সমললৈ যাওক

গীতা দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতা দে
চিত্ৰ:Gita Dey.jpg
জন্ম ৫ আগষ্ট, ১৯৩১
কলকাতা
মৃত্যু ১৭ জানুৱাৰী, ২০১১ (৭৯ বছৰ)
কলকাতা
অন্য নাম গীতা মা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩৮- ২০০৮
সন্তান

গীতা দে (ইংৰাজী: Gita Dey ; ৫ আগষ্ট ১৯৩১ – ১৭ জানুৱাৰী ২০১১) এগৰাকী বঙালী চলচ্চিত্ৰ, থিয়েটাৰ আৰু বঙালী লোকনাটৰ অভিনেত্ৰী আছিল।[1] ৬ বছৰ বয়সতে মঞ্চত অভিনয় কৰা গীতা দেই ১৯৪৩ চনত চলচ্চিত্ৰ জগতলৈ আহে। তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি আছিল ধীৰেণ গাংগুলী পৰিচালিত আহুতি (১৯৪১), য’ত তেওঁ এজনী শিশু অভিনেত্ৰী হিচাপে কাম কৰিছিল।[2] তেওঁ ২০০০ৰো অধিক বাংলা ভাষাৰ ছবিত অভিনয় আৰু ২০০০ৰো অধিক ষ্টেজ শ্বোত পৰিবেশন কৰিছিল। তেওঁ সত্যজিৎ ৰায়ৰ তিনি কন্যা আৰু ঋত্তিক ঘটকৰ মেঘে ঢাকা তাৰা, সুবৰ্ণৰেখা, কোমল গন্ধাৰ, আৰু কতো অজানাৰে ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিদ্যা বালন আৰু সঞ্জয় দত্তৰ সৈতে পৰিনীতা (২০০৫) আদি হিন্দী আৰু অন্যান্য ছবিত অভিনয় কৰিছিল।[3] ৰেডিঅ’ নাটত অংশগ্ৰহণ কৰি দীৰ্ঘদিন ধৰি তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে জড়িত হৈ আছিল। তেওঁ অন্য বহু বঁটা-বাহনৰ উপৰিও ডাঃ এ.পি.জে.ৰ পৰা আজীৱন সাফল্যৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে।

দীৰ্ঘদিনীয়া অভিনয় জীৱনত তেওঁ শিশিৰ ভাদুৰী, ঋত্বিক ঘটক, দেৱকী বসু আৰু সত্যজিৎ ৰায় আদি পৰিচালকৰ সৈতে কাম কৰিছিল। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত বলীউডৰ সংগীতমধুৰ ছবি পৰিণীতাৰতো অভিনয় কৰিছিল, য'ত ছাইফ আলী খান আৰু বিদ্যা বালানো আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]