nytimes.com/2007/01/29/arts/design/29femi.html. "the renowned critic Geeta Kapur from Delhi had to represent.."
  2. . 8 Jun 2008. Archived from the original on 11 June 2008. https://web.archive.org/web/20080611052213/http://www.hindu.com/mag/2008/06/08/stories/2008060850200700.htm. "..Ms. Kapur, who is a pioneer of art critical writing in India.."
  3. . 5 May 2002. http://www.indianexpress.com/oldStory/2013/.
  4. "Kapur Geeta" (en ভাষাত). iniva. https://iniva.org/library/digital-archive/people/k/kapur-geeta আহৰণ কৰা হৈছে: 2020-03-07.
  5. "Sher-Gil Sundaram Arts Foundation | Trustees" (en-US ভাষাত). https://ssaf.in/trustees/ আহৰণ কৰা হৈছে: 2022-03-12.
  6. Library, Digital South Asia (October 1982). "Journal of Arts and Ideas.". dsal.uchicago.edu. https://dsal.uchicago.edu/books/artsandideas/ আহৰণ কৰা হৈছে: 2021-11-22.
  7. "Third Text" (en ভাষাত). thirdtext.org. http://thirdtext.org/ আহৰণ কৰা হৈছে: 2021-11-22.
  8. "Asian Art Council" (en-US ভাষাত). The Guggenheim Museums and Foundation. https://www.guggenheim.org/asian-art-initiative/asian-art-council আহৰণ কৰা হৈছে: 2021-11-22.
  9. "Padma Awards Directory (1954-2009)". Ministry of Home Affairs. Archived from the original on 10 May 2013. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf আহৰণ কৰা হৈছে: 4 February 2025.
  10. "people - Sharjah Art Foundation". sharjahart.org. Archived from the original on 2022-01-20. https://web.archive.org/web/20220120180416/http://sharjahart.org/sharjah-art-foundation/people/kapur-geeta আহৰণ কৰা হৈছে: 2022-03-12.
  11. Archive, Asia Art. "Home" (en ভাষাত). aaa.org.hk. Archived from the original on 2021-11-20. https://web.archive.org/web/20211120160302/https://aaa.org.hk/en আহৰণ কৰা হৈছে: 2021-11-22.
  12. "The byte of history". Mint. 18 Feb 2011. http://www.livemint.com/2011/02/18204557/The-byte-of-history.html.
  13. Kapur, Geeta (2000). When was Modernism: Essays on Contemporay Cultural Practice in India. Tulika. পৃষ্ঠা. xv. ISBN 81-85229-14-7. https://books.google.com/books?id=ZMWfAAAAMAAJ&q=anuradha আহৰণ কৰা হৈছে: 9 March 2019.
  14. "Principals - Modern School". http://www.modernschool.net/history-principals আহৰণ কৰা হৈছে: 10 March 2019.[সংযোগবিহীন উৎস]
  15. "people - Sharjah Art Foundation". sharjahart.org. Archived from the original on 2022-01-20. https://web.archive.org/web/20220120180416/http://sharjahart.org/sharjah-art-foundation/people/kapur-geeta আহৰণ কৰা হৈছে: 2022-03-12.
  16. Adil Jusswalla; Eunice De Souza (1989). Statements :anthology of Indian Prose in English. Orient Blackswan. পৃষ্ঠা. 153. ISBN 0-86125-263-2. https://books.google.com/books?id=sbaxWB70tvIC&q=geeta+kapur&pg=PA153.
  17. Geeta Kapur, Curator, Writer Archived 11 March 2009 at the Wayback Machine InIVA website.