সমললৈ যাওক

গীতা মহালিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতা মহালিক
জন্ম ১৯৪৮ (বয়স ৭৭৭৮)
ক’ৰাপুত, উৰিষ্যা
পেচা শাস্ত্ৰীয় নৃত্যশিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
সংগীত নাটক একাডেমী বঁটা
ৱেবছাইট
http://about.me/GeetaMahalik

গীতা মহালিক (ইংৰাজী: Geeta Mahalik ; জন্ম: ১৯৪৮)[1] এগৰাকী ভাৰতীয় ওডিচি নৃত্যশিল্পী।[2][3] কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।[4]

গীতা মহালিকে অতি কম বয়সতে প্ৰখ্যাত গুৰু দেৱপ্ৰসাদ দাসৰ পৰা প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিছিল।[5] ইয়াৰ পিছত মায়াধৰ ৰাউতৰ মাৰ্গদৰ্শনত প্ৰশিক্ষণ দিয়া হয়, যিয়ে গীতাক এনে এটা শৈলী বিকশিত কৰাত সহায় কৰে, যিটো বহু ৰসিকে গতিশীল নিৰ্মল কবিতা বুলি বৰ্ণনা কৰে।[2]

গীতাই বিশ্বৰ বহু দেশ বহু ভ্ৰমণ কৰিছে। ফ্ৰান্স, চুইজাৰলেণ্ড, চীন, ইটালী, স্পেইন, আমেৰিকা, কানাডা, জাৰ্মানী, পৰ্তুগাল, গ্ৰীচ আৰু আফ্ৰিকা মহাদেশৰ আন বহু দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।[6] ভাৰতৰ প্ৰায় সকলোবোৰ প্ৰধান নৃত্য উৎসৱ, খাজুৰাহো নৃত্য মহোৎসৱ, ইলোৰা নৃত্য মহোৎসৱ, হস্তী নৃত্য মহোৎসৱ, কোণাৰ্ক নৃত্য উৎসৱ, মহাবলীপুৰম উৎসৱ, মুক্তেশ্বৰ নৃত্য উৎসৱ, বদ্ৰী কেদাৰ উৎসৱ, তাজ উৎসৱ, উজ্জয়িনী কালিদাস সমাৰোহ, গংগা মহোৎসৱ আৰু মাণ্ডু উৎসৱ আদিত পৰিবেশন কৰিছে।[7]

গীতা মহালিক বৰ্তমান দিল্লীত থাকে।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Odissi" Archived 2 April 2015 at the Wayback Machine Sangeetnatak.com
  2. 1 2 "Odissi and Chhau dance". Orissa Reference Manual. 2004. http://orissa.gov.in/e-magazine/orissaannualreference/ORA-2004/pdf/odissi_and_chhau_dance.pdf আহৰণ কৰা হৈছে: 26 August 2014.
  3. "Padma Awards Announced". Circular. Press Information Bureau, Government of India. 25 January 2014. http://www.pib.nic.in/newsite/PrintRelease.aspx?relid=102735 আহৰণ কৰা হৈছে: 23 August 2014.
  4. "Deba Prasad Dash". Narthaki.com. 6 November 2010. http://www.narthaki.com/info/tdhc/tdhc23.html আহৰণ কৰা হৈছে: 26 August 2014.
  5. "About me". About me.com. 2014. http://about.me/GeetaMahalik আহৰণ কৰা হৈছে: 26 August 2014.
  6. "Hindu". 20 February 2010. http://www.thehindu.com/todays-paper/tp-national/tp-otherstates/sangeet-nakak-akademi-award-for-geeta-mahalik/article713703.ece.
  7. "Indian Express 2". The New Indian Express. 20 February 2010. Archived from the original on 26 August 2014. https://web.archive.org/web/20140826120322/http://www.newindianexpress.com/states/odisha/article213701.ece আহৰণ কৰা হৈছে: 26 August 2014.
  8. "Archaeology". Odissi Kala Kendra. August 2014. http://odissi.itgo.com/ আহৰণ কৰা হৈছে: 26 August 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]