গুগল ডক্স
| বিকাশক | গুগল |
|---|---|
| প্ৰথম মুক্তি | ২০০৬ |
| অপাৰেটিং চিষ্টেম | এণ্ড্ৰইড আৰু IOS |
গুগল ডক্স (ইংৰাজী: Google Docs) হৈছে গুগলৰ দ্বাৰা প্ৰদান কৰা বা বিকশিত এক বিনামূলীয়া ৱেব-ভিত্তিক লিখনি বা নথি-পত্ৰ প্ৰস্তুতকাৰী সেৱা বা সজুঁলি।ই গুগল ৱৰ্কস্পেছ আৰু গুগল ড্ৰাইভৰ এক অংশ। গুগল ডক্সত ব্যৱহাৰকাৰীয়ে অনলাইনতে নথি-পত্ৰ সৃষ্টি, সম্পাদনা, সংৰক্ষণ আৰু অন্য লোকৰ সৈতে ভাগ-বতৰা কৰিব পৰে।
ইতিহাস
[সম্পাদনা কৰক]গুগল ডক্সৰ উৎপত্তি Writely নামৰ এক অনলাইন লেখনী প্লাটফৰ্মৰ পৰা, যাক ২০০৫ চনত Upstartle নামৰ কোম্পানীয়ে উদ্বোধন কৰিছিল। ২০০৬ চনত গুগলে Writely ক্ৰয় কৰে আৰু গুগল স্প্ৰেডশ্বীটৰ লগত সমন্বয় ঘটাই 'গুগল ডক্স' নামৰ নতুন উৎপাদনশীলতা সজুঁলিৰ সূচনা কৰে। সময়ৰ লগে লগে ই বিশ্বব্যাপী ব্যৱহাৰকাৰীসকলৰ অন্যতম প্ৰিয় অনলাইন ৱৰ্ড প্ৰ'চেছৰ বা লিখনি প্ৰস্তুত, সংৰক্ষণ আৰু সম্পাদনা সজুঁলি হৈ পৰে।[1]
২০০৯ চনত গুগল ডক্সে নতুন ব্যৱহাৰকাৰীৰ আন্তঃপৃষ্ঠ আৰু উন্নত সহযোগিতামুলক কাৰ্যদক্ষতাৰ সংযোজন কৰে। ২০১২ চনত গুগল ড্ৰাইভ লঞ্চ হোৱাৰ পিছত গুগল ডক্সক গুগল ড্ৰাইভৰ মূল অংশ হিচাপে ধৰা হয়।[2]
ম'বাইল সংস্কৰণ
[সম্পাদনা কৰক]গুগল ডক্স এণ্ড্ৰইড আৰু আই.অ'.এছ উভয় প্লাটফৰ্মতে উপলব্ধ। গুগল ডক্সৰ প্ৰথম মোবাইল সংস্কৰণ ২০১১ মুকলি কৰা হৈছিল।মোবাইল সংস্কৰণত সম্পাদনা,ভাগ-বতৰা,সংৰক্ষণ,voice Typing আদি সুবিধাসমূহ উপলব্ধ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chang, Emily (October 5, 2005). "eHub Interviews Writely". eHub. http://emilychang.com/ehub/app/ehub-interviews-writely/। আহৰণ কৰা হৈছে: October 29, 2025.
- ↑ "A new look for the Google Docs, Sheets, and Slides viewers on the mobile web". G Suite Updates. July 27, 2015. https://gsuiteupdates.googleblog.com/2015/07/a-new-look-for-google-docs-sheets-and.html। আহৰণ কৰা হৈছে: November 22, 2025.
