সমললৈ যাওক

গীৰ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীৰ ৰাষ্ট্ৰীয় উদ্যান
এছিয়াটিক সিংহৰ বাসস্থান, গীৰ ৰাষ্ট্ৰীয় উদ্যান
এছিয়াটিক সিংহৰ বাসস্থান, গীৰ ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান জুনাগড় জিলা, গীৰ সোমনাথ জিলা আৰু আমৰেলি জিলা, গুজৰাট, ভাৰত
নিকটতম চহৰ তালালা (গীৰ), ভেৰাভাল।
স্থানাংক 21°08′08″N 70°47′48″E / 21.13556°N 70.79667°E / 21.13556; 70.79667স্থানাংক: 21°08′08″N 70°47′48″E / 21.13556°N 70.79667°E / 21.13556; 70.79667
মাটিকালি 1,410.30 বৰ্গ কি.মি. (544.52 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৬৫
পৰ্যটক ৬০,১৪৮ (২০০৪ চনত)
কৰ্তৃপক্ষ বন আৰু পৰিৱেশ বিভাগ

গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য,ক ছাছান গীৰ' বুলি জনা যায়। ভাৰতৰ গুজৰাট ৰাজ্যৰ তালালা(গীৰ) নামৰ ঠাইখনত গীৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন সোমনাথ মন্দিৰৰ পৰা ৪৩ কিঃমিঃ উত্তৰ-পূৰ্বত, জুনাগড়ৰ পৰা ৬৫ কিঃমিঃ দক্ষিণ-পূবত আৰু আমৰেলিৰ পৰা ৬০ কিঃমিঃ দক্ষিণ-পশ্চিমে অৱস্থিত। ১৯৬৫ চনত পূৰ্বৰ জুনাগড়ৰ নবাবসকলৰ ব্যক্তিগত চিকাৰ এলেকাত ইয়াৰ মুঠ আয়তন ১৪১০.৩০ বৰ্গ কিঃমিঃ ইয়াৰে ২৫৮.৭১ কিঃমিঃ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সম্পূৰ্ণৰূপে সুৰক্ষিত অঞ্চল হিচাপে সংৰক্ষণ কৰা হৈছে।[1]উদ্যানখন খাথিয়াৰ-গীৰ শুকান পৰ্ণপাতী অৰণ্য পৰিৱেশ অঞ্চলৰ অংশ বোলা হয়।[2][3]

২০১৫ চনৰ মে’ মাহত ১৪ সংখ্যক এছিয়াটিক লায়ন লোকপিয়ল অনুষ্ঠিত হৈছিল। ২০১৫ চনত ইয়াৰ জনসংখ্যা ৫২৩টা আছিল (২০১০ চনৰ পূৰ্বৰ লোকপিয়লৰ তুলনাত ২৭% বৃদ্ধি)। ২০১০ চনত ৪১১টা আৰু ২০০৫ চনত ৩৫৯টা সিংহৰ জনসংখ্যা আছিল। জুনাগড় জিলাত সিংহৰ জনসংখ্যা ২৬৮টা আছিল, গীৰ সোমনাথ জিলাত ৪৪ টা, আমৰেলি জিলাত ১৭৪ টা, আৰু ভৱনগৰ জিলাত ৩৭ টা। ইয়াৰে ১০৯টা মতা, ২০১টা মাইকী আৰু ২১৩টা পোৱালি আছে। [4]গীৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰে ১৬ জুনৰ পৰা ১৫ অক্টোবৰলৈকে সমগ্ৰ বাৰিষা কালছোৱা আনুষ্ঠানিক ভাৱে বন্ধ থাকে। [5]

১৯ শতিকাত ভাৰতীয় ৰাজকীয় শাসকসকল আৰু ব্ৰিটিছ সাম্ৰাজ্য উপনিবেশিকসকল চিকাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে ভাৰতত মাত্ৰ প্ৰায় এক ডজন এছিয়াটিক লায়ন জীয়াই আছিল আৰু তাৰে সকলোবোৰ গীৰ অৰণ্যত আছিল। ৰাষ্ট্ৰীয় উদ্যানখন জুনাগড়ৰ নবাবৰ ব্যক্তিগত চিকাৰস্থলীৰ এটা অংশ আছিল। ব্ৰিটিছ ভাইচৰয়সকলে গীৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ জনসংখ্যা ভয়াৱহ হ্ৰাসৰ কথা জুনাগড়ৰ নবাবৰ দৃষ্টিগোচৰ কৰি অভয়াৰণ্যখন স্থাপন কৰিছিল। আজি এইখন এছিয়াৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান য'ত এছিয়াটিক সিংহ দেখা পোৱা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখনক জৈৱ বৈচিত্ৰ্যৰ বাবে এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত অঞ্চল হিচাপে গণ্য কৰা হয়। চৰকাৰী বন বিভাগ, বন্যপ্ৰাণী কৰ্মী আৰু বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাৰ ফলত বৈচিত্ৰ্যময় উদ্ভিদ আৰু প্ৰাণী থকা গীৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে পৰিৱেশ তন্ত্ৰ অন্যতম সুৰক্ষিত এলেকা। বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানটোক গুজৰাট পৰিৱেশ সম্পদৰ মণি হিচাপে গণ্য কৰা হয়।[6]

গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু গীৰ বন্যপ্ৰাণী অভয়াৰণ্য

পানীৰ মজুত

[সম্পাদনা কৰক]

গীৰ অঞ্চলৰ সাতখন প্ৰধান বৰ্ষজীবী নদী(বহুবছৰীয়া) হ'ল ক্ৰমে হিৰণ নদী, শ্বেতৰুঞ্জী নদী, ধতৰবাড়ী, শিংগোডা, মাচচুন্দ্ৰী নদী, আম্বাজল আৰু ৰাভাল নদী। অঞ্চলটোৰ চাৰিটা জলাশয় মথাউৰি যেনে- হিৰণ, মাচুন্দ্ৰী, ৰাভাল আৰু শিংগোডা নদী। ইয়াৰ ভিতৰত অঞ্চলটোৰ আটাইতকৈ ডাঙৰ জলাশয় কমলেশ্বৰ বান্ধ, যাক 'গীৰৰ জীৱনৰেখা' বুলি কোৱা হয়। গ্ৰীষ্মকাল বন্য প্ৰাণীৰ বাবে পৃষ্ঠীয় পানী প্ৰায় ৩০০ জলবিন্দুত উপলব্ধ থাকে। কিন্তু খৰাং বতৰত যেতিয়া বৰষুণ অভাৱৰ হোৱাৰফলত অঞ্চলটো বন্যপ্ৰাণী বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। তেতিয়া এই বিন্দুসমূহৰ অধিকাংশতে পৃষ্ঠৰ পানী উপলব্ধ নহয় আৰু ভাৰতত বিভিন্নঠাইত পানীৰ অভাবে এটা গুৰুতৰ সমস্যাত সৃষ্টি কৰে(মূলতঃ অভয়াৰণ্যৰ অংশত )। গ্ৰীষ্মকালত পানীৰ উপলব্ধতা নিশ্চিত কৰাটো বন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে অন্যতম প্ৰধান কাম।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯৫৫ চনত সমতাপৌ আৰু ৰায়জাদাৰ দ্বাৰা গীৰ বনাঞ্চলৰ জৰীপত ৪০০ৰো অধিক উদ্ভিদ প্ৰজাতিৰ তথ্য পোৱা গৈছিল। মহাৰাজ সাহাজীৰাও বৰোডা বিশ্ববিদ্যালয়ৰ সমীক্ষাৰ সময়ত গণনাটো ৫০৭ লৈ সংশোধন কৰিছে। ১৯৬৪ চনত চেম্পিয়ন এণ্ড শ্বেথৰ বন প্ৰকাৰৰ শ্ৰেণীবিভাজন অনুসৰি গীৰ বনাঞ্চল "5A/C-1a—অতি শুকান চেগুন অৰণ্য" শ্ৰেণীবিভাজনত অন্তৰ্গত কৰিছে। চেগুন শুকান পৰ্ণপাতী প্ৰজাতিৰ সৈতে মিহলি হৈ দেখা যায়। অৱক্ষয় পৰ্যায় (DS) উপ-প্ৰকাৰসমূহ এইদৰে উৎপন্ন কৰা হয়:-

  1. 5/DS1-শুষ্ক পৰ্ণপাতী বন আৰু...
  2. 5/DS1-শুষ্ক অৰণ্য (স্থানীয়ভাৱে "vidis" নামেৰে জনাজাত)। ই পশ্চিম ভাৰতৰ আটাইতকৈ ডাঙৰ শুষ্ক পৰ্ণপাতী অৰণ্য।[1]

চেগুন ফলৰ অঞ্চল মূলতঃ বনাঞ্চলৰ পূব অংশত অৱস্থিত। যিটোৱে মুঠ মাটিকালিৰ প্ৰায় আধা অংশৰে গঠিত হৈ আছে। কেইবাবিধো বক গছ দেখিবলৈ পোৱা যায়। ইয়াত বেৰ, জামুন, বাবুল (বক), অৰণ্যৰ শিখা, zizyphus, Tendu leaf আৰু ধাক পোৱা যায় লগতে কৰঞ্জ, উমলো, আমলি, ছাইৰছ, কলম, চৰল আৰু মাজে মাজে কিছুমান বন্যান্য গছ আদি উদ্ভিদ পোৱা যায়। এই বহল পাতৰ গছবোৰে অঞ্চলটোক শীতল ছাঁ আৰু আৰ্দ্ৰতা প্ৰদান কৰে। বনবিৰণ কাৰ্যসূচীৰ অংশ হিচাপে গীৰ অৰণ্যৰ চাৰিসীমাত casuarina আৰু prosopis গছ ৰোপণ কৰা হৈছে।

বন্যপ্ৰাণী

[সম্পাদনা কৰক]
মাগাৰ কুমিৰ
ভাৰতীয় নাহৰফুটুকী
ডাৰিযুক্ত হায়েনা

গীৰ ৰাষ্ট্ৰীয় উদ্যানত ২,৩৭৫টা সুকীয়াপ্ৰাণী প্ৰজাতিৰ গণনা কৰি পোৱা গৈছে। তাৰে প্ৰায় ৩৮টা প্ৰজাতি স্তন্যপায়ী, প্ৰায় ৩০০ প্ৰজাতিৰ চৰাই, ৩৭ প্ৰজাতিৰ সৰীসৃপ আৰু ২০০০ তকৈ অধিক প্ৰজাতিৰ পোকৰ সন্ধান পোৱা গৈছে।[1]মাংসভোজী প্ৰাণীগোটটোত প্ৰধানকৈ এছিয়াটিক সিংহ, ভাৰতীয় নাহৰফুটুকী, জংঘলৰ মেকুৰী, ডাৰিযুক্ত হায়েনা, সোণালী শিয়াল, বংগ শিয়াল, ভাৰতীয় ধূসৰ মংগোজ, ৰঙা মংগোজ, আৰু মৌ বেজাৰ ইত্যাদি জীৱ-জন্তু পোৱা যায়।[7]ইয়াৰ উপৰিও এছিয়াটিক বন্যমেকুৰী আৰু মৰিছাদাগযুক্ত মেকুৰী আদি খুব কমকৈ দেখিবলৈ পোৱা যায়।[1][6]গীৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান তৃণভোজী প্ৰাণী সমূহ হ'ল চিতাল, নীলগাই, সম্বৰ হৰিণ, চাৰিশিংযুক্ত এণ্টিলোপ, চিংকৰা আৰু বন্য গাহৰি। আশে-পাশে থকা অঞ্চলৰ পৰা অহা ব্লেকবাকবোৰ কেতিয়াবা অভয়াৰণ্যত দেখা যায়।[1] সৰু স্তন্যপায়ী প্ৰাণীবোৰৰ ভিতৰত সাধাৰণতে পৰ্কঁপাইন আৰু হেৰে দেখা পোৱা যায়, কিন্তু পেংগোলিন বিৰল।[6]সৰীসৃপ ভিতৰত মুগাৰ কুমিৰ অন্যতম।[8] অভয়াৰণ্যৰ জলভাগত ভাৰতীয় কব্ৰা, কচ্ছপ আৰু মনিটৰ টিকটিকি আদি বাস কৰে। জোপোহা আৰু হাবিসমূহত সাপ পোৱা যায়। কেতিয়াবা পাইথনিডে পাইথন নৈৰ পাৰত দেখা যায়। ১৯৭৭ চনত ভাৰতীয় কুমিৰ সংৰক্ষণ প্ৰকল্প গঠন কৰা গুজৰাট ৰাজ্যিক বন বিভাগে গৱেষণা বাবে গীৰ ৰাষ্ট্ৰীয় উদ্যানখন ব্যৱহাৰ কৰি আহিছে। গীৰ আৰু ইয়াৰ আশে-পাশে কমলেশ্বৰ হ্ৰদ আৰু অন্যান্য সৰু সৰু পানীত প্ৰায় ১০০০টা জলাশয় কুমিৰ এৰি দিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

এছিয়াটিক সিংহ

[সম্পাদনা কৰক]
Indian Lion Gir
এছিয়াটিক সিংহ

এছিয়াটিক সিংহসমূহে শুকান ঘাঁহনি আৰু মুকলি পৰ্ণপাতী অৰণ্য অঞ্চলসমূহক বাসস্থান হিচাপে বাচি লয়। ২০১০ চনত ৪১১ টাৰ পৰা ২০২০ চনত ৬৭৪ টালৈ সিংহৰ সংখ্যা বৃদ্ধি পাইছে। এই সকলোবোৰ সিংহ গীৰ ৰাষ্ট্ৰীয় উদ্যান বা ইয়াৰ আশে-পাশে বাস কৰে।[9]১৯০০ চনত ইয়াৰ জনসংখ্যা ১০০টা তকৈ কম বুলি অনুমান কৰা হৈছিল আৰু এছিয়াটিক সিংহক সংৰক্ষিত প্ৰজাতি হিচাপে ঘোষণা কৰা হয়। ১৯৩৬ চনত কৰা লোকপিয়লত ২৮৯টা প্ৰাণী পোৱা গৈছে। আধুনিক যুগত ১৯৪৮ চনৰ পৰা ১৯৬৩ চনৰ মাজৰ কোনোবা এটা সময়ছোৱাত ৰাজকোটৰ ৰাজকুমাৰ কলেজৰ অধ্যক্ষ মাৰ্ক আলেকজেণ্ডাৰ উইণ্টাৰ-ব্লাইথ আৰু আৰ.এছ. ধৰ্মকুমাৰসিংহজীয়ে প্ৰথম সিংহৰ গণনা কৰিছিল।

[10]১৯৬৮ চনত কৰা এটা সমীক্ষাত ১৯৩৬ চনৰ সংখ্যাৰ পৰা ১৬২ লৈ হ্ৰাস পোৱা বুলি লিপিবদ্ধ কৰা হৈছে।[11]গীৰ বনাঞ্চল এলেকা যদিও ভালদৰে সুৰক্ষিত কৰি ৰখা হৈছে, কিন্তু কেতিয়াবা এছিয়াটিক সিংহৰ চোৰাং চিকাৰীয়ে চিকাৰ কৰা,পশুধনৰ ওপৰত আক্ৰমণৰ প্ৰতিশোধ হিচাপে বিষাক্ত দ্ৰব্যও খুৱাই দিয়াৰ উদাহৰণ পোৱা যায়। বানপানী, জুই, মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগ আদিৰ সম্ভাৱনা ভাবুকি কিছুমান কেতিয়াবা দেখা দিয়ে। তথাপিও তেওঁলোকৰ বাবে গীৰ অঞ্চলটো আটাইতকৈ আশাব্যঞ্জক দীৰ্ঘম্যাদী সংৰক্ষিত বনাঞ্চল হৈ আছে।[10]১৮৯৯ চনৰ পৰা ১৯০১ চনলৈকে দীৰ্ঘদিনীয়া খৰাং সময়ছোৱাত সিংহই গীৰ বনাঞ্চলৰ সিপাৰৰ থকা পশুধন আৰু মানুহক আক্ৰমণ কৰে। ১৯০৪ চনৰ পিছত জুনাগড়ৰ শাসকসকলে পশুধনৰ ক্ষতিৰ ক্ষতিপূৰণ দিছিল। বৰ্তমান গীৰ ৰাষ্ট্ৰীয় উদ্যানৰ সিংহই মানুহক খুব কমেইহে আক্ৰমণ কৰে।[12]

সিংহ সংৰক্ষণ

[সম্পাদনা কৰক]
বৰ্ষ সংখ্যা মতা:মাইকী:পোৱালি
১৯৬৮ ১৭৭ -
১৯৭৪ ১৮০ -
১৯৭৯ ২৬১ ৭৬:১০০:১০০
১৯৮৪ ২৫২ ৮৮:১০০:৬৪
১৯৯০ ২৪৯ ৮২:১০০:৬৭
১৯৯৫ ৬৫ ৯৪:১০০:৭১
২০০০ ৩২৭ ৯৯:১১৫:৭৬
২০০৫ ৩৫৯ -
২০১০ ৪১১ ৯৭:১৬২:১৫২
২০১৫ ৫২৩ ১০৯:২০১:২১৩
২০২০ ৬৭৪ ২৭৭:২৬০:১৩৭

সিংহ প্ৰজনন কাৰ্যসূচীয়ে প্ৰজনন কেন্দ্ৰ সৃষ্টি আৰু ৰক্ষণাবেক্ষণ কৰে। ইয়াৰ উপৰিও এই কেন্দ্ৰটোৱে এছিয়াটিক সিংহৰ আচৰণৰ ওপৰত অধ্যয়ন কৰাৰ লগতে কৃত্ৰিম প্ৰজনন প্ৰথাৰ ব্যৱস্থাও অৱলম্বন কৰে।[13]এনে এটা কেন্দ্ৰ জুনাগড়ৰ জিলা সদৰৰ সক্কাৰবৌগ প্ৰাণীজগত উদ্যান বা সক্কাৰবাউগ চিৰিয়াখানা স্থাপন কৰা হৈছে। য’ত প্ৰায় ১৮০টা সিংহৰ সফলতাৰে প্ৰজনন কৰা হৈছে। মুঠ ১২৬টা বিশুদ্ধ এছিয়াটিক সিংহ ভাৰত আৰু বিদেশৰ চিৰিয়াখানালৈ পঠিওৱা হৈছে।[14][10]সিংহৰ লোকপিয়ল প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কৰা হয়। পূৰ্বতে গণনাৰ বাবে সিংহৰ pugmark's দৰে পৰোক্ষ পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। কিন্তু ২০০৫ চনৰ এপ্ৰিল মাহৰ লোকপিয়লৰ সময়ত (যিটো প্ৰথমে ২০০৬ চনৰ হোৱাৰ কথা আছিল, কিন্তু ভাৰতত অদৃশ্য হোৱা বাঘক লৈ হোৱা প্ৰতিবেদন আৰু বিতৰ্কৰ পিছত আগবঢ়াই নিয়া হৈছিল) প্ৰায় ১০০০ বনবিষয়া, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱক সহায়ত ব্লক-ডাইৰেক্ট-টোটেল কাউণ্ট পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।[10]অৰ্থাৎ কেৱল সেই সিংহবোৰক গণনা কৰা হৈছিল যিবোৰক দৃশ্যগতভাৱে স্পট দেখা গৈছিল। পৰম্পৰাগত প্ৰথা বুলি জীৱিত আৰু লোভনীয় চিকাৰ কৰি অনুশীলনৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যদিও বৰ্তমান ব্যৱহাৰ কৰা নহয়। ২০০০ চনত গুজৰাট উচ্চ ন্যায়ালয়ে জীৱ-জন্তুৰ এনে ব্যৱহাৰৰ বিৰুদ্ধে দিয়া ৰায়দানৰ ফলত জন্তুবোৰক অনুশীলনৰ বাবে ব্যৱহাৰ কৰা যথেষ্ট হ্ৰাস পোৱা বুলি কোৱা হয়। ২০১০ চনৰ লোকপিয়লৰ সময়ত গীৰ বনাঞ্চলৰ মেকুৰী মহিলাৰ উদ্যোগত উদ্যানখনত ৪১১ টাতকৈ অধিক সিংহ থকা বুলি গণনা কৰে। ২০১৫ চনত ৫২৩টা সিংহ থকা বুলি গণনা কৰে। গণনা কৰা মহিলাসকল ওচৰৰ গাঁৱৰ পৰম্পৰাগত জনগোষ্ঠীৰ মহিলা। [15]৪০ গৰাকীৰো অধিক মহিলা বন সুৰক্ষা সহায়কসকল কেৱল উদ্যানখনৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে চেষ্টাত অব্যাহত থাকে।

পৰিৱেশ সমস্যা

[সম্পাদনা কৰক]

গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যয় পৰিৱেশ তন্ত্ৰৰ প্ৰতি কেতিয়াবা কিছুমান ভাবুকিৰ সন্মুখীন হোৱা দেখা যায়। প্ৰাকৃতিক ভাবুকিৰ ভিতৰত পুনৰাবৃত্তিমূলক খৰাং, ঘূৰ্ণীবতাহ, বনজুই, বেদখল, অত্যধিক যাতায়াত আৰু তাৰ ফলত অপতৃণৰ আক্ৰমণ আৰু মানুহৰ দ্বাৰা সৃষ্টি হোৱা ভাবুকিৰ ভিতৰত অতিমাত্ৰা চৰণীয়া পথাৰ আদি উল্লেখযোগ্য। [16] [17] [16][18]পৰ্যটনেও এই পৰিৱেশৰ অৱক্ষয় লগতে পৰিসীমাত কৰা খননেও অৰিহণা যোগায়। পেৰিফেৰেল জ’নৰ মাজেৰে যোৱা ৰে’লপথৰ ফলত প্ৰদূষণ হয়। p[16]বৃহৎ স্তন্যপায়ী প্ৰাণীবোৰৰ সংকীৰ্ণ জনসংখ্যা ক্ৰমাৎ চিন্তাৰ বিষয় হৈ পৰিছে।[16][19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Gir National Park & Wildlife Sanctuary". Government of Gujarat. Forests and Environment Department. Archived from the original on 22 November 2015. https://web.archive.org/web/20151122025644/http://gujenvfor.gswan.gov.in/wildlife/national-park/wildlife-gir-nat-park.htm। আহৰণ কৰা হৈছে: 16 April 2013. 
  2. "Khathiar-Gir dry deciduous forests". Terrestrial Ecoregions. World Wildlife Fund. https://www.worldwildlife.org/ecoregions/im0206। আহৰণ কৰা হৈছে: 29 January 2017. 
  3. Status of the Tigers, Co-predators, and Prey in India. TR 08/001. National Tiger Conservation Authority, Govt. of India, New Delhi; Wildlife Institute of India, Dehradun. 2008. http://projecttiger.nic.in/whtsnew/status_of_tigers_in_india_2008.pdf. 
  4. "Asiatic Lion population up from 411 to 523 in five years". Deshgujarat. 10 May 2015. http://deshgujarat.com/2015/05/10/asiatic-lion-population-up-from-411-to-523-in-five-years/। আহৰণ কৰা হৈছে: 22 March 2018. 
  5. Gaikwad, R. (2014). "Gir forest to be shut down till October 15". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/Gir-forest-to-be-shut-down-till-October-15/article11637690.ece. 
  6. 6.0 6.1 6.2 "National Parks and Sanctuaries: Gir National Park & Wildlife Sanctuary". Wildvistas.com. http://wildvistas.com/nationalparks/gir/gir.html। আহৰণ কৰা হৈছে: 20 May 2017. 
  7. Alam, M.S., Khan, J.A., Njoroge, C.H., Kumar, S. and Meena, R.L. (2015). "Food preferences of the Golden Jackal Canis aureus in the Gir National Park and Sanctuary, Gujarat, India". Journal of Threatened Taxa খণ্ড 7 (2): 6927–6933. doi:10.11609/jott.o3954.6927-33. 
  8. Da Silva, A. and Lenin, J. (2010). "Mugger Crocodile Crocodylus palustris, pp. 94–98 in S.C. Manolis and C. Stevenson (eds.) Crocodiles. Status Survey and Conservation Action Plan. 3rd edition, Crocodile Specialist Group: Darwin.
  9. "Centre to re-examine lion relocation". The Times of India. 29 March 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/ahmedabad/centre-to-re-examine-lion-relocation/articleshow/99074562.cms. 
  10. 10.0 10.1 10.2 10.3 "Gir Forest National Park – Gujarat Updates" (en-US ভাষাত). 11 January 2017. https://www.gujaratupdates.com/gir-forest-national-park/। আহৰণ কৰা হৈছে: 29 December 2023. 
  11. Annual Report 1972: Durrell Wildlife Conservation Trust; page 41;
  12. Rangarajan, M. (2013). "Animals with rich histories: the case of the lions of Gir Forest, Gujarat, India". History and Theory খণ্ড 52 (4): 109–127. doi:10.1111/hith.10690. 
  13. "Gir National Park turns 57; 'WildLense' shares clip documenting a pride of young lions in the sanctuary – WATCH" (en ভাষাত). TimesNow. 19 September 2022. https://www.timesnownews.com/viral/gir-national-park-turns-57-wildlense-shares-clip-documenting-a-pride-of-young-lions-in-the-sanctuary-watch-article-94297871। আহৰণ কৰা হৈছে: 29 December 2023. 
  14. "Know Your City: In Junagadh, 160-year-old Sakkarbaug Zoo remains a favourite" (en ভাষাত). The Indian Express. 4 September 2023. https://indianexpress.com/article/cities/ahmedabad/know-your-city-junagadh-160-year-old-sakkarbaug-zoo-remains-favourite-8923406/। আহৰণ কৰা হৈছে: 29 December 2023. 
  15. "The Cat Women of Gir Forest: Modi's pride of women guards is working wonders in the Asiatic lion's last abode". 19 April 2013. https://www.indiatoday.in/magazine/society-and-the-arts/story/20130429-cat-women-gir-forest-narendra-modi-women-guards-asiatic-lion-763242-2013-04-18. 
  16. 16.0 16.1 16.2 16.3 "Gir National Park and Sanctuary: Environmental Review of Activities". Wildlife Institute of India. 8 October 2015. https://wii.gov.in/eia/casestudies/ecodevelopment_projects_gir_national_park_and_sanctuary. 
  17. Berwick, M. (1990). "The Ecology of the Maldhari Graziers in the Gir Forest, India". Proceeding of the Centenary Seminar of Bombay Natural History Society. প্ৰকাশক Bombay: Oxford University Press. পৃষ্ঠা. 82–95. ISBN 978-0-19-562652-0. 
  18. Berwick, S. H. (1976). "The Gir Forest: An Endangered Ecosystem: Complementary studies of the major elements of an area—people, domestic and wild animals, and plants—suggest ways to preserve its ecological integrity". American Scientist খণ্ড 64 (1): 28–40. 
  19. Bay, R. A.; Ramakrishnan, U.; Hadly, E. A. (2014). "A call for tiger management using "reserves" of genetic diversity". Journal of Heredity খণ্ড 105 (3): 295–302. doi:10.1093/jhered/est086. PMID 24336928.