গীতা ছেহগল
| গীতা ছেহগল | |
|---|---|
২০১৭ চনত লণ্ডনত ছেহগল | |
| জন্ম | 1956 অথবা 1957 (বয়স 69–70) বোম্বাই, ভাৰত |
| নাগৰিকত্ব | যুক্তৰাজ্য |
| পেচা |
|
| পিতৃ-মাতৃ | নয়নতৰা চেহগল (মাতৃ) |
গীতা ছেহগল (ইংৰাজী: Gita Sahgal; জন্ম: ১৯৫৬ বা ১৯৫৭)[1][2]এগৰাকী ব্ৰিটিছ লেখিকা, সাংবাদিক, চলচ্চিত্ৰ পৰিচালক, মহিলা অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ কামসমূহ নাৰীবাদ, মৌলবাদ আৰু বৰ্ণবাদৰ বিষয়সমূহত কেন্দ্ৰিত।[3][4]
সংক্ষিপ্ত জীৱন
[সম্পাদনা কৰক]ঔপন্যাসিক নয়নতৰা ছেহগলৰ কন্যা গীতা ছেহগলৰ ভাৰতত জন্ম হয়। তেওঁ হিন্দু হিচাপে ডাঙৰ-দীঘল হৈছিল। তেওঁ এতিয়া নাস্তিক। .[3] ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ তেওঁৰ আত্মীয়। আনহাতে নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ নাতিনী। .[5][2] ভাৰতত প্ৰথমে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৭২ চনত ইংলেণ্ডলৈ গুচি যায় আৰু লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজত পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে।[6] ১৯৭৭ চনত ভাৰতলৈ উভতি আহি, নাগৰিক অধিকাৰ আন্দোলনত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৩ চনত তেওঁ ইংলেণ্ডলৈ উভতি যায়।[3]
তেওঁ মহিলা সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আৰু সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছে।[6][7][8] তেওঁ এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ জেণ্ডাৰ ইউনিটৰ মুৰব্বীও আছিল, আৰু ধৰ্মীয় মৌলবাদীসকলে বিশেষকৈ মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰোধিতা কৰিছিল।[7][9]
২০১০ চনৰ ফেব্ৰুৱাৰী মাহত এম্নেষ্টীয়ে তেওঁক জেণ্ডাৰ ইউনিটৰ মুৰব্বী হিচাপে নিলম্বন কৰে। কাৰণ তেওঁৰ উদ্ধৃতিৰে দ্য ছাণ্ডে টাইমছে এম্নেষ্টীক সমালোচনা কৰিছিল যে তেওঁ গুয়ান্তানামোত ন্যায় বহিৰ্ভূত চৰ্তত বন্দী কৰা পুৰুষসকলক প্ৰতিনিধিত্ব কৰা প্ৰচাৰ গোট কেজ (পূৰ্বৰ কেজপ্ৰিজনাৰ্ছ)ৰ পৰিচালক মোৱাজাম বেগৰ সৈতে হাই-প্ৰফাইল সংযোগ স্থাপন কৰিছে।
এম্নেষ্টীয়ে উত্তৰ দিছিল যে তেওঁক নিলম্বিত কৰা হৈছে “এই বিষয়সমূহ অভ্যন্তৰীণভাৱে উত্থাপন নকৰাৰ বাবে”। ছেহগলৰ সমৰ্থনত ভাষণ দি ঔপন্যাসিক ছলমান ৰুছডি, সাংবাদিক ক্ৰিষ্টোফাৰ হিচেনছ আদিয়ে এম্নেষ্টীক এই সংযোগৰ বাবে সমালোচনা কৰে। বেগে তেওঁৰ জেহাদী সংযোগৰ দাবীক বিতৰ্ক কৰি কয় যে তেওঁ সন্ত্ৰাসবাদৰ দোষী সাব্যস্ত নোহোৱা কাকো সন্ত্ৰাসবাদী বুলি গণ্য নকৰে।[10]
২০১০ চনৰ ৯ এপ্ৰিলত সাহগালে এম্নেষ্টী ইণ্টাৰনেশ্যনেল এৰি থৈ যায়।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Mark Townsend (25 April 2010). "Gita Sahgal's dispute with Amnesty International puts human rights group in the dock". The Observer (London). https://www.theguardian.com/world/2010/apr/25/gita-sahgal-amnesty-international.
- 1 2 Suroor, Hasan (9 February 2010). "Amnesty in row over 'collaborating' with pro-jehadis". The Hindu. Archived from the original on 22 August 2010. https://web.archive.org/web/20100822084556/https://www.thehindu.com/news/international/article103279.ece.
- 1 2 3 Guttenplan, D. D.; Margaronis, Maria. "Who Speaks for Human Rights?". The Nation. http://www.thenation.com/article/who-speaks-human-rights/। আহৰণ কৰা হৈছে: 12 March 2016.
- ↑ Yuval-Davis, Nira; Kannabiran, Kalpana; Kannabirān, Kalpana; Vieten, Ulrike; Kannabiran, Professor Regional Director Council for Social Development Kalpana (10 August 2006). The situated politics of belonging – Google Books. ISBN 9781412921015. https://books.google.com/books?id=6iy0cLkigiEC&q=%22Gita+Sahgal%22&pg=PA205। আহৰণ কৰা হৈছে: 4 March 2010.
- ↑ "Amnesty suspends Nehru kin Gita Sahgal – NewsofAP.com – Andhra Pradesh News, Andhra News, Andhra Pradesh, Telugu News". NewsofAP.com. Archived from the original on 14 July 2011. https://web.archive.org/web/20110714174738/http://www.newsofap.com/newsofap-5470-25-amnesty-suspends-nehru-kin-gita-sahgal-newsofap.html। আহৰণ কৰা হৈছে: 4 March 2010.
- 1 2 Shah, Neelima (19 February 2010). "It's Very Human To Disagree; She feels the rip of Amnesty International's barbs for speaking up; Neelima Shah on Gita Sahgal". Outlook. http://www.outlookindia.com/article.aspx?264315। আহৰণ কৰা হৈছে: 21 February 2010. [সংযোগবিহীন উৎস]
- 1 2 Nair, Malini (21 February 2010). "A fundamental question for human rights groups". Daily News & Review. http://www.dnaindia.com/world/report_a-fundamental-question-for-human-rights-groups_1350522। আহৰণ কৰা হৈছে: 1 March 2010.
- ↑ "Women Against Fundamentalisms | Variant 16". Variant.org.uk. Archived from the original on 10 September 2019. https://web.archive.org/web/20190910224143/http://www.variant.org.uk/16texts/WAF.html। আহৰণ কৰা হৈছে: 4 March 2010.
- ↑ "Women Against Fundamentalisms | Variant 16". Variant.org.uk. Archived from the original on 10 September 2019. https://web.archive.org/web/20190910224143/http://www.variant.org.uk/16texts/WAF.html। আহৰণ কৰা হৈছে: 4 March 2010.
- ↑ Kerbaj, Richard (7 February 2010). "Amnesty International is 'damaged' by Taliban link; An official at the human rights charity deplores its work with a 'jihadist'". The Sunday Times (London). Archived from the original on 3 June 2010. https://web.archive.org/web/20100603031425/http://www.timesonline.co.uk/tol/news/world/afghanistan/article7017810.ece। আহৰণ কৰা হৈছে: 2 March 2010.
- ↑ Bird, Steve (13 April 2010). "Gita Sahgal, who criticised Amnesty's 'pro-jihadi' links, leaves job". The Times (London). http://www.timesonline.co.uk/tol/news/uk/article7095732.ece.[সংযোগবিহীন উৎস]