সমললৈ যাওক

গুগল ছাইটচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুগল ছাইটচ
বিকাশক গুগল
প্ৰথম মুক্তি ২৮ ফেব্ৰুৱাৰী ২০০৮; ১৮ বছৰ আগত (2008-02-28)
প্লেটফৰ্ম ৱেব
প্ৰকাৰ ৱেবছাইট নিৰ্মাণ
সহযোগীতা মুলক ছফ্টৱেৰ
ৱেবছাইট sites.google.com/new
(নতুন সংস্কৰণ)
sites.google.com/site
(ক্লাছিক)

গুগল ছাইট হৈছে গুগলৰ দ্বাৰা প্ৰদান কৰা বিনামূলীয়া, ৱেব-ভিত্তিক গুগল ডকচ্ সম্পাদক চুইটৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা এটা গঠনমূলক ৱিকি আৰু ৱেব পৃষ্ঠা সৃষ্টি সঁজুলি। এই সেৱাত আছে গুগল ডকচ্, গুগল শ্বীট, গুগল স্লাইড, গুগল ড্ৰয়িং, গুগল ফৰ্ম, আৰু গুগল কিপ৷ গুগল চাইটসমূহ কেৱল ৱেবতহে উপলব্ধ।

গুগল চাইটছৰ আৰম্ভণি হৈছিল JotSpot নামৰ ছফ্টৱেৰ কোম্পানীৰ এটা একমাত্ৰ উৎপাদন হিচাপে, যি উদ্যোগভিত্তিক সামাজিক ছফ্টৱেৰ প্ৰদান কৰে। ইয়াক প্ৰধানকৈ ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ ব্যৱসায়ীক লক্ষ্য কৰি লোৱা হয়। 'এক্সাইট'ৰ সহ-প্ৰতিষ্ঠাপক জো ক্ৰাউছ আৰু গ্ৰেহাম স্পেন্সৰে এই কোম্পানীটো প্ৰতিষ্ঠা কৰে।

২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত জটস্পটক বিজনেছ ২.০, "নেক্সট নেট ২৫"ৰ অংশ হিচাপে মনোনীত কৰে,[1] আৰু ২০০৬ চনৰ মে' মাহত ইয়াক ইনফ'ৱৰ্ল্ডৰ "১৫ ষ্টাৰ্ট-আপ টু ৱাচ"ৰ অন্যতম হিচাপে সন্মানিত কৰা হয়।[2] ২০০৬ চনৰ অক্টোবৰ মাহত গুগলে জটস্পট অধিগ্ৰহণ কৰে।[3] গুগলে ২০০৭ চনত গুগল পেজ ক্ৰিয়েটৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা ৱেবপেজসমূহৰ (যাক "গুগল পেজ" বুলিও জনা যায়) গুগল চাইট চাৰ্ভাৰলৈ দীৰ্ঘদিনীয়া তথ্য পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। ২০০৮ চনৰ ২৮ ফেব্ৰুৱাৰীত জটস্পট প্ৰযুক্তি ব্যৱহাৰ কৰি গুগল চাইটসমূহ উন্মোচন কৰা হয়।[4] এই সেৱা বিনামূলীয়া আছিল, কিন্তু ব্যৱহাৰকাৰীসকলক এটা ডমেইন নামৰ প্ৰয়োজন আছিল, যিটো গুগলে ১০ ডলাৰত আগবঢ়াইছিল। কিন্তু ২০০৮ চনৰ ২১ মে’ৰ পৰা গুগল চাইটসমূহ বিনামূলীয়াকৈ, গুগল এপছৰ পৰা পৃথকে, আৰু ডমেইনৰ প্ৰয়োজন নোহোৱাকৈ উপলব্ধ হ’ল।[5]

২০১৬ চনৰ জুন মাহত গুগলে গুগল চাইট প্লেটফৰ্মৰ সম্পূৰ্ণ পুনৰ্নিৰ্মাণ প্ৰৱৰ্তন কৰে, যাৰ নাম নতুন গুগল চাইট কৰা হয়,[6][7] লগতে ক্লাছিক গুগল চাইটৰ পৰা পৰিৱৰ্তনৰ সময়সূচীও প্ৰৱৰ্তন কৰে।[8] নতুন গুগল চাইটত JotSpot প্ৰযুক্তি ব্যৱহাৰ কৰা হোৱা নাই।

২০২০ চনৰ আগষ্ট মাহত নতুন গুগল চাইট ৱেবছাইট সৃষ্টিৰ বাবে ডিফল্ট অপচন হৈ পৰে, আনহাতে ২০২১ চনৰ নৱেম্বৰ মাহত ক্লাছিক গুগল চাইটেৰে নিৰ্মিত সকলো ৱেবছাইট আৰ্কাইভ কৰা হয়।[9]

চেঞ্চৰশ্বিপ

[সম্পাদনা কৰক]

২০০৯ চনত তুৰ্কীৰ আঞ্চলিক আদালতে দিয়া ৰায়ৰ পিছত তুৰস্কত গুগল চাইটত হ'ষ্ট কৰা সকলো পৃষ্ঠা ব্লক কৰা হয়, কাৰণ ইয়াৰ এটা পৃষ্ঠাত তুৰস্কৰ প্ৰতিষ্ঠাপক মুস্তাফা কেমাল আটাতুৰ্কক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ২০১২ চনত ইউৰোপীয় মানৱ অধিকাৰ আদালতে (ECHR) এই বাধাক ইউৰোপীয় মানৱ অধিকাৰ সন্ধিৰ ১০ নং অনুচ্ছেদ উলংঘা কৰা বুলি ৰায় দিছিল (Yildirim v Turkey , 2012)।[10] ২০১৪ চনত এই ব্লক আঁতৰোৱা হৈছিল।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Schonfeld, Eric (February 28, 2008). "CNN's – The Webtop". con Mindy con mine.com. https://money.cnn.com/magazines/business2/business2_archive/2006/03/01/8370596/index.htm। আহৰণ কৰা হৈছে: February 28, 2008. 
  2. Gruman, Galen (May 15, 2006). "JotSpot delivers enterprise wikis and mashups". InfoWorld. http://www.infoworld.com/d/developer-world/jotspot-delivers-enterprise-wikis-and-mashups-327। আহৰণ কৰা হৈছে: February 29, 2008. 
  3. Spot on – Google Blog, November 1, 2006
  4. Auchard, Eric (February 28, 2008). "Google offers team Web site publishing service". Yahoo! News. https://news.yahoo.com/s/nm/20080228/tc_nm/google_sites_dc_1। আহৰণ কৰা হৈছে: February 28, 2008. 
  5. "Google Sites Help Group". May 22, 2008. https://groups.google.com/group/sites-help-suggestions/browse_thread/thread/b8ea11cfff75a45a। আহৰণ কৰা হৈছে: May 22, 2008. 
  6. Lardinois, Frederic. "Google's redesigned Google Sites goes live" (en ভাষাত). TechCrunch. https://techcrunch.com/2016/11/22/googles-redesigned-google-sites-goes-live/. 
  7. "Google Apps for Work – Email, Collaboration Tools And More". apps.google.com. Archived from the original on September 28, 2016. https://web.archive.org/web/20160928014024/https://apps.google.com/index__siteseap.html। আহৰণ কৰা হৈছে: June 20, 2016. 
  8. "An update on the classic Google Sites deprecation timeline" (en-US ভাষাত). G Suite Updates Blog. https://gsuiteupdates.googleblog.com/2017/05/an-update-on-classic-google-sites.html. 
  9. "Convert your classic Sites to new Sites - Sites Help". Google Sites Help. https://support.google.com/sites/answer/7035197। আহৰণ কৰা হৈছে: 2023-08-04. 
  10. [%22001-110116%22} "Yildirim v Turkey"]. European Court of Human Rights. https://hudoc.echr.coe.int/eng#{%22itemid%22:[%22001-110116%22]}। আহৰণ কৰা হৈছে: 2023-08-04.