গুগল
| ধৰণ | পাব্লিক কোম্পানী ("নাচডেক": GOOG), (এল এচ ই: GGEA) |
|---|---|
| উদ্যোগ | ইন্টাৰনেট, কম্পিউটাৰ ছফ্টৱেৰ |
| স্থাপিত | মেনলো পাৰ্ক, কেলিফোৰ্নিয়া (৭ ছেপ্টেম্বৰ, ১৯৯৮)[1] |
| মুখ্য কাৰ্যালয় | মাউন্টেন ভিউ, কেলিফোৰ্নিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
| নেতৃস্থানীয় ব্যক্তিত্ব | সুন্দৰ পিচাই, চিইঅ/পৰিচালক চাৰ্গেই ব্ৰিন, সহ-প্ৰতিষ্ঠাপক, প্ৰযুক্তি প্ৰেছিডেন্ট লেৰী পেজ, সহ-প্ৰতিষ্ঠাপক, পণ্য প্ৰেছিডেন্ট জৰ্জ ৰেয়েচ, চিএফঅ |
| পণ্য | চাৰ্চ ইঞ্জিন, ইমেইল, সামাজিক সংযোগী নেটৱৰ্ক, ভিডিঅ শ্বেয়াৰিং ইত্যাদি |
| ৰাজহ | ১০.৬০৪ বিলিয়ন মাৰ্কিন ডলাৰ |
| মুঠ আয় | ৩.০৭৭ বিলিয়ন মাৰ্কিন ডলাৰ |
| Total assets | ১৮.৪৭৩ বিলিয়ন মাৰ্কিন ডলাৰ (২০০৬)[2] |
| Total equity | ১৭.০৩৯ বিলিয়ন মাৰ্কিন ডলাৰ (২০০৬)[2] |
| কৰ্মচাৰীৰ সংখ্যা | ১৫,৯১৬ (২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত)[3] |
| ৱেবছাইট | www.google.com |
গুগল ইনকৰ্পোৰেটেড (ইংৰাজী: Google Incorporated) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী৷ গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিনৰ আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ব বিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফোৰ্নিয়াৰ মাউন্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ’ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা।" গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ’ল "Don't be evil" অথা'ত "কেতিয়াও বেয়া নহব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।
ইতিহাস[সম্পাদনা কৰক]
১৯৯৬ চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফোৰ্নিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে ইয়াৰ কাম কাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ মনোভাৱ আছিল সেইসময়ৰ কৌশলসমূহক চেৰাই এটা নতুন কৌশলৰে যদি কোনো এটা চাৰ্চ ইঞ্জিন যদি সৃষ্টি কৰা হয়, যিটোৰে ৱেবছাইটবোৰৰ মাজত থাকি যদি পাৰস্পৰিক সম্পৰ্ক ৰাখি যদি ফলাফল নিৰ্নয় কৰা যায় তেন্তে আৰু ভাল ফলাফল পোৱা যাব।
১৯৯৮ চনৰ ৭ ছেপ্টেম্বৰত লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে। ২০০৪ চনৰ ১৯ আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানিলৈ পৰিণত হয়। সময়ৰ লগত নিত্যনতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে প্ৰতিদিনেই নিজৰ আকাৰ আৰু উপযোগিতা বঢ়াই তোলাত সক্ষম হৈছে। একেসময়েতে নতুন কোম্পানী কিনি নিজৰ লগত একত্ৰীকৰণ, ভিন্ন প্ৰতিষ্ঠানৰ লগত অংশীদাৰিত্ব আৰু বিজ্ঞাপন জগতত নিজৰ অৱস্থানক সুদৃঢ়ীকৰণৰ মাধ্যমেৰে নিজকে বহুমুখী হিচাপে পৰিচয় কৰাইছে। ইয়াৰ ফলত তথ্য সন্ধান কৰাৰ সমসাময়িকভাৱে বৰ্তমান সময়ত ইমেইল, সামাজিক সংযোগী নেটৱৰ্কিং, ভিডিঅ শ্বেয়াৰিং, অফিছ প্ৰডাক্টিভিটি আদিৰ ক্ষেত্ৰত গুগলে নিজৰ পৰিসৰ বৃদ্ধি কৰিছে।
বৰ্তমান গুগলৰ চি ই ও সুন্দৰ পিচাই, এজন ভাৰতীয়।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "The Rise of Google". USA Today. April 29, 2004. http://www.usatoday.com/money/industries/technology/2004-04-29-google-timeline_x.htm। আহৰণ কৰা হৈছে: 2007-08-01.
- ↑ 2.0 2.1 2.2 2.3 "Financial Tables". Google Investor Relations. http://investor.google.com/fin_data.html। আহৰণ কৰা হৈছে: 2007-02-23.
- ↑ "Google Announces Third Quarter 2007 Results." October 18, 2007. Retrieved on October 22, 2007.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| Googleৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পত অধিক জানক: | |
| সংজ্ঞা আৰু অনুবাদ ৱিক্স্যনেৰীৰ পৰা | |
| চিত্ৰ আৰু মিডিয়া কমন্ছৰ পৰা | |
| শৈক্ষিক সমল ৱিকিভাৰ্চিটীৰ পৰা | |
| নতুন খবৰ ৱিকিনিউজৰ পৰা | |
| উক্তি ৱিকিকোৱ'টৰ পৰা | |
| উত্স পাঠ্য ৱিকিচ'ৰ্ছৰ পৰা | |
| পাঠ্যপুথি ৱিকিবুক্ছৰ পৰা | |
- আনুষ্ঠানিক ৱেবছাইট
- Corporate homepage
- Official blog
- গুগল's channel ইউটিউবত
- গুগল চাৰ্চবেচত
- Google Research
- Google website from November 11, 1998 at the Internet Archive
- গুগল বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- গুগল companies grouped at OpenCorporates