সমললৈ যাওক

গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিআৰেবিয়া ২০১৯-ৰ সময়ত গুগল আৰু ৱিকিমিডিয়াৰ মাজৰ বিভিন্ন প্ৰকল্পৰ প্ৰেজেণ্টেচন (আৰবীত)

গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০৭ চনত গুগলে ক্ন'ল আৰম্ভ কৰিছিল, যি এক সম্প্ৰদায়চালিত বিশ্বকোষ প্ৰকল্প আছিল, যি ২০১২ চনত বন্ধ কৰা হয়। তাৰ পাছত গুগলে ৱিকিমিডিয়াক বহু অনুদান আগবঢ়ায় আৰু ইউটিউবত বিভ্ৰান্তিকৰ তথ্যসমূহৰ সমাধান বিচাৰিবলৈ ৱিকিপিডিয়াত নিৰ্ভৰ কৰিব ধৰিছিল। ২০২১ চনত গুগল আৰু ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজ-ৰ মাজত অংশীদাৰিত্ব আৰম্ভ হয়।[1]

২০০৭ চনত গুগল-এ ক্ন'ল নামৰ এটি বিশ্বকোষিক প্ৰকল্প আৰম্ভ কৰে য’ত ব্যৱহাৰকাৰীৰ দ্বাৰা সৃষ্টি কৰা বিষয়বস্তু থাকে। দ্য নিউয়ৰ্ক টাইমছে সেই সময়ত ইয়াক ৱিকিপিডিয়াৰ সৈতে তুলনা কৰিছিল।[2] ক্ন'লৰ প্ৰকল্পটো বেয়াকৈ চলি ২০১২ চনত বন্ধ হয় আৰু ডিলিট কৰা হয়।[3][4]

২০০৮ চনত কেইবাটাও সংবাদ উৎসত প্ৰকাশ পোৱা অনুসৰি, উইকিপিডিয়াৰ অধিকাংশ যাতায়াত গুগল অনুসন্ধানৰ পৰা আহিছিল।[5]

ফেব্ৰুৱাৰী ২০১০ চনত, গুগলে প্ৰথম অনুদান হিচাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনUS$20,00,000 আগবঢ়ায়।[6][7] গুগল প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনে কয় যে "ৱিকিপিডিয়া ইণ্টাৰনেটৰ অন্যতম মহান বিজয়।"

মে' ২০১২ চনত, গুগলে গুগল নলেজ গ্ৰাফ নামৰ এটি প্ৰকল্প আৰম্ভ কৰে, যিয়ে অনুসন্ধান ফলাফলৰ লগত লগত উত্তৰ পেনেল দেখুৱাবলৈ আৰম্ভ কৰে। এই ইনফ’বক্সবোৰত দেখুওৱা অধিকাংশ তথ্য উইকিপিডিয়া আৰু চিআইএ ৱৰ্ল্ড ফেক্টবুকৰ পৰা সংগ্ৰহ কৰা হয়।[8]

জানুৱাৰী ২০১৯ চনত, গুগলে ৱিকিমিডিয়া ফাউণ্ডেশ্যনলৈ ৩ নিযুত ডলাৰ অনুদান আগবঢ়ায়।[9][10][11][12]

জুন ২০২২ চনত, গুগল আৰু ইণ্টাৰনেট আৰ্ছিভক ৱিকিমিডিয়া এণ্টাৰপ্ৰাইজৰ প্ৰথম গ্ৰাহক হিচাপে ঘোষণা কৰা হয়, যদিও কেৱল গুগলেই সেৱাটোৰ বাবে মূল্য দিব।[13]

ভ্ৰান্ত তথ্যৰ বিৰুদ্ধে অভিযান

[সম্পাদনা কৰক]

মাৰ্চ ২০১৮ চনত ইউটিউবে ঘোষণা কৰে যে তেওঁলোকে বিভ্ৰান্তিকৰ তথ্যৰ সমস্যা সমাধানৰ বাবে উইকিপিডিয়াৰ তথ্য ব্যৱহাৰ কৰিব।[14] September 11 attacks, Apollo program, ২০২০ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, আৰু COVID-19 pandemic সম্পৰ্কীয় ভিডিঅ'সমূহৰ তলত তথ্য পেনেল সংলগ্ন কৰা হয়।[15][16] এই পেনেলবোৰত তথ্য ৱিকিপিডিয়া, এনচাইক্লেডিয়া ব্ৰিটানিকা, দ্য ৱৰ্ল্ড ফ্যাক্টবুক, এছ'চিয়েটেড প্ৰেছ, চেণ্টাৰছ ফৰ ডিজেজ কণ্ট্ৰ'ল এণ্ড প্ৰিভেনচনৰ পৰা সংগৃহীত।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Wikipedia Is Finally Asking Big Tech to Pay Up" (en-US ভাষাত). Wired. ISSN 1059-1028. https://www.wired.com/story/wikipedia-finally-asking-big-tech-to-pay-up। আহৰণ কৰা হৈছে: 2021-06-20. 
  2. Helft, Miguel (15 December 2007). "Wikipedia Competitor Being Tested by Google" (en ভাষাত). The New York Times. https://www.nytimes.com/2007/12/15/technology/15web.html. 
  3. Sullivan, Danny (23 July 2008). "Google's Knol Launches: Like Wikipedia, With Moderation - Search Engine Land". Search Engine Land. https://searchengineland.com/googles-knol-launches-like-wikipedia-with-moderation-14434. 
  4. "Google Announces Plans To Shutter Knol, Friend Connect, Wave, And More" (en-US ভাষাত). TechCrunch. 22 November 2011. https://techcrunch.com/2011/11/22/google-announces-plans-to-shutter-knol-friend-connect-and-more/। আহৰণ কৰা হৈছে: 2022-05-05. 
  5. Teglet, Traian (15 May 2008). "Wikipedia Traffic, Mostly from Google" (en ভাষাত). softpedia. https://news.softpedia.com/news/Wikipedia-Traffic-Mostly-from-Google-85703.shtml. 
  6. Johnson, Bobbie (18 February 2010). "Wikipedia wins the Google lottery - but why?" (en ভাষাত). the Guardian. https://www.theguardian.com/technology/blog/2010/feb/18/wikipedia-google. 
  7. Walsh, Jay. "Wikimedia Foundation announces $2 million grant from Google". Wikimedia Foundationwikimediafoundation.org. https://wikimediafoundation.org/wiki/Press_releases/Wikimedia_Foundation_announces_$2_million_grant_from_Google। আহৰণ কৰা হৈছে: 27 January 2019. 
  8. Singhal, Amit (May 16, 2012). "Introducing the Knowledge Graph: Things, Not Strings". Google Official Blog. http://googleblog.blogspot.com/2012/05/introducing-knowledge-graph-things-not.html। আহৰণ কৰা হৈছে: January 23, 2022. 
  9. Dickey, Megan Rose (22 January 2019). "Google.org donates $2 million to Wikipedia's parent org". TechCrunch. https://techcrunch.com/2019/01/22/google-org-donates-2-million-to-wikipedias-parent-org/. 
  10. Litman-Navarro, Kevin (23 January 2019). "Google will conquer the world one charitable donation at a time" (en ভাষাত). The Outline. https://theoutline.com/post/6999/google-will-conquer-the-world-one-charitable-donation-at-a-time. 
  11. Gomes, Ben; Fuller, Jacquelline (22 January 2019). "Expanding knowledge access with the Wikimedia Foundation" (en ভাষাত). Google. https://blog.google/products/search/expanding-knowledge-access-wikimedia-foundation/. 
  12. Gruwell, Lisa (22 January 2019). "Google and Wikimedia Foundation partner to increase knowledge equity online". Wikimedia Foundation. https://wikimediafoundation.org/2019/01/22/google-and-wikimedia-foundation-partner-to-increase-knowledge-equity-online/. 
  13. Roth, Emma (June 22, 2022). "Google is paying the Wikimedia Foundation for better access to information". The Verge. https://www.theverge.com/2022/6/22/23178245/google-paying-wikimedia-foundation-information। আহৰণ কৰা হৈছে: June 23, 2022. 
  14. Etherington, Darrell (14 March 2018). "Wikipedia wasn't aware of YouTube's conspiracy video plan". TechCrunch. https://techcrunch.com/2018/03/14/wikipedia-wasnt-aware-of-youtubes-conspiracy-video-plan/. 
  15. "Election information panels - YouTube Help". support.google.com. https://support.google.com/youtube/answer/10047535?hl=en&ref_topic=9257092। আহৰণ কৰা হৈছে: 2022-05-05. 
  16. "Information panel giving topical context - YouTube Help". support.google.com. https://support.google.com/youtube/answer/9004474?hl=en। আহৰণ কৰা হৈছে: 2022-05-05.