সমললৈ যাওক

গীতিকা জাখৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতিকা জাখৰ

২০০৭ চনত গীতিকা জাখৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম অগ্ৰহা, হাৰিয়ানা, ভাৰত[1]
বাসগৃহ হিছাৰ
উচ্চতা 159 cm[2]
ওজন 63 Kg
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া ফ্ৰীষ্টাইল মল্লযুঁজ
শিতান ৬৩ কেজি

গীতিকা জাখৰ (ইংৰাজী: Geetika Jakhar; জন্ম: ১৮ আগষ্ট ১৯৮৫) এগৰাকী ভাৰতীয় মল্লযুঁজাৰু। গীতিকাৰ ঘৰ ক্ৰীড়াবিদ পৰিয়ালৰ। তেওঁ ২০০৬ চনত অৰ্জুন বঁটা লাভ কৰে। ভাৰতীয় ক্ৰীড়াৰ ইতিহাসত ২০০৫ চনৰ কমনৱেলথ গেমছৰ শ্ৰেষ্ঠ মল্লযুঁজাৰু হিচাপে বিচাৰ কৰা একমাত্ৰ মহিলা মল্লযুঁজাৰু আৰু লগতে ২০০৬ আৰু ২০১৪ চনত এছিয়ান গেমছতো পদক লাভ কৰা। ২০০৬ চনত ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু গীতিকা।হাৰিয়ানা চৰকাৰৰ ভীম বঁটাও গৌৰৱান্বিত লাভ কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে হাৰিয়ানা চৰকাৰে তেওঁক ২০০৮ চনত উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিছে।[10]

ব্যক্তিগত জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

গীতিকাৰ পিতৃ সত্যবীৰ সিং জাখৰ হাৰিয়ানাৰ হিছাৰত ক্ৰীড়া বিষয়া আছিল। মল্লযুঁজ খেলিবলৈ অনুপ্ৰাণিত হৈছিল তাইৰ ককাক অমৰ চান্দ জাখৰ, তেওঁ এজন নিপুণ মল্লযুঁজাৰু। ১৩ বছৰ বয়সৰ পৰাই মল্লযুঁজ আৰম্ভ কৰা ছানীয়ে, আৰু ২০০০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা দংগলত তেতিয়াৰ ভাৰত কেছাৰীত ছোনিকা কালিৰমণ (বিখ্যাত মল্লযুঁজাৰু চান্দগী ৰামৰ কন্যা)ক পৰাস্ত কৰি ১৫ বছৰ বয়সতে ভাৰত কেছাৰী বঁটা লাভ কৰে। তেতিয়াৰ পৰা একেৰাহে ৯ বছৰ ভাৰত কেছাৰী খিতাপ লাভ কৰে। হাৰিয়ানাৰ ৰাজহুৱা কাম বিভাগত কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত শ্ৰী কমলদ্বীপ সিং ৰাণাৰ সৈতে তেওঁৰ বিবাহ।

প্ৰাথমিক কেৰিয়াৰ

[সম্পাদনা কৰক]

গীতিকাই স্কুল পৰ্যায়ত ক্ৰীড়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ মনোযোগ এথলেটিকছত আছিল। কিন্তু টাৰ্নিং পইণ্টটো আহিল যেতিয়া তাইৰ পৰিয়ালটো তাইৰ জন্ম গাঁও আগ্ৰোহৰ পৰা হিছাৰলৈ গুচি গ’ল যাতে তাইৰ সৰু ভাইটি আৰু তাইৰ বাবে উন্নত শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। প্ৰতিযোগিতামূলকভাৱে এথলেটিকছত অৱতীৰ্ণ হোৱাৰ প্ৰয়াসত দেউতাকে তাইক হিছাৰৰ মহাবীৰ ষ্টেডিয়ামলৈ লৈ গৈছিল যদিও কোনো প্ৰশিক্ষক বিচাৰি নোপোৱাকৈ হতাশ হৈ উভতি আহিছিল। এই সময়ছোৱাত তাই ওচৰৰ মল্লযুঁজ হললৈ গৈছিল হলৰ পৰা বিশাল মাত আহি থকা শুনি যেতিয়া প্ৰশিক্ষকসকলে মেটৰ বাহিৰৰ পৰা নিজৰ ৱাৰ্ডক ডাঙৰ মাতেৰে গাইড কৰিছিল। গীতিকাই মল্লযুঁজৰ অনুশীলন কৰা আন ছোৱালীবোৰৰ প্ৰতি আকৰ্ষিত হৈছিল। লগে লগে তেওঁ এই খেলবিধৰ প্ৰেমত পৰে আৰু ১৯৯৮ চনৰ অক্টোবৰৰ পৰা তেওঁ মল্লযুঁজক নিজৰ খেল হিচাপে বাছি লৈ এথলেটিকছ এৰি দিয়ে। মল্লযুঁজৰ আৱিষ্কাৰৰ চাৰি মাহ সময় লাগিছিল যেতিয়া ১৯৯৯ চনত মণিপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় গেমছত হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি চতুৰ্থ স্থান দখল কৰিছিল।

২০০১ চনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ সকলো সংস্কৰণতে স্বৰ্ণ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়: চাব-জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ - যিটো প্ৰশংসনীয় অভিলেখ এতিয়াও ভংগ হোৱা নাই। ইয়াৰ দ্বাৰা তাই নিজৰ GOLDEN QUARTET সম্পূৰ্ণ কৰিলে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "GEETIKA JAKHAR - BIOGRAPHY". Commonwealth Games Federation. http://g2014results.thecgf.com/athlete/cycling_road/1097884/geetika_jakhar.html আহৰণ কৰা হৈছে: 3 June 2016.
  2. "Jakhar, Geetika (IND)". Institut für Angewandte Trainingswissenschaft (IAT). https://www.iat.uni-leipzig.de/datenbanken/dbfoeldeak/daten.php?spid=9CDC3B7562D1442F83A59137894CE266 আহৰণ কৰা হৈছে: 3 June 2016.
  3. "2003 Commonwealth Wrestling Championships - London, Ontario, Canada ARTICLES & RESULTS". Commonwealth Amateur Wrestling Association (CAWA). Archived from the original on 29 June 2017. https://web.archive.org/web/20170629082841/http://commonwealthwrestling.sharepoint.com/Pages/2003Championships.aspx আহৰণ কৰা হৈছে: 12 September 2015.
  4. "Indian grapplers sweep gold in Commonwealth Championship". Zee News. 2 July 2005. Archived from the original on 27 November 2016. https://archive.today/20161127134049/http://zeenews.india.com/home/indian-grapplers-sweep-gold-in-commonwealth-championship_226265.html আহৰণ কৰা হৈছে: 27 November 2016.
  5. "2007 - Commonwealth Wrestling Championships - Information & RESULTS". Commonwealth Amateur Wrestling Association (CAWA). Archived from the original on 29 June 2017. https://web.archive.org/web/20170629083022/http://commonwealthwrestling.sharepoint.com/Pages/2007Championships.aspx আহৰণ কৰা হৈছে: 12 September 2015.
  6. "Haryana Police inspector bags gold in World Police Games". Business Standard. Asian News International (ANI). 21 August 2019. Archived from the original on 17 November 2019. https://archive.today/20191117084514/https://www.business-standard.com/article/news-ani/haryana-police-inspector-bags-gold-in-world-police-games-119082101450_1.html আহৰণ কৰা হৈছে: 17 November 2019.
  7. "Haryana grapplers strike gold in SA". The Tribune. http://www.tribuneindia.com/2005/20050712/sports.htm#11 আহৰণ কৰা হৈছে: 12 September 2015.
  8. "India wins four medals". The Hindu. 2004-06-23. http://www.thehindu.com/2004/06/23/stories/2004062309561800.htm আহৰণ কৰা হৈছে: 12 September 2015.
  9. "Indian wrestlers win 10 medals". The Hindu. 2005-06-13. http://www.thehindu.com/2005/06/13/stories/2005061304981800.htm আহৰণ কৰা হৈছে: 12 September 2015.
  10. Geetika Jakhar. glasgow2014.com